নেশ্যনেল ডেস্ক,৩০ জানুৱাৰী :দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঙলবাৰে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ শুনানি স্থগিত ৰাখিছে । দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাৎ গোচৰৰ অভিযুক্ত প্ৰাক্তন মন্ত্ৰীগৰাকী । গোচৰটোৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰাকেশ চিয়াল উপস্থিত নথকাৰ বাবে শুনানি স্থগিত ৰখা হৈছে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৭ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ'ব ।
যোৱা বছৰ ২০ ডিচেম্বৰত আদালতে অভিযোগ উত্থাপনৰ ক্ষেত্ৰত আংশিক যুক্তি শুনিছিল । তাৰ পূৰ্বে ১ ডিচেম্বৰত আদালতে সৈত্যেন্দ্ৰ জৈনক নথিপত্ৰবোৰ পৰীক্ষা কৰিবলৈ অনুমতি দিছিল । ২০২৩ চনৰ ১৮ নৱেম্বৰত সৈতেন্দ্ৰ জৈনৰ হৈ নথিপত্ৰৰ পৰীক্ষা বিচাৰি এখন আবেদন দাখিল কৰা হৈছিল । শুনানিৰ সময়ত জৈনৰ অধিবক্তাই কৈছিল যে ইডিয়ে দিয়া তালিকাখন সম্পূৰ্ণ হোৱা নাই ।
২০২২ চনৰ জুলাইৰ পিচত এই গোচৰটোত তেওঁৰ আৰু সহ-অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰা হৈছিল । যাৰ তথ্য এতিয়ালৈকে সংস্থাটোৱে জৈনক দিয়া নাই । তেওঁ কৈছিল যে যদি ২০২২ চনৰ জুলাইৰ পিচত কোনো ভাষ্য গ্ৰহণ কৰা হোৱা নাই, তেন্তে ইয়াক আদালতক অৱগত কৰিব লাগিব । কিয়নো ইডিৰ মতে গোচৰটোৰ তদন্ত এতিয়াও চলি আছে ।