বিশ্বনাথ : ৰাজ্যত অনুষ্ঠিত হোৱা ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোটগণনা । বাকী সমষ্টিকেইটাৰ সমান্তৰালকৈ বিহালী সমষ্টিৰো ভোটগণনা আৰম্ভ হৈছে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ভোটগণনা ।
উল্লেখ্য যে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ এই ভোটগণনাত ১২ খন টেবুলত ১৩ ৰাউণ্ডত সম্পন্ন হ'ব ভোটগণনা । বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাত ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ত বিহালী বিধানসভা সমষ্টিৰ ২০৩ টা পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে ।
উল্লেখ্য যে এই ভোটগণনাত ১৬ গৰাকী কাউন্টিং চুপাৰভাইজাৰ, ১৭ গৰাকী কাউণ্টিং সহায়ক আৰু ১৮ গৰাকী মাইক্ৰ'অবজাৰভাৰ নিয়োগ কৰা হৈছে । ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৫.৭৯ শতাংশ ভোটদান হৈছিল । তাৰ ভিতৰত ৪৮,৭৭৬ জন পুৰুষ ভোটাৰ আৰু ৫১,৭০০ গৰাকী মহিলা ভোটাৰ আছিল । মুঠ ভোটাৰ আছিল ১,৩২,৫৭৯ টা আৰু তাৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰিছিল ১,০০,৪৭৬ গৰাকীয়ে ।
বিহালী বিধানসভাৰ উপ-নির্বাচনত ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । বিজেপি পৰা দিগন্ত ঘাটোৱাল, কংগ্ৰেছৰ পৰা জয়ন্ত বৰা, চিপিআইএম এলৰ পৰা লক্ষীকান্ত কৰ্মী, আম আদমি পাৰ্টীৰ পৰা অনন্ত গগৈ । ভোটগণনা আৰম্ভ হোৱাৰ পিছতে পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল ।
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘাটোৱালে কয় যে তেওঁ জয়ী হোৱাটো নিশ্চিত । প্ৰায় ২০,০০০ ভোটৰ ব্যৱধানত জয়ী হোৱাৰো আশা প্ৰকাশ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । ইফালে বিজেপিৰ উন্নয়নৰ পক্ষত ৰাইজে ভোট প্ৰদান কৰিছে বুলিও তেওঁ দাবী কৰে ।
লগতে পঢ়ক :দিপ্লুৰঞ্জন নে তানজিলৰ হাতলৈ আহিব চামগুৰি বিধানসভা সমষ্টিৰ বাঘজৰীডাল