অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

CM Siddaramaiah : 2022 চনৰ 14 এপ্ৰিলত ৰণদ্বীপ সুৰজেৱালা, ডি কে শিৱকুমাৰ আৰু সিদ্দাৰামাইয়াৰ নেতৃত্বত 35-40 জনীয়া এটা দলে তেতিয়াৰ মন্ত্ৰী কে এছ ঈশ্বৰপ্পাৰ পদত্যাগৰ দাবীত শ্লোগান দি মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ৰাজহুৱা পথেৰে গৈছিল । ভাৰতীয় দণ্ডবিধিৰ 143 ধাৰা আৰু কৰ্ণাটক আৰক্ষী আইন 1963 ৰ 103 ধাৰাত অবৈধভাৱে সমাৱেশৰ গোচৰ ৰুজু কৰা হৈছিল তেতিয়া । প্ৰতিবাদৰ চলি থকাৰ সময়ত পথ অৱৰোধ কৰি জনসাধাৰণৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বাতিল কৰিবলৈ দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ।

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:16 PM IST

HC dismisses the petition of CM Siddaramaiah seeking quash the case
মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী: প্ৰতিবাদৰ চলি থকাৰ সময়ত পথ অৱৰোধ কৰি জনসাধাৰণৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বাতিল কৰিবলৈ দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ।

ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত নেতৃত্বাধীন বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি এই আদেশ জাৰি কৰে । লগতে, বিচাৰপীঠে মুখ্যমন্ত্ৰীক 6 মাৰ্চত জনপ্ৰতিনিধিৰ বিশেষ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে । বিচাৰপীঠে মন্ত্ৰী ৰামালিংগা ৰেডীক 7 মাৰ্চত, এম বি পাটিলক 15 মাৰ্চত আৰু কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাক 11 মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । এই গোচৰত পি এছ আইক অপ্ৰয়োজনীয়ভাৱে প্ৰতিবাদী কৰি তোলাৰ অপৰাধত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু অন্যান্যসকলৰ বিৰুদ্ধে 10 হাজাৰ জৰিমনা বিহা হৈছে ।

বিচাৰপীঠে কয়, "ৰাইজৰ প্ৰতিনিধিসকলে যদি আইন মানি চলে তেন্তে ৰাইজেও মানি চলিব ৷ ৰাজহুৱা পথত প্ৰতিবাদ কৰিলে মানুহৰ ডাঙৰ সমস্যা হ’ব । চহৰীয়া জীৱন যাত্ৰাত এইটো এটা ডাঙৰ সমস্যা । প্ৰতিবাদৰ বাবে জনসাধাৰণ অধিক সমস্যাৰ সন্মুখীন হৈছে । তেওঁ ৰাইজৰ প্ৰতিনিধি হোৱাৰ বাবে পথ অৱৰোধ কৰিবলৈ অনুমতি প্ৰদান কৰিব নোৱাৰি । যিসকল জননেতা হয় তেওঁলোকে প্ৰথমে আইন মানি চলিব লাগে ৷"

অভিযোগ অনুসৰি, 2022 চনৰ 14 এপ্ৰিলত সুৰজেৱালা, ডি কে শিৱকুমাৰ আৰু সিদ্দাৰমাইয়াৰ নেতৃত্বত 35-40 জনীয়া এটা দলে তেতিয়াৰ মন্ত্ৰী কে এছ ঈশ্বৰপ্পাৰ পদত্যাগৰ দাবীত শ্লোগান দি মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ৰাজহুৱা পথেৰে গৈছিল । ভাৰতীয় দণ্ডবিধিৰ 143 ধাৰা আৰু কৰ্ণাটক আৰক্ষী আইন 1963 ৰ 103 ধাৰাত অবৈধভাৱে সমাৱেশৰ গোচৰ ৰুজু কৰা হৈছিল ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, 2022 চনৰ 3 মাৰ্চত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰি চহৰখনৰ স্বাভাৱিক যাত্ৰা অব্যাহত ৰাখিবৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে বেংগালুৰুৰ ফ্ৰিডম পাৰ্কৰ বাহিৰে আন কোনো স্থানত কোনো ধৰণৰ যাতে প্ৰতিবাদ, শোভাযাত্ৰা আদি অনুষ্ঠিত নহয় ।

লগতে পঢ়ক:Cauvery water sharing issue : তামিলনাডুৰ সৈতে পানী ভাগ বতৰা কৰাৰ স্থিতিত নাই, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া

ABOUT THE AUTHOR

...view details