ETV Bharat / bharat

দেশৰ ১৪ ৰাজ্যত উপ-নিৰ্বাচন Live Updates: অসমত উৰিছে বিজেপিৰ জয়ৰ পতাকা - ASSEMBLY ELECTION 2024

bye election results 2024 live updates
দেশৰ ১৪ ৰাজ্যত উপ-নিৰ্বাচন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 10:53 AM IST

Updated : Nov 23, 2024, 4:45 PM IST

সমগ্ৰ দেশতে নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক কৌতুহল আৰম্ভ হৈছে । দেশৰ ১৪ খন ৰাজ্যত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন আৰু আজি আটাইকেইখন ৰাজ্যতে উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখন হৈছে ক্ৰমে অসম, বিহাৰ, ছত্তীশগড়, গুজৰাট, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মেঘালয়, পঞ্জাব, ৰাজস্থান, ছিকিম, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগ । ইয়াৰে ছিকিমৰ আটাইকেইখন আসনতে (২) ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী জয়ী হৈছে ।

ভোটগণনা অনুষ্ঠিত ৰাজ্যসমূহ-

  1. অসম-৫ খন আসন
  2. বিহাৰ-৪ খন আসন
  3. ছত্তীশগড়-১ খন আসন
  4. গুজৰাট- ১ খন আসন
  5. কৰ্ণাটক-৩ খন আসন
  6. কেৰালা-২ খন আসন
  7. মধ্যপ্ৰদেশ-২ খন আসন
  8. মেঘালয়-১ খন আসন
  9. পঞ্জাব-৪ খন আসন
  10. ৰাজস্থান-৭ খন আসন
  11. উত্তৰ প্ৰদেশ-৯ খন আসন
  12. উত্তৰাখণ্ড-১ খন আসন
  13. পশ্চিমবংগ-৬ খন আসন

LIVE FEED

5:32 PM, 23 Nov 2024 (IST)

ৰাজস্থানত এখন আসনতে সন্তুষ্ট কংগ্ৰেছ

ৰাজস্থান বিধানসভাৰ উপ-নিৰ্বাচনৰ ৭ খন আসনৰ ভিতৰতে ৫ খনতে বিজেপিৰ জয়লাভ । ঝুনঝুনুত ৰাজেন্দ্ৰ ভাম্বু, ৰামগড়ত সুখৱান্ত সিং, দেউলী-উনিয়াৰাত ৰাজেন্দ্ৰ গুৰজাৰ, খিনৱচাৰত ৰেৱান্ত ৰাম ডাঙ্গাৰ জয়লাভ । দৌচাত কংগ্ৰেছ প্ৰাৰ্থী দীলদয়ালৰ জয়লাভ আৰু চোৰাচিত ভাৰত আদিবাসী পাৰ্টীৰ অনিল কুমাৰ কাটাৰাৰ জয়লাভ ।

5:31 PM, 23 Nov 2024 (IST)

ধলাইত জয় মাত্ৰ সময়ৰ অপেক্ষা

ধলাইত ক্ৰমাৎ জয় নিশ্চিত হৈছে বিজেপিৰ৷ 16 ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ 9124 টা ভোটত অগ্রগতি লাভ কৰি আছে ৷

5:10 PM, 23 Nov 2024 (IST)

পঞ্জাৱৰ উপ-নিৰ্বাচনৰ ফলাফল

পঞ্জাৱৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে । ৪ খন আসনৰ ভিতৰত শাসকীয় আম আদমি পাৰ্টীয়ে ৩ খন আসনে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় । চাব্বেৱাল সমষ্টিত আপৰ প্ৰাৰ্থী ডঃ ঈশাংক কুমাৰ জয়ী । ডেৰা বাবা নানক সমষ্টিত আপৰ গুৰদীপ সিং ৰন্ধাৱাৰ জয়ী । গিডাৰবাহা সমষ্টিত হৰদীপ সিং দিম্পী ধিলন জয়ী । ইফালে বাৰনালা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কুলদীপ সিং ধিলন জয়ী হয় ।

4:47 PM, 23 Nov 2024 (IST)

