নতুন দিল্লী: দ্বিপক্ষিক সম্পৰ্ক উন্নীতকৰণৰ লক্ষ্যৰে ভাৰত আৰু শ্ৰীলংকাৰ মাজত নতুন দিল্লীত স্বাক্ষৰিত হ’ল কেবাখনো বুজাবুজি চুক্তি ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ উপস্থিতিত সোমবাৰে স্বাক্ষৰিত হয় এই চুক্তি ৷
চুক্তি স্বাক্ষৰৰ পাছতেই দুয়োগৰাকী নেতাই এখন যুটীয়া সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ বিকাশত ভাৰতৰ গুৰুত্বপূৰ্ণ অৰিহণাৰ বিষয়ে আলোকপাত কৰে ৷ ‘‘ভাৰতে এতিয়ালৈকে শ্ৰীলংকাক ঋণ আৰু অনুদান হিচাপে ৫ বিলিয়ন ডলাৰৰ সহায় আগবঢ়াইছে । শ্ৰীলংকাৰ ২৫খন জিলাতে আমাৰ সহযোগিতা আছে আৰু আমাৰ প্ৰকল্পসমূহৰ নিৰ্বাচন সদায় অংশীদাৰ দেশসমূহৰ উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি কৰা হয় ৷’’ মোদীয়ে কয় ৷
মহো-অনুৰাধাপুৰা ৰে’লৱে সংকেত ব্যৱস্থা আৰু কংকেসন্থুৰাই বন্দৰ পুনৰ সংস্থাপনৰ বাবে ভাৰতে সাহাৰ্য প্ৰদানৰ সিদ্ধান্তও ঘোষণা কৰে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ সৈতে ভাৰতৰ উন্নয়নমূলক সহযোগিতাৰ অধীনত নতুন পদক্ষেপৰ বিষয়ে আৰু বিশদভাৱে উল্লেখ কৰে ৷ তেওঁ কয়, ‘‘অহা বছৰৰ পৰা জাফনা আৰু ইষ্টাৰ্ণ প্ৰভিন্সৰ বিশ্ববিদ্যালয়ত ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীক মাহেকীয়া বৃত্তি প্ৰদান কৰা হ'ব ৷ অহা পাঁচ বছৰত ভাৰতত শ্ৰীলংকাৰ ১৫০০ চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হ'ব ৷’’