ৰাঁচী :ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেণে । ইয়াৰ লগে লগে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী হৈ পৰে হেমন্ত ছোৰেণ । ৰাঁচীৰ মোৰহাবাদী ময়দানত আয়োজিত এক অনুষ্ঠানত হেমন্ত ছোৰেণে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত লয় । ৰাজ্যপাল সন্তোষ গাংৱাৰে তেওঁক শপত বাক্য পাঠ কৰায় ।
হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত বিৰোধীৰ নেতা
হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত ইণ্ডিয়া ব্লকৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ নেতা তেজস্বী যাদৱ, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উধায়ানিধি ষ্টেলিন, কংগ্ৰেছ নেতা তাৰিক আনৱাৰ, সাংসদ পাপ্পু যাদৱ আৰু আন বহু নেতা অনুষ্ঠানত উপস্থিত থাকে । শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে হেমন্ত ছোৰেণে তেওঁৰ পিতৃ শিবু ছোৰেণৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আশীৰ্বাদ লয় ।