ছত্তীশগড়ত শেষ হাঁহি মাৰিলে বিজেপিয়ে

ছত্তীশগড়ৰ ৰায়পুৰ দক্ষিণ বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ ছোনীয়ে জয়লাভ কৰে । কংগ্ৰেছ প্ৰাৰ্থী আকাশ শৰ্মাতকৈ ৪৬,১৬৭ ভোটত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীয়ে ।

4:36 PM, 23 Nov 2024 (IST)

প্ৰথমবাৰৰ বাবে চামগুৰিত উৰিল বিজেপিৰ বিজয়ধ্বজ

২০২৬ চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক এক ডাঙৰ আঘাত দি বিজেপিয়ে দেশৰ পুৰণি দলটোৰ এক দুৰ্গস্বৰূপ চামগুৰি কাঢ়ি নিবলৈ সক্ষম হৈছে। বিজেপিয়ে সকলো প্ৰতিকূলতা অতিক্ৰম কৰিবলৈ সক্ষম হয় আৰু যুৱনেতা দিপ্লুৰঞ্জন শৰ্মাই কংগ্ৰেছৰ তাঞ্জিল হুছেইনক পৰাস্ত কৰি চামগুৰিত গেৰুৱা দলটোৰ বিজয়ৰ পতাকা উৰুৱাই। শৰ্মাই কংগ্ৰেছৰ শক্তিশালী নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলক ২২৭৫৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ শৰ্মাই 78628 টা ভোট লাভ কৰাৰ বিপৰীতে ৰকিবুল তনয় তাঞ্জিলে 55873 টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

4:33 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰত লোকসভাৰ উপ-নিৰ্বাচন;বিজেপিৰ অগ্ৰগতি

মহাৰাষ্ট্ৰৰ নান্দেদ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । অৱশ্যে বিজেপি প্ৰায় ৪১ হাজাৰ ভোটত আগবাঢ়ি আছে । বিজেপি প্ৰাৰ্থী ডাঃ সন্তুকৰাও মাৰোতৰাও হাম্বাৰ্ডেয়ে ৪,৬১,৮১০ ভোটেৰে আগবাঢ়ি আছে । ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী চৱন ৰবীন্দ্ৰ বসন্তৰাওয়ে ৪,২০,৪৭৬ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ।

4:26 PM, 23 Nov 2024 (IST)

চামগুৰিত ক্ৰমাৎ বৃহৎ জয়ৰ দিশে বিজেপি, ধলাই অক্ষত থকাৰ দিশত

চামগুৰি- 15 ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপিৰ দীপ্লুৰন্জন শৰ্মাৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ 22833 টা ভোটত অগ্ৰগতি

ধলাই- 15 ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ 9017 ভোটত অগ্রগতি ৷

4:17 PM, 23 Nov 2024 (IST)

পশ্চিমবংগত মমতা মেজিক

পশ্চিমবংগ বিধানসভাৰ ৬ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । উপ-নিৰ্বাচনতো মমতা বেনাৰ্জীৰ মেজিকে কাম কৰিলে । কংগ্ৰেছ, বিজেপি আদি সকলো দলে বিফল হ'ল নিৰ্বাচনত । চিতাই সমষ্টিত ১,৩০,৬৩৬ ভোটৰ ব্যৱধানত জয়লাভ টিএমচিৰ প্ৰাৰ্থী সংগীতা ৰয়ৰ । মাদাৰীহাটত টিএমচিৰ জয়প্ৰকাশ টপ্পো ২৮,১৬৮ ভোটত জয়ী হয় । নাইহাটিত ছনত দে' ৪৯,২৭৭ ভোটৰ ব্যৱধানত জয়ী হয় । হাৰোৱাত ১,৩১,৩৮৮ লাখ ভোটত এছকে ৰাবিউল ইছলাম জয়ী হয় । এই বিজয়ে পুনৰ এবাৰ মমতা বেনাৰ্জীৰ দলে স্পষ্ট কৰিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ শাসনলৈ আহিলেও পশ্চিমবংগত এতিয়াও টিএমচিৰ ভেটি শক্তিশালী হৈয়ে আছে ।

4:01 PM, 23 Nov 2024 (IST)

খহিব ৰকিবুল হুছেইনৰ দুৰ্গ !

চামগুৰিত পোন প্ৰথম বাৰৰ বাবে জয় প্ৰায় নিশ্চিত হৈছে বিজেপিৰ ৷ প্ৰথমৰে পৰা যথেষ্ট উত্তেজনাৰ মাজৰে ভোটগণনা অব্যাহত থাকিলেও ক্ৰমাৎ স্পষ্ট হৈ উঠিছে ফলাফলৰ চিত্ৰ ৷ খহিব ৰকিবুল হুছেইনৰ দুৰ্গ ৷ 13 টা ৰাউণ্ড ভোটগণনাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনতকৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই 18,718 টা ভোটৰ বিশাল ব্যৱধানত আগবাঢ়ি আছে ৷ আৰু মাত্ৰ দুটা ৰাউণ্ডৰ ভোটগণনা বাকী থকাৰ সময়ত বিজেপিৰ জয় প্ৰায় স্পষ্ট হৈ পৰিছে ৷

3:40 PM, 23 Nov 2024 (IST)

চামগুৰিত ক্ৰমাৎ জয়ৰ দিশে আগুৱাইছে বিজেপি, ধলাইতো স্থিতি সবল

চামগুৰি- 12 ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপিৰ দীপ্লুৰন্জন শৰ্মাৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ 14311 টা ভোটত অগ্ৰগতি

ধলাই- 14 ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ 9869 ভোটত অগ্রগতি ৷

3:36 PM, 23 Nov 2024 (IST)

বিহাৰত ইণ্ডিয়া ব্লকৰ মুখথেকেচা

বিহাৰৰ ৪ খন বিধানসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফলত ইণ্ডিয়া ব্লক পৰাজয়ৰ সন্মুখীন হয় । আৰজেডিয়ে তিনিওখন আসনে হেৰুৱালে । এই পৰাজয়ৰ লগে লগে আৰজেডিয়ে বিধানসভাৰ সৰ্ববৃহৎ দলৰ মৰ্যাদাও হেৰুৱালে । একে সময়তে বিজেপি নতুনকৈ জয়লাভ কৰা দুখন আসনৰ সৈতে সৰ্ববৃহৎ দল হৈ পৰে ।

বিহাৰ বিধানসভাৰ মুঠ ২৪৩ জন সদস্য আছে । আৰজেডিৰ ৭৮ গৰাকী সদস্য আছিল, এতিয়া ইয়াৰ সংখ্যা হ'লগৈ ৭৬ টা । বিজেপিৰ ৭৮ গৰাকী বিধায়ক আছিল, এতিয়া ইয়াৰ ৮০ গৰাকী হ'ল । জেডি(ইউ)ৰ ৪৪ গৰাকী বিধায়ক আছে । কংগ্ৰেছৰ ১৯ গৰাকী । বাওঁপন্থীৰ ১৫ গৰাকী । এইচএএম দলৰ ৫ গৰাকী বিধায়ক আছে ।

3:34 PM, 23 Nov 2024 (IST)

বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত, অগপই নিজৰ দখলত ৰাখিলে বঙাইগাঁও

অসমত বিজেপি মিত্ৰজোঁটৰ আন এক ভাল প্ৰদৰ্শন এন ডি এয়ে বঙাইগাঁওৰ দুৰ্গটো ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাক ৩৫১৬৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হৈছে। সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীয়ে ৭৪৭৩৪টা ভোট লাভ কৰাৰ বিপৰীতে আৰক্ষীৰ পৰা ৰাজনীতিবিদ হোৱা সিনহাই ৩৯৫৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷

3:29 PM, 23 Nov 2024 (IST)

চামগুৰিত ক্ৰমাৎ আগুৱাইছে বিজেপি, 5-0 হোৱাৰ দিশত ফলাফল

চামগুৰি- 11 ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপিৰ দীপ্লুৰণ্জন শৰ্মাৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ 8814 টা ভোটত অগ্ৰগতি

বঙাইগাঁও- 21 ৰাউণ্ডৰ ভোট গণনাৰ অন্তত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহতকৈ 35164 ভোটত অগ্ৰগতি।

ধলাই- 12 ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ 6831 ভোটত অগ্রগতি ৷

3:14 PM, 23 Nov 2024 (IST)

পঞ্জাৱত আম আদমি পাৰ্টীৰ অগ্ৰগতি

পঞ্জাৱত শাসকীয় আম আদমি পাৰ্টী শক্তিশালী স্থিতিত আছে । চাব্বেৱাল সমষ্টিত ইতিমধ্যে আপৰ প্ৰাৰ্থী ডঃ ঈশাংক কুমাৰ জয়ী হৈছে । নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰঞ্জিত কুমাৰতকৈ ২৮,৬৯০ ভোটৰ ব্যৱধানত জয়ী হৈছে প্ৰাৰ্থীগৰাকী । সমান্তৰালকৈ ডেৰা বাবা নানক সমষ্টিত আপৰ গুৰদীপ সিং ৰন্ধাৱাৰ বিজয় । ইফালে বাৰনালা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কুলদীপ সিং ধিলনে আপৰ প্ৰাৰ্থী হৰিন্দৰ সিঙৰ বিৰুদ্ধে মাত্ৰ ২১৫৭ টা ভোটত জয়ী হৈছে । গিডাৰবাহা সমষ্টিত হৰদীপ সিং দিম্পী ধিলন প্ৰায় ২২০০০ ভোটত আগবাঢ়ি আছে ।

3:08 PM, 23 Nov 2024 (IST)

চামগুৰিত বিজেপিৰ অগ্ৰগতি

চামগুৰিত পেণ্ডুলামৰ দৰে দুলিছে ভোটৰ ফলাফল৷ কেতিয়াবা যদি কংগ্ৰেছ আকৌ কেতিয়াবা বিজেপিৰ দিশে ঢাল খাইছে ভোটগণনাৰ অংক ৷ দশম ৰাউণ্ড ভোটগণনাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন (43,745) তকৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই (51,758) 8,013 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷

3:08 PM, 23 Nov 2024 (IST)

বৃহৎ জয়ৰ দিশে প্ৰিয়ংকা গান্ধী

লোকসভা উপ-নিৰ্বাচনত ৱায়নাড় সমষ্টিত বৃহৎ জয়ৰ দিশে অগ্ৰসৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা । প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰম্ভিক পৰ্যায়তে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি গৈছিল আৰু ক্ৰমাগত পৰ্যায়ৰ ভোটদানত তেওঁৰ নেতৃত্ব শক্তিশালী কৰি ৰাখে । ২.৩০ বজালৈ প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিছে ৬,১৭,৯৪২ টা ভোট । কংগ্ৰেছ প্ৰাৰ্থী নব্যা হৰিদাসে লাভ কৰিছে ১,০৯,২০২ টা ভোট । চিপিআইৰ প্ৰাৰ্থী সত্যন মোকেৰিয়ে লাভ কৰিছে ২,০৯,৯০৬ টা ভোট । কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী এতিয়াও ৪ লাখ ৮ হাজাৰ ৩৬ টা ভোটত আগবাঢ়ি আছে ।

2:45 PM, 23 Nov 2024 (IST)

মধ্যপ্ৰদেশ বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল

মধ্যপ্ৰদেশৰ বিজয়পুৰ সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে । অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী মুকেশ মালহোত্ৰাৰ বিজয় প্ৰায় নিশ্চিত হৈছে । বিজেপি প্ৰাৰ্থী ৰামনিৱাস ৰাৱটতকৈ ৭৩৬৪ ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী । ইফালে বুধনি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰমাকান্ত ভাৰ্গৱে ৮৭০০ ভোটত আগবাঢ়ি আছে । অষ্টম ৰাউণ্ডৰ শেষত কংগ্ৰেছ প্ৰাৰ্থী ৰাজকুমাৰ পেটেল লাভ কৰিছে ৫৮,৩১০ টা ভোট ।

2:30 PM, 23 Nov 2024 (IST)

পশ্চিমবংগত টিএমচিৰ জয়যাত্ৰা অব্যাহত

পশ্চিমবংগ বিধানসভাৰ উপ-নিৰ্বাচনত ৬ খন আসনৰ ৪ খনত ইতিমধ্যে তৃণমূল কংগ্ৰেছে বিজয়ৰ হাঁহি মাৰিছে । বাকী দুখন আসনতো তৃণমূল কংগ্ৰেছ আগবাঢ়ি আছে । চিতাই সমষ্টিত ১,৩০,৬৩৬ ভোটৰ ব্যৱধানত জয়লাভ । মাদাৰীহাটত টিএমচিৰ জয়প্ৰকাশ টপ্পোৰ বিজয় । নাইহাটিত ছনত দে' জয়ী হয় আৰু হাৰোৱাত ১,৩১,৩৮৮ লাখ ভোটত এছকে ৰাবিউল ইছলাম জয়ী হয় ।

