নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী:এগৰাকী অভিনেত্ৰীৰ হঠাৎ মৃত্যু হয়তো চাঞ্চল্যকৰ আৰু সমানেই দৃষ্টি আকৰ্ষণকাৰী । তাতোকৈ আচৰিত কথাটো হ’ল যেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজেই ভুল তথ্যৰ আশ্ৰয় লয় আৰু কেন্সাৰৰ বাবে নিজৰ মৃত্যু হোৱা বুলি মিছাকৈয়ে দাবী কৰে । প্ৰশ্ন উত্থাপন হোৱা কথাটো হ’ল মডেল পুনম পাণ্ডেই নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চাৰ্ভাইকেল কেন্সাৰৰ সজাগতাৰ নাম লৈ নিজৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল ৷ এই ঘটনা আৰু ইয়াক কিয় গুৰুত্বসহকাৰে ল’ব লাগে সেই সন্দৰ্ভত ইটিভি ভাৰতে সাক্ষাৎ কৰিছিল তথ্য পৰীক্ষণ বিশেষজ্ঞ মুৰলীকৃষ্ণন চিন্নাদুৰাইক ৷
ইটিভি :এজন তথ্য পৰীক্ষক হিচাপে আপুনি ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ মৃত্যুৰ ঘটনাটো কেনেদৰে গ্ৰহণ কৰিছে ?
চিন্নাদুৰাই :প্ৰথমে এই খবৰ আহিছিল পাণ্ডেৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজযোগে । এই সন্দৰ্ভত আন ক’তো তথ্য পোৱা নগ’ল । ইনষ্টাগ্ৰাম পেজৰ এই দাবীৰ সমৰ্থনত কোনো চিকিৎসা প্ৰমাণ পোৱা নগ’ল । তিনিদিন পূৰ্বে মুম্বাইত ৰেড কাৰ্পেটত খোজ কাঢ়ি যোৱা ব্যক্তিজনৰ ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰটো মুঠেই পতিয়ন যোগ্য নাছিল ।
অৱশ্যে অফিচিয়েল ইনষ্টাগ্ৰাম পেজত প্ৰকাশ পোৱাৰ বাবে বিভিন্ন সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰে । তথাপিও নথি-পত্ৰ আৰু প্ৰমাণৰ ভিত্তিত তথ্য-পৰীক্ষা কৰিব পৰা গ’লহেঁতেন । তেওঁৰ ‘মৃত্যু’ নিশ্চিত কৰা চিকিৎসা প্ৰতিবেদন আৰু মৃতকৰ মৃতদেহৰ অৱস্থা জানিব নোৱাৰাৰ বাবে তথ্য পৰীক্ষা কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছিল ।
ইটিভি :এই ভুৱা বাতৰিটোৰ প্ৰকৃত সত্য প্ৰকাশ হোৱাত কিয় পলম হ’ল ?
চিন্নাদুৰাই : 2 ফেব্ৰুৱাৰীৰ পুৱা পুনম পাণ্ডেৰ মৃত্যুৰ দাবী কৰি এটা ভুৱা ইনষ্টাগ্ৰাম পোষ্ট অভিনেত্ৰীগৰাকীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টযোগে পোষ্ট কৰা হয় । কিন্তু এই সন্দৰ্ভত ততাতৈয়াকৈ তেওঁৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল । তেওঁৰ বন্ধু মুনাৱাৰ ফাৰুকিয়েও নিজৰ অফিচিয়েল পেজযোগে এই খবৰটো শুনি তেওঁ স্তম্ভিত হৈ পৰিছিল আৰু আৱেগিক হৈ পৰিছে বুলি উল্লেখ কৰিছিল ।
বিয়লি 4 বজালৈকে এই সন্দৰ্ভত কোনো প্ৰমাণ পোৱা নগ’ল বাবে এই বাতৰিৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে তথ্য পৰীক্ষা বিশেষজ্ঞৰ ৰাষ্ট্ৰীয় পেনেলে । এই তথ্য নিশ্চিত কৰিবলৈ মুম্বাইৰ এজন তথ্য পৰীক্ষকে বিভিন্ন পৰ্যায়ত পুনম পাণ্ডেৰ ঘনিষ্ঠ বিভিন্ন লোকৰ সৈতে যোগাযোগ কৰে । তথ্য পৰীক্ষকে এই সিদ্ধান্তত উপনীত হ’ল যে পাণ্ডেৰ মৃত্যুৰ খবৰটো সঁচা নহয় ।
কিন্তু প্ৰমাণৰ ভিত্তিত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে ইয়াক আনুষ্ঠানিকভাৱে ভুৱা বুলি উলাই কৰিব পৰা নগ’ল । এই ধৰণৰ ভুৱা বাতৰিক POST TRUTH বুলি ক’ব পাৰি । অৰ্থাৎ সংশ্লিষ্ট ব্যক্তি বা তেওঁলোকৰ পৰিয়ালে অস্বীকাৰ নকৰিলে মিছা বুলি প্ৰতিষ্ঠা কৰাটো কঠিন ।
ইটিভি : ছাৰ্ভাইকেল কেন্সাৰৰ সজাগতা সৃষ্টিৰ বাবে নিজৰ মৃত্যু ঘটা বুলি দাবী কৰে পুনম পাণ্ডেই । এই কথাটো কিয় ইতিবাচকভাৱে ল’ব নোৱাৰি ?
চিন্নাদুৰাই : ইয়াক ইতিবাচক বুলি ধৰিব নোৱাৰি । উদ্দেশ্য যিয়েই নহওক কিয়, এই কৌশল মৌলিকভাৱে ত্ৰুটিপূৰ্ণ । কাৰণ হ’ল মৃত্যুৰ একক ভুল তথ্যই এই ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ইয়াৰ পৰা সুস্থ হৈ উঠাসকলৰ আশাক ভেঙুচালি কৰে । এই মানসিক যুদ্ধৰ প্ৰভাৱৰ পৰা ভুক্তভোগী আৰু তেওঁলোকৰ ঘনিষ্ঠ লোকসকলৰ সুস্থ হৈ উঠাটো ইমান সহজ নহয় । যদি সজাগতাই লক্ষ্য হয়, তেন্তে সৎ পথ বাছি লোৱাটোৱেই হ’ব সমাধান, মিছা তথ্য অভিযানৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে ।