নিউজ ডেস্ক, 6 জুলাই : বিভিন্ন সময়ত ভিন্ন লোক আৰক্ষীৰ কাষ চাপে কাৰোবাৰ বিৰুদ্ধে গোচৰ লৈ ৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰে ৷ কিন্তু এগৰাকী মহিলাই থানালৈ যিটো গোচৰ লৈ গ’ল, সেই গোচৰ লাভ কৰি আৰক্ষী বিপাঙত পৰাই নহয়, বহু সময় স্তব্ধ হৈ পৰিল ৷ কিয়নো, মহিলাগৰাকীয়ে থানাত এজাহাৰ দিছে দুটাকৈ ভূতৰ বিৰুদ্ধে ৷
মহিলাগৰাকীৰ অভিযোগ অনুসৰি দুটা ভূতে তেওঁৰ শোৱা-খোৱা সকলো হৰিছে ৷ ভূত দুটাৰ উৎপাতত মহিলাগৰাকী থাকিব পৰা নাই ৷ আৰক্ষীৰ কাষ চপাৰ পূৰ্বে মহিলাগৰাকীয়ে যথেষ্ট চেষ্টা কৰিলে অশান্তিৰ সৃষ্টি কৰা ভূত দুটাক এশিকনি দিবলৈ, কিন্তু নোৱাৰিলে ৷ সেয়ে উপায়ন্তৰ হৈ উপস্থিত হ’ল থানাত ৷ এজাহাৰ দাখিল কৰিলে ভূত দুটাৰ বিৰুদ্ধে ৷
কাহানিও নুশুনা সত্য ঘটনাটো মধ্য প্ৰদেশৰ জবলপুৰৰ ৷ জবলপুৰৰ সঞ্জীৱনী নগৰ অঞ্চলৰ এগৰাকী বৃদ্ধাই ভূতৰ বিৰুদ্ধে অভিযোগ লৈ আৰক্ষী থানাত উপস্থিত হয় ৷ ইয়াৰ পিচতে কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰক্ষী ৷ স্নাতক ডিগ্ৰীধাৰী মহিলাগৰাকীয়ে জবলপুৰৰ সঞ্জীৱনী নগৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ আছে যে কাৰাগাৰত থকা বাপ দাদা নামৰ এজন তান্ত্ৰিকে ভূতৰ জৰিয়তে তেওঁক হাৰাশাস্তি কৰি আছে ৷ তান্ত্ৰিকজনে কাৰাগাৰৰ পৰাই ভূতবোৰ নিয়ন্ত্ৰণ কৰি আছে ৷ আৰক্ষীয়ে মহিলাগৰাকীক পাৰ্যমানে বুজনি দিয়ে যে ভূতৰ অস্তিত্ব নাই ৷ তথাপি মহিলাগৰাকীক সম্পূৰ্ণ সহায় কৰিব বুলি আৰক্ষীয়ে আশ্বাস দিয়ে ৷
লগতে পঢ়ক:ঘৰত থাকিব নোৱাৰা হৈছে এটা পৰিয়াল; চকুৰ আগত দেখিছে অদ্ভূত কিছুমান ঘটনা