2:22 PM, 23 Nov 2024 (IST)

বিজেপিৰ সহযোগী ইউপিপিএলৰ ছিদলী আসনত বিজয়

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমত নিজৰ ভাল প্ৰদৰ্শন অব্যাহত ৰাখি ছিদলি আসনখন পুনৰ দখল কৰিছে ৷ ইয়াৰ সহযোগী দল ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীক ৩৬৫৮৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। ব্ৰহ্মই ৯৫২৪৯ টা ভোট লাভ কৰাৰ বিপৰীতে বসুমতাৰীয়ে ৫৮৬৬০ টা ভোট লাভেৰে দ্বিতীয় স্থানত সন্তুষ্ট হ'ব লগা হয়।

2:17 PM, 23 Nov 2024 (IST)

গেৰুৱা হ'ল কেদাৰনাথ

ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ বিধানসভাৰ উপ-নিৰ্বাচনত জয়লাভ কৰে । দলটোৰ প্ৰাৰ্থী আশা নৌটিয়ালে নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মনোজ ৰাৱটক পৰাজিত কৰে । আশা নৌটিয়ালে ৫০৯৯ টা ভোটত জয়ী হয় । আশা নৌটিয়ালে মুঠ ২৩,১৩০ টা ভোট লাভ কৰে । বিজেপি প্ৰাৰ্থীৰ বিজয়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আনন্দ প্ৰকাশ কৰে ।

2:12 PM, 23 Nov 2024 (IST)

চামগুৰিত অব্যাহত উৎকণ্ঠা, চিদলী-বঙাইগাঁও এনডিএৰ ফালে ধাৱমান

চামগুৰি বিধানসভা নিৰ্বাচন : নৱম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মাৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ ২৮৯৭ টা ভোটত অগ্ৰগতি ।

বঙাইগাঁও বিধানসভা নিৰ্বাচন : ১৬ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহতকৈ ২৯৭৬৫ ভোটত অগ্ৰগতি ।

ধলাই বিধানসভা নিৰ্বাচন : ১১ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্রার্থী নীহাৰ ৰঞ্জন দাসৰ ৫২২৪ ভোটত অগ্রগতি ৷

চিদলী বিধানসভা নিৰ্বাচন : ১৮ ৰাউণ্ডৰ পিছত ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ ৩৪,৪৬৫ টা ভোটত অগ্রগতি ।

2:05 PM, 23 Nov 2024 (IST)

কেৰালাত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিজয়

কেৰালাৰ বিধানসভা সমষ্টিৰ দুখন আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । ইতিমধ্যে বহু চৰ্চিত পালাক্কাড আসনত জয়ী হৈছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাহুল মামকুতাথিলে । নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ চি কৃষ্ণকুমাৰতকৈ ১৮,৮৪০ টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । ইফালে চেলাক্কাৰা সমষ্টিত চিপিআই(এম) আৰু কংগ্ৰেছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে । চিপিআই(এম)ৰ প্ৰাৰ্থী ইউ আৰ প্ৰদীপ আগবাঢ়ি আছে ।

1:54 PM, 23 Nov 2024 (IST)

কৰ্ণাটকত উৰিল কংগ্ৰেছৰ বিজয় ধ্বজ্জা

কৰ্ণাটকৰ বিধানসভা উপ-নিৰ্বাচনৰ তিনিওটা সমষ্টিতে শাসকীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিজয় । চেণ্ডুৰ সমষ্টিত ই অন্নপুৰ্ণাৰ ৯৬৪৯ টা ভোটত জয়লাভ । শিগাঁও সমষ্টিত পাঠান য়াছিৰ আহমেদখানৰ বিজয় । চান্নাপাটনাত চি পি যোগেশ্বৰৰ জয়লাভ ।

1:40 PM, 23 Nov 2024 (IST)

বঙাইগাঁও আৰু ধলাইত এনডিএৰ বৃহৎ অগ্ৰগতি

বঙাইগাঁও বিধানসভা সমষ্টি : ১৫ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ অগ্ৰগতি । কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহতকৈ ২২,৬৬৪ ভোটত আগবাঢ়ি আছে ।

