অসম

assam

ETV Bharat / bharat

ভাৰতে দক্ষিণ-পূব এছিয়াত প্ৰদান কৰিছে সুলভ চিকিৎসা সেৱা : কেন্দ্ৰীয় স্বাস্থ্য সচিব - WHO South East Asia Region

WHO South East Asia Region : জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলৰ বৈঠকত ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিবে দাবী কৰে যে স্বাস্থ্যৰ ক্ষেত্ৰত দক্ষিণ-পূব এছিয়াক উৎসাহিত কৰাৰ বাবে ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিছে । বিভিন্ন ডিজিটেল সেৱাৰ জৰিয়তে ভাৰতে কেনেদৰে ক'ভিড পৰিস্থিতিৰ মোকাবিলা কৰিছিল সেই সম্পৰ্কেও বৈঠকত উল্লেখ কৰা হয় ।

India providing strength to SEARO region
ভাৰতে দক্ষিণ-পূব এছিয়াত প্ৰদান কৰিছে সুলভ চিকিৎসা সেৱা (ANI)

By ANI

Published : May 28, 2024, 8:02 AM IST

নেশ্যনেল ডেস্ক, ২৮ মে':কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলত কোটি কোটি লোকৰ স্বাস্থ্য আৰু কল্যাণ আগবঢ়োৱাৰ ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে আৰু বিশ্বৰ ফাৰ্মা ৰাজধানী হিচাপে ভাৰতে সুলভ চিকিৎসা হস্তক্ষেপৰ ক্ষেত্ৰত দক্ষিণ-পূব এছিয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক কাৰ্যালয়ক শক্তি প্ৰদান কৰি আছে বুলি গুৰুত্ব আৰোপ কৰে ।

জেনেভাত অনুষ্ঠিত এই বৈঠকৰ উদ্দেশ্য হৈছে দক্ষিণ পূব এছিয়া অঞ্চলত জনস্বাস্থ্যৰ মুখ্য কাৰ্যসূচীসমূহ ৰক্ষা কৰাৰ বাবে সদস্য ৰাষ্ট্ৰ, বিশ্ব স্বাস্থ্য সংস্থা আৰু অংশীদাৰসকলে সমন্বিত পদক্ষেপ গ্ৰহণৰ ৰণনীতি প্ৰস্তুত কৰা । বৈঠকখন ভাৰতৰ স্বাস্থ্যক্ষেত্ৰৰ যাত্ৰাৰ এটা ভিডিঅ'ৰ সৈতে আৰম্ভ হৈছিল । এই ভিডিঅ'ৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মিছনৰ ৪ টা স্তম্ভ প্ৰদৰ্শন কৰা হয় যিয়ে ভাৰতৰ নাগৰিকসকলৰ বাবে সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ প্ৰৱেশাধিকাৰ প্ৰদৰ্শন কৰে ।

সোমবাৰে সমবেত লোকসকলক সম্বোধন কৰি ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই কয় যে ভাৰতে ক'ভিড-১৯ মহামাৰীৰ সময়ত কোউইনৰ(CoWIN) দৰে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । ইয়াক আজি ইউউইন(UWIN) লৈ সলনি কৰা হৈছে । প্ৰতিটো শিশুৰ বাবে টিকাকৰণ ট্ৰেক কৰা আৰু ডিজিটেল প্ৰমাণপত্ৰ প্ৰস্তুত কৰাৰ বাবে এইটো এক ডিজিটেল প্লেটফৰ্ম ।

তেওঁ ভাৰতৰ আৰোগ্য মৈত্ৰী প্ৰকল্পৰ অধীনত বিকশিত এক অভিনৱ সামগ্ৰী বিএইচআইএছএম কিউবৰ (BHISM cube) বিষয়েও কয় । যি হৈছে ২০০ গৰাকী হতাহতৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰা আৰু অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত এক সংহত, মডুলাৰ চিকিৎসা সহায়ক কিউব । ইয়াক যিকোনো দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰি ।

অনুষ্ঠানটোত সদস্য দেশসমূহে টিকাকৰণ আৰু প্ৰতিষেধক বিতৰণ আৰু অসংক্ৰামক ৰোগ আদিৰ বিষয়ত আন দেশৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । অন্যান্য অংশগ্ৰহণকাৰীসকলে জৰুৰীকালীন অৱস্থাৰ বাবে স্বাস্থ্য প্ৰণালীৰ প্ৰস্তুতি শক্তিশালী কৰা, মহামাৰীৰ পিচত পুনৰুদ্ধাৰ, জলবায়ু সংকটৰ মোকাবিলা কৰা, বৰ্ধিত জনসংখ্যা আৰু মানসিক স্বাস্থ্যৰ জটিল সমস্যা, প্ৰাদেশিক আৰু জিলা পৰ্যায়ত স্বাস্থ্য সমস্যাৰ বিকেন্দ্ৰীকৰণ আৰু মহামাৰী প্ৰস্তুতি সঁহাৰি আৰু স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাৰ দৰে বিষয়বোৰ উত্থাপন কৰে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হেকালি ঝিমোমি, অতিৰিক্ত সচিব তথা পৰিচালনা সঞ্চালক (এনএইচএম) আৰাধনা পাটনায়ক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া বসন্ত গাৰ্গকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া অনুষ্ঠানটোত উপস্থিত থাকে । লগতে অনুষ্ঠানটোত দক্ষিণ-পূব এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক আৰু দক্ষিণ-পূব এছিয়া অঞ্চলত সক্ৰিয় মুখ্য উন্নয়ন অংশীদাৰ চাইমা ৱাজেদ উপস্থিত থাকে ।

এক্সৰ এটা পোষ্টত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় স্বাস্থ্য সচিবে বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলৰ কোটি কোটি লোকৰ স্বাস্থ্য আৰু কল্যাণৰ দিশত আগবাঢ়ি যোৱা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ আগবঢ়ায় । ভাষণত তেওঁ ভাৰতৰ ডিজিটেল প্ৰযুক্তি আৰু মঞ্চসমূহৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বেইজিং ভ্ৰমণ : ভাৰতত পৰিব নেকি বিৰূপ প্ৰভাৱ? - RUSSIA CHINA RELATIONS

ABOUT THE AUTHOR

...view details