নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ :ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ৮১৪ অপহৰণৰ দুটা দশকৰো অধিক সময়ৰ পাচত পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে । কাৰণ এই ঘটনাৰ আধাৰত জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত শেহতীয়াকৈ মুক্তি পাইছে এখন ৱেব ছিৰিজ । অনুভৱ সিনহাৰ পৰিচালনাত নিৰ্মিত আইচি ৮১৪-কান্দাহাৰ হাইজেক ৱেব ছিৰিজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় বাৰ্মা, নাছিৰুদ্দিন শ্বাহ, পংকজ কাপুৰ, অৰবিন্দ স্বামী আৰু দিয়া মিৰ্জাই ।
ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া বিমান অপহৰণৰ লগত জড়িত অপহৰণকাৰীক চিত্ৰিত কৰা ছবিখনে বিতৰ্কৰ সৃষ্টি কৰিছে । কাঠমাণ্ডুৰ পৰা নতুন দিল্লীলৈ অহা আই চি ৮১৪ বিমানখন ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে অপহৰণ কৰি অমৃতসৰ, লাহোৰ, ডুবাইকে ধৰি বিভিন্ন স্থানলৈ লৈ যোৱা হয় । অৱশেষত বিমানখন তেতিয়াৰ তালিবান শাসিত আফগানিস্তানৰ কান্দাহাৰত অৱতৰণ কৰোৱা হয় ।
অৱশ্যে ৮ দিনৰ দীঘলীয়া সময়ৰ অন্তত ভাৰতে পণবন্দীসকলৰ বিনিময়ত তিনিজন সন্ত্ৰাসবাদী– আহমেদ ওমৰ ছাইদ শ্বেখ, মাছুদ আজহাৰ আৰু মুস্তাক আহমেদ জাৰগাৰক মুকলি কৰি দিবলৈ অপহৰণকাৰীৰ দাবী মানি লৈছিল । মুক্তি পোৱা সন্ত্ৰাসবাদীসকলৰ ভিতৰত অন্যতম মাছুদ আজহাৰে পৰৱৰ্তী সময়ত ২০১৯ চনৰ পুলৱামা আক্ৰমণকে ধৰি ভাৰতৰ ওপৰত কেইবাটাও আক্ৰমণৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা সন্ত্ৰাসবাদী সংগঠন জয়ছ-ই-মহম্মদ গঠন কৰে ।
- বিমানখনত ১৭৬ জন যাত্ৰী আছিল
উল্লেখ্য যে, ১৯৯৯ চনত অপহৰণ কৰা এই বিমানখনত মুঠ ১৭৬ জন যাত্ৰী আছিল । কিছুমান হাই প্ৰফাইল যাত্ৰীও আছিল এই বিমানখনত । বিশ্বাস কৰা হয় যে বিমানখনত এজন ভিআইপি যাত্ৰীৰ উপস্থিতিয়ে ভাৰতৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰিছিল । এই যাত্ৰীজনৰ নাম আছিল ৰবাৰ্ট’ জিঅ’ৰী ।
এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ৰবাৰ্ট’ জিঅ’ৰী কোন আৰু কি কাৰণত ভাৰত আন্তঃৰাষ্ট্ৰীয় চাপৰ সন্মুখীন হৈছিল ? গতিকে ৰবাৰ্ট’ জিঅ’ৰীৰ বিষয়ে জানো আহক-
- ৰবাৰ্ট’ জিঅ’ৰী কোন ?