কোৰবা:ছত্তীশগড়ৰ গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ পাঁচজন দোষীক আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে । ২০২১ চনৰ ছত্তীশগড় গণধৰ্ষণ আৰু তিনিটা হত্যাকাণ্ডৰ গোচৰৰ পাঁচজন দোষীক এই চৰম শাস্তি প্ৰদান কৰা হৈছে । আনহাতে, সোমবাৰে ৰাজ্যখনৰ কোৰবা জিলাৰ এখন আদালতে ষষ্ঠজন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
কোৰবাৰ এখন আদালতে পাহাৰী কোৰৱা সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ ৩ জন সদস্যক হত্যা কৰাৰ গোচৰত এক ঐতিহাসিক ৰায় প্ৰদান কৰে । আদালতে এই গোচৰটোত পাঁচজন অভিযুক্তক মৃত্যুদণ্ড বিহিছে । অৱশ্য়ে এই ঘটনাটোৰ সৈতে জড়িত আন এজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে । উল্লেখ্য় যে এই শুনানি ২০২১ চনৰ জানুৱাৰীৰ পৰা চলি আছিল । ন্যায়াধীশ মমতা ভোজৱানীৰ ফাষ্ট ট্ৰেক আদালতে সোমবাৰে সন্ধিয়া এই ঐতিহাসিক ৰায় প্ৰদান কৰে ।
শুনানিৰ পিছত শাস্তি ঘোষণা কৰোতে ন্যায়াধীশ মমতা ভোজৱানীয়ে কয়, "এয়া এক অমানৱীয় আৰু নিৰ্মম কাৰ্য... ৷ কামনা পূৰণ কৰিবলৈ নিৰীহ আৰু দুৰ্বল লোকসকলক হত্যা কৰা হৈছে । আজীৱন কাৰাবাসৰ সাধাৰণ নিয়মৰ সলনি মৃত্যুদণ্ডৰ ব্যতিক্ৰম বাছনি কৰাৰ বাহিৰে এই আদালতৰ আন কোনো বিকল্প বাকী নাই ।"
মৃত্যুদণ্ডৰে দণ্ডিত দোষীসকলৰ ভিতৰত আছে সৎৰাম মাঁঝৱাৰ (অপৰাধৰ সময়ত ৪৫ বছৰ), অনিল কুমাৰ সাৰথি (২০), পৰদেশী দাস (৩৫), আনন্দ দাস (২৬) আৰু আব্দুল জব্বাৰ ওৰফে বিকি মেমন (২৯) । তেওঁলোক কোৰবা লেমৰু অঞ্চলৰ বাসিন্দা । আদালতে দোষী উমাশংকৰ যাদৱক (২২) যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে ।
ভুক্তভোগীয়ে 4 দিন ধৰি ভুগিছিল :
চৰকাৰী অধিবক্তা সুনীল সিঙে কয় যে ভুক্তভোগী পৰিয়ালটোৱে লেমৰু অঞ্চলৰ সত্ৰেঙ্গা গাঁৱত বাস কৰা সৎৰামৰ ঘৰত গৰু চৰাইছিল । গোচৰটোৰ বিৱৰণ দি তেওঁ কয় যে সৎৰামে পৰিয়ালটোক মাহে ৮,০০০ টকা আৰু ১০ কিলোগ্ৰাম চাউল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।
অৱশ্যে,তেওঁ গৰু চৰাবলৈ মাত্ৰ 600 টকা আৰু 10 কিলোগ্ৰাম চাউল দিছিল । সেইবাবে পৰিয়ালটোৱে 29 জানুৱাৰীত তেওঁৰ ঘৰ এৰি গুছি গৈছিল বুলি অধিবক্তাই কয়। পৰিয়ালৰ সদস্যসকল সত্ৰেঙ্গা বাছ ষ্টেণ্ডত থিয় হৈ থাকোতেই সৎৰাম তাত উপস্থিত হৈ কয় যে তেওঁ তেওঁলোকক তেওঁৰ সঙ্গীসকলৰ সৈতে বাইকত ঘৰত থৈ আহিব ।