ধলাই বিধানসভা সমষ্টি : ১১ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বিপিএফৰ প্ৰাৰ্থীতকৈ ৩৪,৪৬৫ ভোটত আগবাঢ়ি আছে ।

1:24 PM, 23 Nov 2024 (IST)

ধলাই আৰু চিদলীত এনডিএৰ অগ্ৰগতি; চামগুৰিত কমিছে ব্যৱধান

ধলাই বিধানসভা সমষ্টি : ১০ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ অগ্ৰগতি । কংগ্ৰেছ প্ৰাৰ্থীতকৈ ৩৪৩৮ টা ভোটত অগ্ৰগতি লাভ কৰিছে দাসে ।

চিদলী বিধানসভা সমষ্টি : ১৫ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ বিপিএফৰ প্ৰাৰ্থীতকৈ ৩০,৯২৪ ভোটত অগ্ৰগতি ।

চামগুৰি বিধানসভা সমষ্টি : অষ্টম ৰাউণ্ডৰ অন্তত চামগুৰিত তানজিল হুছেইনৰ অগ্ৰগতি । বিজেপি প্ৰাৰ্থীতকৈ মাত্ৰ ৫৩১ টা ভোটত অগ্ৰগতি তানজিলৰ ।

1:15 PM, 23 Nov 2024 (IST)

ৱায়নাড়ত প্ৰিয়ংকাৰ বিজয় নিশ্চিত !

দেশৰ ১৪ খন ৰাজ্যত বিধানসভাৰ উপ-নিৰ্বাচনৰ সমান্তৰালকৈ কেৰালা আৰু মহাৰাষ্ট্ৰৰ এখনকৈ লোকসভা আসনতো উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । তাৰ ভিতৰত অধিক চৰ্চিত আসনখন হৈছে কেৰালাৰ ৱায়নাড় সমষ্টি । ৱায়নাড় লোকসভা সমষ্টিত বিজয় প্ৰায় নিশ্চিত হৈছে ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৩,৭২,৮৮৩ টা ভোটত আগবাঢ়ি আছে ।

1:06 PM, 23 Nov 2024 (IST)

মেঘালয়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিজয়

মেঘালয়ৰ গাম্বেগ্ৰে বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নেশ্যনেল পিপলছ পাৰ্টীৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দী চাংমাই ৪,৮৯৪ ভোটৰ ব্যৱধানত জয়ী হয় । নিকটতম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সাধিয়াৰাণী এম. চাংমাই মুঠ ৮০৮৪ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে । কংগ্ৰেছ প্ৰাৰ্থী জিংজাং এম মাৰাকে ৭৬৯৫ টা ভোট লাভ কৰে ।

12:55 PM, 23 Nov 2024 (IST)

ছত্তীশগড় বিধানসভাৰ উপ-নিৰ্বাচন; বিজেপিৰ অগ্ৰগতি

ছত্তীশগড়ৰ ৰায়পুৰ দক্ষিণ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । ১২.৩০ বজালৈ ১১ টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন । বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ ছোনীয়ে অগ্ৰগতি লাভ কৰিছে । নিকটতম কংগ্ৰেছ প্ৰাৰ্থী আকাশ শৰ্মাতকৈ বিজেপি প্ৰাৰ্থীগৰাকী প্ৰায় ২৬ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিছে ।

12:45 PM, 23 Nov 2024 (IST)

দিগন্ত ঘাটোৱালৰ দখলত বিহালী; চামগুৰিত তানজিলৰ অগ্ৰগতি

বিহালী বিধানসভা সমষ্টি : ভোটগণনাৰ অন্তিম ৰাউণ্ডৰ অন্তত বিহালী বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৫০,৮৬১ টা ভোট লাভ কৰিছে । নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ জয়ন্ত বৰাতকৈ ৯,০৫৬ টা ভোট বেছি লাভ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । ইয়াৰ লগে লগে বিহালী সমষ্টিত শেষ হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ।

চামগুৰি বিধানসভা সমষ্টি : ষষ্ঠ ৰাউণ্ডলৈ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে ৩৪,২৪৫ টা ভোট লাভ কৰিছে । নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মাই ২৭,১১৫ টা ভোট লাভ কৰিছে । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৭,১৩০ টা ভোটত অগ্ৰগতি লাভ কৰিছে ।

