অসম

assam

প্ৰচণ্ড গৰমত মৃত্যু 4 বছৰীয়া শিশুৰ - Hyderabad temperature

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 1:35 PM IST

Hyderabad temperature: গৰমে দহিছে তেলেংগানাক ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ 20 টা স্থানত 42 ডিগ্ৰী পৰ্যন্ত স্পৰ্শ কৰে তাপমাত্ৰাই ৷ গৰমত এজনৰ মৃত্যু ৷

Hyderabad Temperatures are above 43 degrees in 14 places;boy dies of sun stroke in Nizamabad district
প্ৰচণ্ড গৰমত মৃত্যু ঘটিল 4 বছৰীয়া শিশুৰ

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল:তেলেংগানাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তাপমাত্ৰা । বৃহস্পতিবাৰে ৰাজ্যখনৰ 20 টা স্থানত 42 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হয় । ইয়াৰে 14 টা অঞ্চলত তাপমাত্ৰাই 43 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল । নালগোণ্ডা জিলাৰ ইব্ৰাহিমপেটত সৰ্বোচ্চ উষ্ণতা 43.5 ডিগ্ৰী ।

2016 চনৰ পিচত এইবাৰ সৰ্বাধিক তাপমাত্ৰা হোৱা পৰিলক্ষিত হৈছে । বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যখনত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে । নিশাৰ উষ্ণতা স্বাভাৱিক দুই ডিগ্ৰীতকৈ বেছি হ’ব । বতৰ বিশেষজ্ঞসকলে পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ ৰ’দৰ তীব্ৰতা অধিক হ’ব বুলি মত প্ৰকাশ কৰিছে । এই সময়ছোৱাত বৃদ্ধ আৰু শিশুসকল বাহিৰলৈ ওলাই যাব নালাগে বুলি সাৱধানবাণী প্ৰকাশ কৰিছে ৷

সৰ্বাধিক উষ্ণতা থকা অঞ্চল

বৃহস্পতিবাৰ দিনটোত নালগোণ্ডা জিলাৰ ইব্ৰাহিমপেটত 43.5 ডিগ্ৰী, একেখন জিলাৰ কনগালত 43.4 ডিগ্ৰী, গাডৱালা জিলাৰ বদ্দেপল্লীত 43.3 ডিগ্ৰী, নালগোণ্ডা জিলাৰ মাডগুলাপল্লীত 43.3 ডিগ্ৰী, গাডৱালা জিলাৰ ধৰুৰ, কুমুৰাম ভীম জিলাৰ আছিফাবাদত 43.2 ডিগ্ৰী তাপমাত্ৰা আছিল ৷ ইফালে নালগোণ্ডা জিলাৰ বুগবাবিগুড়া, সংগৰেড্ডী জিলাৰ সদাশিৱপেট, নালগোণ্ডা জিলাৰ নামপল্লী, গাডৱাল জিলাৰ দ্যাগাডোডি, আদিলাবাদ জিলাৰ আৰলি (টি), কুমুৰাম ভীম জিলা ভানকুলামত 43.2 ডিগ্ৰী আছিল কালিৰ (বৃহস্পতিবাৰ) দিনটোত তাপমাত্ৰা ৷

নালগোণ্ডা জিলাৰ নিদামানুৰ আৰু কট্টাংগুৰ, টিক্য তাণ্ডাত 43.0, বানাপৰ্থী জিলা পেবোলুত ৪২.৮, ভদ্ৰদ্ৰী কোঠাগুডেম জিলাৰ পিনাপাকা মণ্ডলৰ তাপমাত্ৰা আছিল 42.7 ডিগ্ৰী ৷ এই গৰমৰ বাবেই নিজামাবাদ জিলাৰ ইণ্ডালৱাই মণ্ডলৰ ডনকল গাঁৱৰ ৰামাৱত অখিলৰ (4) বৃহস্পতিবাৰে মৃত্যু ঘটে ।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে জনোৱা মতে, বৃহস্পতিবাৰে স্কুলৰ পৰা অহাৰ পিছত ৰমেশ আৰু অনিতাৰ পুত্ৰ অখিলে ৰ’দত খেলি আছিল । কৃষি কৰ্মৰ পৰা উভতি অহাৰ পাচত পুত্ৰৰ জ্বৰ আৰু বমি হোৱাটো লক্ষ্য কৰি জিলা চৰকাৰী চিকিৎসালয়লৈ লৈ যায় পিতৃয়ে । ইয়াৰ পাচতে চিকিৎসকে 4 বছৰীয়া অখিলৰ অত্যন্ত গৰমৰ প্ৰকোপত মৃত্যু ঘটা বুলি অভিভাৱকক জনায় ৷

লগতে পঢ়ক:ভাৰতত অস্বাভাৱিক গৰমৰ পূৰ্বানুমান: সুৰক্ষিত থাকিবলৈ নকৰিব এইসমূহ কাম - Heatwave Prediction in India

ABOUT THE AUTHOR

...view details