নিউজ ডেস্ক, 31 জানুৱাৰী :নিজৰ জীৱনকো তুচ্ছা জ্ঞান কৰি যুদ্ধ জৰ্জৰ ইজৰাইললৈ যাব ভাৰত 5,020 জন শ্ৰমিক ৷ কেৱল পেটৰ তাড়নাত ইজৰাইললৈ যাব হাজাৰ হাজাৰ শ্ৰমিক ৷ বিশ্বৰ শীৰ্ষ পাঁচখন ৰাষ্ট্ৰৰ ভিতৰত ভাৰত এখন হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবীৰ কৰাৰ সময়তে কামৰ সন্ধানত ভাৰতৰ হাজাৰ হাজাৰ শ্ৰমিক ইজৰাইললৈ যাবলৈ সাজু হৈছে ৷ উল্লেখ্য যে, ইজৰাইল-হামাছৰ যুদ্ধৰ বাবে ইজৰাইলত শ্ৰমিকৰ নাটনি হৈছে ৷ সেয়ে ইজৰাইল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিৰ অংশ হিচাপে যুদ্ধবিধ্বস্ত ইজৰাইললৈ 5,020 জন শ্ৰমিক ভাৰতৰ পৰা যাব ৷
ইফালে 7,094 জন প্ৰাৰ্থীৰ পৰা প্ৰায় 5,020 জন দক্ষ শ্ৰমিকক ইজৰাইললৈ প্ৰেৰণ কৰা হৈছে ৷ আই টি আই আলিগঞ্জত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ সহযোগত ইজৰাইল চৰকাৰৰ এটা দলৰ উপস্থিতিত সপ্তাহজোৰা শ্ৰমিকৰ বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল ৷ নিৰ্বাচিত শ্ৰমিকসকলে প্লাষ্টাৰিং আৰু চিৰামিক টাইলিঙৰ লগতে অন্যান্য কামৰ বাবে শ্ৰমিক হিচাপে কাম কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে ৷