অসম

assam

ETV Bharat / bharat

টুটিঙত ভাৰতীয় সেনাৰ আদৰণীয় পদক্ষেপ - Indian Army

Indian Army: ভাৰতীয় সেনাই টুটিঙত কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে । শিক্ষাৰ্থীসকলক সেনাৰ বিভিন্ন অস্ত্ৰ অন্বেষণৰ সুযোগ দিয়া হয় । শিক্ষাৰ্থীৰ সন্মুখত সেনাৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কাহিনীও বৰ্ণনা কৰা হয় । সেনাৰ বিষয়াৰ সৈতে শিক্ষাৰ্থীসকলে মত-বিনিময় কৰে ।

Indian Army
টুটিঙত ভাৰতীয় সেনাৰ আদৰণীয় পদক্ষেপ (Indian Army)

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 3:16 PM IST

তেজপুৰ,১১ আগষ্ট :সেনাৰ ত্যাগ আৰু দেশৰ প্ৰতি তেওঁলোকৰ অৱদান সম্পৰ্কে শিক্ষাৰ্থীসকলক সজাগতাৰ উদ্দেশ্যে ভাৰতীয় সেনাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । তাৰ অংশ হিচাপে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে শুকুৰবাৰে পূৱ অৰুণাচল প্ৰদেশৰ টুটিঙত কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে । সেনাৰ শিবিৰলৈ অহা বিদ্যালয়খনৰ প্ৰায় ১০০ জনীয়া এটা দলক সেনাই বিভিন্ন বিষয়ত সজাগতাৰ প্ৰয়াস কৰে ।

সেনাৰ শিবিৰত শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ (Indian Army)

শিক্ষাৰ্থীক সেনাৰ সামৰিক সঁজুলি অন্বেষণৰ সুবিধা :

কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সেনা শিবিৰত বিভিন্ন ধৰণৰ নতুন নতুন অভিজ্ঞতা লাভ কৰে । শিক্ষাৰ্থীসকলক ভাৰতীয় সেনাৰ ৰাইফল, আৰ্টিলাৰী গান আৰু শেহতীয়া গেজেটকে ধৰি বিভিন্ন সামৰিক সঁজুলি অন্বেষণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰা হয় । গুৱাহাটীস্থ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে এক বিবৃতিত এই কথা উল্লেখ কৰে । উল্লেখ্য যে টুটিং হৈছে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ সীমান্তৱৰ্তী অঞ্চল ।

সেনাৰ শিবিৰত শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ (Indian Army)

ৰাৱটে কয়,"এনে ধৰণৰ অনুপ্ৰেৰণামূলক কাৰ্যসূচী বহু বছৰ আগতে ভাৰতীয় সেনাই আৰম্ভ কৰিছিল । শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিবলৈ সেনাই এই কাৰ্যসূচী আৰম্ভ কৰিছিল । এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল শৌৰ্য চক্ৰ সন্মানপ্ৰাপ্ত হাবিলদাৰ ঋষি কুমাৰ ৰায়ৰ অনুপ্ৰেৰণামূলক বক্তৃতা । তেওঁ সাহসিকতা আৰু তেওঁৰ নিজৰ অভিজ্ঞতাৰ কাহিনী বৰ্ণনা কৰে, য'ত তেওঁ জীৱনৰ প্ৰতি যথেষ্ট প্ৰতিকূলতা আৰু বিপদৰ সন্মুখীন হৈ সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ সুযোগ পাইছিল ।" বিবৃতি অনুসৰি শিক্ষাৰ্থীসকল তেওঁৰ জ্ঞান আৰু উৎসাহৰ কথাৰ দ্বাৰা যথেষ্ট আকৰ্ষিত হৈছিল ।

সেনাৰ শিবিৰত শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ (Indian Army)

সেনাৰ সৈতে মত-বিনিময় :

পৰৱৰ্তী সময়ত ভাৰতীয় সেনাত যোগদানৰ লাভালাভ আৰু প্ৰক্ৰিয়াৰ ওপৰতো শিক্ষাৰ্থীসকলৰ সন্মুখত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ শেষত শিক্ষাৰ্থী আৰু সেনাৰ বিষয়াসকলৰ মাজত এক মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয় । এই অনুষ্ঠানত শিক্ষাৰ্থীসকলে সেনাৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে । ৰাৱটে কয়, "এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যুৱ মনক ভাৰতীয় সেনাত কেৰিয়াৰ বিবেচনা কৰিবলৈ অনুপ্ৰাণিত কৰা আৰু তেওঁলোকৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ অনুভূতি বৃদ্ধি কৰা ।"

লগতে পঢ়ক :ৰাজধানী দিল্লীৰ স্বাধীনতা দিৱসৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অসমৰ 4 শিক্ষাৰ্থী - 78th Independence Day

ABOUT THE AUTHOR

...view details