12:33 PM, 23 Nov 2024 (IST)

বিহাৰত উপ-নিৰ্বাচন; ৩ খন আসনত এনডিএৰ বিজয় নিশ্চিত

বিহাৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে । নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই যদিও ১২ বজালৈ এনডিএয়ে ৩ খন আসনত প্ৰায় বিজয় নিশ্চিত কৰিছে । তাৰাৰী (বিজেপি), বেলাগঞ্জ (জেডিইউ) আৰু ইমামগঞ্জ (এইচএএম)ৰ প্ৰাৰ্থী বিজয়ৰ দিশে । ইফালে ৰামগড়ত বিজেপি আৰু বিএছপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে ।

12:20 PM, 23 Nov 2024 (IST)

গুজৰাটৰ উপ-নিৰ্বাচন; কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি

গুজৰাটৰ এটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । ৰাজ্যখনৰ ভাৱ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গুলাব সিং ৰাজপুতে বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ১২ বজালৈ চলা ভোটগণনাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৫১,৭২৪ টা ভোট লাভ কৰিছে । ১১ টা ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ঠাকুৰ স্বৰূপজী চৰ্দাৰজীয়ে ৩৮ হাজাৰ ভোট লাভ কৰিছে । কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰায় ১২ হাজাৰ ভোটত আগবাঢ়ি আছে ।

12:00 PM, 23 Nov 2024 (IST)

বিজেপি মিত্ৰজোঁটৰ ৪ খন আসনত অগ্ৰগতি, চামগুৰিত তুমুল প্ৰতিদ্বন্দ্বিতা-উৎকণ্ঠা

চামগুৰি বিধানসভা সমষ্টি- চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মাতকৈ ৩৭০১ টা ভোটত আগবাঢ়ি আছে ৷ পঞ্চম ৰাউণ্ড ভোটগণনাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে 28991 আৰু বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই 22557 ভোট লাভ কৰে ৷ পঞ্চম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন 6,434 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।

বিহালী বিধানসভা সমষ্টি- অষ্টম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ জয়ন্ত বৰাতকৈ ৬০০০টা ভোটত অগ্ৰগতি ৷

বঙাইগাঁও বিধানসভা সমষ্টি- নৱম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহতকৈ ১৪২১৫ ভোটত অগ্ৰগতি ।

ধলাই বিধানসভা সমষ্টি- পঞ্চম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্রার্থী নীহাৰ ৰঞ্জন দাসৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ ১০৭০৭ ভোটত অগ্রগতি ৷

চিদলী বিধানসভা সমষ্টি- অষ্টম ৰাউণ্ডৰ পিছত ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ অগ্ৰগতি । বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীৰতকৈ ১৪,৪৪৫ টা ভোটত আগবাঢ়ি আছে প্ৰাৰ্থীগৰাকী ।

11:48 AM, 23 Nov 2024 (IST)

ছিকিমত হোৱা নাই উপ-নিৰ্বাচনৰ ভোটগণনা !

দেশৰ ১৪ খন ৰাজ্যত শেহতীয়াকৈ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । তাৰ ভিতৰত ছিকিম অন্যতম । পুৱাৰে পৰা বাকী ৰাজ্যবোৰত ভোটগণনা আৰম্ভ হৈছে যদিও ছিকিমত ইতিমধ্যে ফলাফল ওলাইছে । কিয়নো বিৰোধী ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে (এছডিএফ) প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পিছতে ক্ষমতাত থকা ছিকিম ক্ৰান্তিকাৰী মৰ্চাই (এছকেএম) দুয়োখন বিধানসভা আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । সমষ্টি দুটা হৈছে ক্ৰমে চোৰেং-চাখুং আৰু নামচি-সিংঘিথাং । বিনা প্ৰতিদ্বন্দ্বিতাৰে আদিত্য গোলে চোৰেং-চাকুং সমষ্টিত জয় লাভ কৰিছে । একেদৰে সতীশ চন্দ্ৰ ৰায়ে নামচি-সিংঘিথাং সমষ্টিত বিজয়ী হৈছে ।

11:27 AM, 23 Nov 2024 (IST)

চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি

বিহালী বিধানসভা সমষ্টি : ভোটগণনাৰ ষষ্ঠ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে । বিজেপিৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ ৪,৭৯৭ টা ভোটত আগবাঢ়ি আছে ।

চামগুৰি বিধানসভা সমষ্টি : তৃতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থীয়ে গতি লৈছে । বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাতকৈ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন ৬৪৩ টা ভোটত অগ্ৰগতি লাভ কৰিছে ।

ধলাই বিধানসভা সমষ্টি : চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস ৮৪৩৩ টা ভোটত আগবাঢ়ি আছে ।

চিদলী বিধানসভা সমষ্টি : ষষ্ঠ ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীতকৈ ১১,২১৪ টা ভোটত আগবাঢ়ি আছে ।

বঙাইগাঁও বিধানসভা সমষ্টি : তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহতকৈ ৮,৯৬৭ টা ভোটত আগবাঢ়ি আছে ।

11:20 AM, 23 Nov 2024 (IST)

উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰত উপ-নিৰ্বাচনৰ ভোটগণনা

উত্তৰ প্ৰদেশৰ ৯ খন, ৰাজস্থানৰ ৭ খন আৰু বিহাৰৰ ৪ খন আসনত উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ভাৰতীয় জনতা পাৰ্টী (বিজেপি) উত্তৰ প্ৰদেশ বিধানসভাৰ ৬ খন আসনত আগবাঢ়ি আছে । সমষ্টিকেইটা হৈছে কাটেহাৰী, গাজিয়াবাদ, মাঝাৱান, খাইৰ, ফুলপুৰ আৰু কুণ্ডাৰ্কী । আনহাতে সমাজবাদী পাৰ্টী (এছপি) চিচামাউ আৰু কাৰহালত আগবাঢ়ি আছে । ৰাজস্থানতো বিজেপিৰ অগ্ৰগতি । ৭ খন আসনৰ ভিতৰত ঝুনঝুনু, ৰামগড়, দেউলী-ইউনিয়াৰাত আৰু খিনৱচাৰত বিজেপিৰ অগ্ৰগতি । একেদৰে দৌচাত কংগ্ৰেছ আগবাঢ়ি আছে । বিহাৰত আৰজেডি মিত্ৰজোঁট সংকটত পৰিছে । কিয়নো ৪ খন আসনৰ ভিতৰত এনডিএ ৩ খন আসনত আগবাঢ়ি আছে আৰু বিএছপি ১ খন আসনত আগবাঢ়ি আছে ।

10:54 AM, 23 Nov 2024 (IST)

অসমৰ উপ-নিৰ্বাচনৰ ভোটগণনা ২০২৪; পাঁচোটা সমষ্টিতে এনডিএ প্ৰাৰ্থীৰ অগ্ৰগতি

বিহালী বিধানসভা সমষ্টি : ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ অন্তত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ১০৫ টা ভোট লাভ কৰিছে । কংগ্ৰেছৰ জয়ন্ত বৰাই ৩২৫৯ টা ভোট লাভ কৰিছে । বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৪৩৫০ ভোট লাভ কৰি আগবাঢ়ি আছে । একেদৰে চিপিআইএমএলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে ৪৩৩ টা ভোট লাভ কৰিছে ।

চামগুৰি বিধানসভা সমষ্টি : দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই ৫৩৮ টা ভোটত মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনতকৈ আগবাঢ়ি আছে । তৃতীয় ৰাউণ্ডত - কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন ৬৪৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।

ধলাই বিধানসভা সমষ্টি : প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে মুঠ ১০,৮৭৬ টা ভোট লাভ কৰি আগবাঢ়ি আছে । আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৬,৭৯৫ টা ভোট লাভ কৰিছে ।

চিদলী বিধানসভা সমষ্টি : তৃতীয় ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ১৩,৫৩২ টা ভোট লাভ কৰি আগবাঢ়ি আছে । বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৭,৯৯৩ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে । কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে ৬৮৯ টা ভোট লাভ কৰিছে ।

বঙাইগাঁও বিধানসভা সমষ্টি : তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে ৫,৩২৯ টা ভোটত আগবাঢ়ি আছে ।

Last Updated : Nov 23, 2024, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.