অসম

assam

ETV Bharat / bharat

কৃষক আন্দোলনত মহিলা আৰু শিশুক ঢাল হিচাপে ব্যৱহাৰ - HC on Farmers protest

HC on Farmers protest: চলিত কৃষক আন্দোলন সন্দৰ্ভত এখন পিআইএলৰ শুনানি গ্ৰহণ কৰি পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কৃষক নেতাসকলক তীব্ৰ সমালোচনা কৰে । আদালতৰ মতে এই আন্দোলনত ৫ বছৰীয়া শিশুক ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে । কৃষক নেতাৰ মৃত্যু সন্দৰ্ভত ন্যায়িক তদন্তৰ ঘোষণা ।

HC on Farmers protest
কৃষক আন্দোলনত মহিলা আৰু শিশুক ঢাল হিচাপে ব্যৱহাৰ

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:59 PM IST

নেশ্যনেল ডেস্ক,৭ মাৰ্চ :কৃষক সংগঠনসমূহে দিল্লী চলো কাৰ্যসূচীৰ অংশ হিচাপে পাঞ্জাব-হাৰিয়ানা সীমান্তত বাহৰ পাতি আছে । এনে সময়তে কৃষক আন্দোলন সন্দৰ্ভত বৃহস্পতিবাৰে পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশে কৃষক নেতাসকলক তীব্ৰ সমালোচনা কৰে । মুখ্য ন্যায়াধীশে কয় যে আন্দোলনত ৫ বছৰীয়া শিশুক ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে ।

শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে পৰিস্থিতিটোক লৈ এনেকুৱা লাগিছে যেন যুদ্ধ চলি আছে । আদালতৰ মতে আন্দোলনকাৰীসকলে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যাৰ ফলত শিশু আৰু মহিলাসকল আঘাতপ্ৰাপ্ত হৈছে । আবেদনকাৰীৰ অধিবক্তাক কাৰ্যকৰী মুখ্য ন্যায়াধীশে কয় যে কৃষক নেতাসকলক সঠিক স্থানলৈ প্ৰেৰণ কৰিব লাগিব ।

শুনানিৰ সময়ত হাৰিয়ানা চৰকাৰে এচিজে জিএছ সান্ধাৱালিয়া আৰু জে লাপিতা বেনাৰ্জীৰ খণ্ড বিচাৰপীঠক কয় যে চৰকাৰে ইণ্টাৰনেট নিষেধাজ্ঞা সন্দৰ্ভত ২ খন শপতনামা দাখিল কৰিছে । একে সময়তে পাঞ্জাবৰ অধিবক্তাজনেও কয় যে চৰকাৰে নথিপত্ৰসমূহ উল্লেখ কৰিছে । হাৰিয়ানা চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাই আদালতক কয় যে প্ৰশাসনে গুলীচালনা নহয় লাঠিচালনা হে কৰিছে । ইফালে বুলেট ব্যৱহাৰ কৰা সন্দৰ্ভত আদালতে কয় যে এই বিষয়ত নিৰ্দেশনা ল'ব লাগিছিল ।

হাৰিয়ানা চৰকাৰে কোৱা মতে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱাৰ কৃষক শুভকৰণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই । ইতিমধ্যে হাৰিয়ানা চৰকাৰে পাঞ্জাবক এই সম্পৰ্কত নথিপত্ৰ দিবলৈ কৈছে । আদালতক জনোৱা মতে এই সন্দৰ্ভত হাৰিয়ানা চৰকাৰে এটা এছআইটি গঠন কৰিছে । উচ্চ ন্যায়ালয়ে পাঞ্জাব চৰকাৰক শীঘ্ৰে এই সন্দৰ্ভত নথিপত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

শপতনামাৰ উদ্ধৃতি দি হাৰিয়ানা চৰকাৰৰ অধিবক্তাই কয় যে পৰিস্থিতি ইমানেই ভয়ংকৰ আছিল যে আৰক্ষীয়ে লাঠিচালনা, ৰবৰ বুলেটৰ আশ্ৰয় ল'ব লগা হৈছিল । য'ত ১৫ গৰাকী আৰক্ষীও আহত হৈছিল । এই সন্দৰ্ভত আদালতত এটা ভিডিঅ' দাখিল কৰা হৈছে । হাৰিয়ানা চৰকাৰৰ অধিবক্তাই দাবী কৰা মতে ভিডিঅ'টোত স্পষ্ট যে আন্দোলনকাৰীয়ে মহিলা আৰু শিশুসকলক ব্যৱহাৰ কৰিছিল ।

এই সন্দৰ্ভত কৃষক নেতাসকলক আদালতে ভৰ্ৎসনা কৰে আৰু কয় যে ৫ বছৰীয়া শিশুকো ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে । এইটো বৰ লজ্জাজনক বুলি আদালতে উল্লেখ কৰে ।

আন্দোলনত কৃষকৰ মৃত্যু সন্দৰ্ভত আদালতে কয় যে স্পষ্ট কাৰণত মৃত্যুৰ তদন্ত হাৰিয়ানা বা পাঞ্জাব চৰকাৰক দিব নোৱাৰি । সেয়েহে, উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক লৈ এক সমিতি গঠন কৰা হ'ব । য'ত ২ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া থাকিব । তেওঁলোক পাঞ্জাব আৰু হাৰিয়ানাৰ এডিজিপি পদবীৰ বিষয়া হ'ব ।

লগতে পঢ়ক :কৃষকৰ প্ৰতিবাদ আৰু দিল্লী চলো পদযাত্ৰা; যন্তৰ-মন্তৰত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details