অসম

assam

ETV Bharat / bharat

আমেৰিকাত অপহৃত ভাৰতীয় ছাত্ৰ: ধন নাপালে কিডনী বিক্ৰী কৰাৰ ভাবুকি

Hyderabad student missing in America: আমেৰিকাত অপহৰণকাৰীৰ কবলত পৰিছে হায়দৰাবাদৰ এজন ছাত্ৰ ৷ অপহৰণকাৰীয়ে দাবী কৰা ধন নাপালে ছাত্ৰজনৰ কিডনী বিক্ৰী কৰি দিয়াৰ ভাবুকি ৷

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 10:44 PM IST

Hyderabad student missing in America
আমেৰিকাত অপহৃত ভাৰতীয় ছাত্ৰ

হায়দৰাবাদ, 20 মাৰ্চ: আমেৰিকাত হায়দৰাবাদৰ এগৰাকী ছাত্ৰ অপহৰণকাৰীৰ কবলত পৰাৰ খবৰ পোহৰলৈ আহিছে ৷ আমেৰিকাৰ ক্লিভলেণ্ড বিশ্ববিদ্যালয়ত আই টি স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা আব্দুল মহম্মদ নামৰ যুৱকজন বিগত দুসপ্তাহ ধৰি আছে অপহৰণকাৰীৰ কবলত ৷

উল্লেখ্য যে চলিত মাহত 7 তাৰিখৰে পৰা সন্ধীনহীন হৈ আছিল ছাত্ৰজন ৷ ছাত্ৰজনৰ সৈতে পৰিয়ালৰ লোকে কৰিব পৰা নাছিল কোনোধৰণৰ যোগাযোগ ৷ ইয়াৰ পিচতে আব্দুল মহমদৰ পিতৃ মহম্মদ ছেলিমলৈ এক অজ্ঞাত ফোন নম্বৰৰ পৰা আহে এক ভাবুকিভৰা ফোনকল ৷ ফোনকলযোগে অজ্ঞাত লোকে আব্দুলৰ পিতৃৰ পৰা দাবী কৰে 1200 আমেৰিকান ডলাৰ ৷ অন্যথা অপহৰণকাৰীৰ কবলত থকা ছাত্ৰজনৰ কিডনী বিক্ৰী কৰি দিব বুলি ভাবুকি প্ৰদান কৰে পিতৃ মহম্মদ ছেলিমক ৷ এই ভাবুকি লাভৰ পিচতে দাবী কৰা ধন দিবলৈ অপহৃত ছাত্ৰজনৰ পৰিয়াল মান্তি হৈছে যদিও তেওঁলোকে প্ৰমাণ বিচাৰিছে যে আব্দুল মহম্মদ তেওঁলোকৰ জিম্মাত আছে ৷

আমেৰিকাত সন্ধানহীত হায়দৰাবাদৰ ছাত্ৰ

ইফালে অপহৃতৰ পিতৃয়ে প্ৰমাণ বিচৰাৰ পিচতে অপহৰণকাৰী বুলি দাবী কৰা অজ্ঞাত লোকজনে ফোনকল কাটি দিয়ে আৰু এই পৰ্যন্ত দুনাই ফোন কৰা নাই ৷

ইফালে পিতৃলৈ ফোনকলটো আহোতে পুত্ৰৰ কান্দোন শুনাৰ কথাও জানিবলৈ দিছে মহম্মদ ছেলিমে ৷ পৰিয়ালৰ লোকে ইতিমধ্যে অপহৰণকাৰীৰ ফোন নম্বৰটো আমেৰিকাত থকা আত্মীয়সকললৈ প্ৰেৰণ কৰি ক্লিভলেণ্ড আৰক্ষীক দিছে । ইফালে ছাত্ৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত চলিত মাহৰ 8 তাৰিখে ক্লিভলেণ্ড আৰক্ষীৰ ওচৰত গোচৰ দাখিলো কৰে । অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

আনহাতে ঘটনা সন্দৰ্ভত অপহৃত ছাত্ৰজনৰ পৰিয়ালৰ লোকে চিকাগোস্থিত ভাৰতীয় দূতাবাসৰ সৈতে 18 মাৰ্চত যোগাযোগ কৰিছে ৷ সেই ফালৰ পৰা পৰিয়ালৰ লোকক সহায় কৰাৰ আশ্বাস প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে চলিত মাহৰ 7 তাৰিখে শেষবাৰৰ বাবে মাতৃৰ সৈতে আব্দুল মহম্মদৰ বাৰ্তালাপ হৈছিল ৷

লগতে পঢ়ক:কিয় নাপিতৰ নৃশংসতাৰ বলি হ’ল দুটাকৈ শিশু!

ABOUT THE AUTHOR

...view details