মেষ ৰাশি :অধিক লাভৰ আশাত কোনো কাম নকৰিব, ই আপোনাক বিপদত পেলাব পাৰে ৷ আইনী কাৰ্যৰ পৰা আতঁৰত থাকক, আৰ্থিক লেনদেনত সৰ্তক হওক । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হোৱাৰ আশংকা আছে, সাৱধান হৈ গাড়ী চলাওক । ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে । অপ্ৰত্যাশিত অৰ্থ লাভ কৰিব পাৰে ।
বৃষ ৰাশি : পৰিয়াল বা সন্তানৰ ভাল খবৰে আপোনাক প্ৰফুল্লিত কৰিব । শৈশৱৰ বন্ধুক লগ পাব ৷ স্মৃতি ৰোমন্থন হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে শুভ দিন ৷ সঠিক স্থানত বিনিয়োগ কৰক । আইনী লেনদেনত সতৰ্ক হওক । ধৰ্মীয় কাৰ্যত ব্যয় কৰক ৷
মিথুন ৰাশি : কৰ্মক্ষেত্ৰত শুভ ৷ ব্যৱসায়ীসকল লাভান্বিত হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনাওক। বন্ধু আৰু পৰিয়ালবৰ্গক সামাজিক অনুষ্ঠানত লগ পাব পাৰে । অপ্ৰত্যাশিত অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে ।
ককৰ্ট ৰাশি :কৰ্মথলীত অশুভ । কাৰো লগত দীঘলীয়া কথা বতৰাত লিপ্ত নহ’ব ৷ দিনটোৰ পিচৰ ভাগত পৰিস্থিতি উন্নত হ’ব । জ্যেষ্ঠ আৰু কনিষ্ঠসকল আপোনাৰ কামত সন্তুষ্ট আৰু সুখী হ’ব। আৰ্থিক স্থিতিও উন্নত হোৱাৰ সম্ভাৱনা আছে ।
সিংহ ৰাশি : স্বাস্থ্য, মন আৰু বাৰ্তালাপ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালকেন্দ্ৰিক বিবাদ হ’ব পাৰে, পৰিস্থিতি শান্ত আৰু পৰিপক্ক হ’ব । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক ৷ নেতিবাচক চিন্তাধাৰা এৰাই চলক ৷ নিজকে ধৰ্মীয় কাম-কাজ, ধ্যান সাধনাত ব্যস্ত ৰাখক ৷
কন্যা ৰাশি : দিনটো আনন্দময় হ’ব ৷ ব্যৱসায়িক দিশত শুভ ৷ বিয়লি ভাগলৈ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ স্বাস্থ্যজনিত কাৰণত বহু ধন ব্যয় হ’ব পাৰে । একেসময়তে, অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ।