নিউজ ডেস্ক, 13 অক্টোবৰ: দেশজুৰি শনিবাৰে উদযাপন কৰা হয় দশেৰা ৷ লংকাধিপতি ৰাৱণৰ পুত্তলিকা দাহ কৰি সমাজৰ পৰা অপশক্তি নাশৰ বাবে কামনা কৰে সকলোৱে ৷ দেশৰ ৰাজধানী দিল্লীতো দেখা গৈছে দশেৰা উপলক্ষে ৰামলীলাৰ ব্যাপক আয়োজন ৷ কিন্তু এই উদযাপনৰ মাজতে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ মঞ্চত কুম্ভকৰ্ণৰ ভাও দি চিৰনিদ্ৰাত শুই পৰিল এগৰাকী শিল্পী ৷ দক্ষিণ দিল্লীত শুকুৰবাৰে নিশা অনুষ্ঠিত ৰামলীলাৰ অনুষ্ঠানত এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনাইছে ৷
পশ্চিম বিহাৰৰ নিবাসী বিক্ৰম তনেজা নামৰ 60 বছৰীয়া শিল্পীগৰাকীয়ে মালব্য নগৰৰ সাবিত্ৰী নগৰ ৰামলীলা অনুষ্ঠানত কুম্ভকৰ্ণৰ ভাও দি আছিল ৷ তেতিয়াই তেওঁ বুকুত তীব্ৰ বিষ অনুভৱ কৰে ৷ তেওঁক আকাশ হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁক পি এছ আৰ আই হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ শনিবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে ৷
এগৰাকী আৰক্ষী বিষয়াই কয় বিক্ৰমৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতে ঘটিছে ৷ তেওঁ লগতে কয় যে পৰিয়ালৰ সদস্যৰ বক্তব্য ৰেকৰ্ড কৰা হৈছে আৰু কোনো অভিযোগ উত্থাপন হোৱা নাই ৷