মেষ ৰাশি : আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । শাৰীৰিকভাৱে বা মানসিকভাৱেই সুস্থ নাথাকিব । প্ৰত্যাশিত ফল নাপাব । সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে। কৰ্মক্ষেত্ৰৰ ব্যস্ততা বাঢ়িব । বেয়া চিন্তা আৰু আচৰণৰপৰা দূৰত থাকক। অনাৱশ্যক দায়িত্ব পালন নকৰিব । পেটৰ সমস্যাৰ হোৱাৰ আশংকা আছে। ভ্ৰমণ পিচুৱাই দিয়ক। কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ।
বৃষ ৰাশি :উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । কামত প্ৰত্যাশিত ফল পাব। পঢ়ুৱৈসকলে সহজতে পঢ়া-শুনা বুজি পাব আৰু পঢ়া-শুনা কৰি আনন্দ পাব । কৰ্মক্ষেত্ৰত অনুকূল ৷ বিত্তীয় লেনদেনত লাভ সুনিশ্চিত। ব্যয়ৰ সম্ভাৱনা আছে । সন্তানৰ কাৰণে বিনিয়োগ কৰক । শিল্পী আৰু খেলুৱৈসকলে প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ।
মিথুন ৰাশি : কোনো কাম বা প্ৰকল্প হাতত ল’লে, সফলভাৱে সম্পন্ন হ’ব। বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে উৰ্ধতন কৰ্তৃপক্ষৰপৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব। সৰুসুৰা ভ্ৰমণৰ যোগ আছে । চিন্তা বাৰে বাৰে সলনি হৈ থাকিব । আৰ্থিক দিশত উত্থান-পতন হ’ব পাৰে ৷
কৰ্কট ৰাশি : শাৰীৰিক, মানসিক দুৰ্বলতা, দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা ওলাই আহক। চকুৰ সমস্যাই দেখা দিব পাৰে । ঘৰুৱা পৰিৱেশ কুশলে নাথাকিব । ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব । পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰমৰ সুফল পাব। বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব । ব্যয়ৰ সীমা চেৰাই যাব পাৰে ৷
সিংহ ৰাশি: আত্মবিশ্বাসী হ’ব। খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’ব পাৰে । পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ।
কন্যা ৰাশি : আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব । আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা আছে। ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে। যিমান দূৰ সম্ভৱ বিবাদৰপৰা দূৰত থাকক ।