মেষ ৰাশি : আধ্যাত্মিক শক্তিয়ে আপোনাৰ দিনটো শুভ কৰি তুলিব । অধিবিদ্যা আৰু মায়াবিদ্যাৰ প্ৰতি অতি আকৃষ্ট হ’ব । আধ্যাত্মিক পৰিপূৰ্ণতাৰ যোগ আছে। ক্ৰোধ আৰু কথাত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণলৈ নাযাব ৷
বৃষ ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আপোনাৰ সাংসাৰিক জীৱনত শুভ ৷ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে ভোজন উপভোগ কৰক ৷ সৰু ভ্ৰমণৰ আয়োজন কৰিব পাৰে । ধনৰ দেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷
মিথুন ৰাশি : দিনটো আপোনাৰ বাবে শুভ। ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব । অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে। ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ খং উঠি থাকিব । কথা কওঁতো সাৱধান হওক ৷
কৰ্কট ৰাশি : দিনটো শান্তিৰে পাৰ কৰক । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা হ’ব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ।
সিংহ ৰাশি : শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনা হ’ব পাৰে । মাতৃৰ মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।
কন্যা ৰাশি : কোনো কথা চিন্তা নকৰাকৈ নতুন কাম হাতত নল’ব । বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । সকলো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে । সামাজিকভাৱে সন্মান অৰ্জন কৰিব।