নেশ্যনেল ডেস্ক, ১৪ আগষ্ট :দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশত এতিয়া প্ৰস্তুতি তুংগত উঠিছে । দিল্লীৰ লালকিল্লাত কেন্দ্ৰীয় কাৰ্যসূচীৰ লগতে প্ৰতিখন ৰাজ্যৰে ৰাজধানীত স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক আয়োজন চলিছে । কিন্তু তাৰ মাজতে এখন ৰাজ্যত এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে ।
স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসৰ পূৰ্বে দেশৰ নিষিদ্ধঘোষিত সংগঠনবোৰে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰে । ইয়াৰ বাবে এই দিৱস দুটা বৰ্জনৰ আহ্বান জনায় নিষিদ্ধঘোষিত সংগঠনবোৰে । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু এগৰাকী বিধায়কক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে নিষিদ্ধঘোষিত এটি সংগঠনে । তেওঁলোকে ফোনযোগে এই ভাবুকি লাভ কৰে ।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে তেওঁক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে । এই ভাবুকি প্ৰদান কৰিছে খালিস্তানপন্থী সংগঠন শিখছ ফৰ জাষ্টিছে । 15 আগষ্টত ত্ৰিৰংগ পতাকা উত্তোলন নকৰিবলৈ ফোনযোগে মুখ্যমন্ত্ৰীক ব্যক্ত কৰে ৷ অন্যথা তেওঁক বোমাৰে উৰুৱাই দিয়াৰো ভাবুকি প্ৰদান কৰা হৈছে ।
আনহাতে, এনেধৰণৰ ভাবুকিপূৰ্ণ ফোন মঙলবাৰে বহু লোকে লাভ কৰে । ৰাজ্যখনৰ গাগ্ৰেট সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰাকেশ কালিয়ায়ো একে ধৰণৰ এক ফোন কল লাভ কৰিছে । মঙলবাৰে পুৱা প্ৰায় ১০ বজাত বিধায়কগৰাকীয়ে এই ভাবুকিভৰা ফোন কলটো পায় ।
এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, "মই মোৰ ব্যক্তিগত ফোন নম্বৰত +447537171504 নম্বৰৰ পৰা এটা ভাবুকিভৰা ফোন কল লাভ কৰোঁ । ফোনটোৰ সিটো মূৰৰ পৰা নিজকে শিখছ ফৰ জাষ্টিছ সংগঠনৰ মুৰব্বী হিচাপে পৰিচয় দিয়া ব্যক্তিগৰাকীয়ে কয় যে যদি আপুনি বা আপোনাৰ মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টত ত্ৰিৰংগ পতাকা উত্তোলন কৰে, তেন্তে ঘটনাস্থলীত উপস্থিত সকলোৰে সৈতে বোমাৰে উৰুৱাই দিয়া হ'ব । এয়া হ'ব আপোনালোকৰ দৰে ভাৰতীয় আৰু আপোনাৰ দেশৰ বিৰুদ্ধে আমাৰ যুদ্ধৰ আৰম্ভণি ।"
ইফালে বিধায়ক ৰাকেশ কালিয়াই ফোনত এই ভাবুকি পোৱাৰ পিচতে উনাৰ আম্ব আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আনহাতে, এই সন্দৰ্ভত তথ্য প্ৰদান কৰি অম্বৰ ষ্টেচন হাউছ বিষয়া গৌৰৱ ভৰদ্বাজে কয়, "আৰক্ষীয়ে এই সন্দৰ্ভত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।"