নেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰী:পটাঞ্চেৰু অ’ আৰ আৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় বিধায়িকা লাস্য নন্দিতাৰ । লগতে গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী তথা বি আৰ এছৰ মুৰব্বীকে ধৰি বহু লোকে বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷
পথ দুৰ্ঘটনাত মৃত্যু বিধায়িকা লাস্য নন্দিতাৰ জানিব পৰা মতে, ছেকেন্দ্ৰাবাদ কেণ্টনমেণ্টৰ বিধায়িকা লাস্য নন্দিতাক মৃত্যুয়ে খেদি ফুৰিছিল । দহদিন পূৰ্বে নলগোণ্ডা জিলাৰ নৰকটপল্লীত আন এক পথ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল বিধায়িকাগৰাকী আৰু আজি পটাঞ্চেৰু অ’ আৰ আৰত সংঘটিত দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে যুৱ বিধায়িকাগৰাকীৰ ।
আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গাড়ীৰ চালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গাড়ীখন তীব্ৰ বেগেৰে গৈ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । থিতাতে বিধায়িকা নন্দিতাক মৃত বুলি ঘোষণা কৰা হয় ৷
ঠিক এবছৰৰ আগতে তেওঁৰ পিতৃ প্ৰয়াত বিধায়ক সায়ন্নাৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হৈছিল । নন্দিতাৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁৰ মাক আৰু ভনীয়েক স্তম্ভিত হৈ পৰে । পৰিয়ালৰ সদস্য, দলৰ নেতা, অনুৰাগী, দলীয় কৰ্মী, সমষ্টিৰ জনসাধাৰণে শিবিৰৰ কাৰ্যালয়ত উপস্থিত হৈছে ৷
বিধায়কগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বি আৰ এছৰ নেতাসকলে । দলটোৰ নেতা কেচিআৰে বিধায়কগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে । অতি কম বয়সতে বিধায়িকা হিচাপে জনপ্ৰিয়তা লাভ কৰা লাস্য নন্দিতাৰ মৃত্যু দলটোৰ বাবে ক্ষতি বুলি কয় তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
এই কঠিন সময়ত দলে তেওঁলোকৰ পৰিয়ালক পৰ্যাপ্ত সহযোগিতা আগবঢ়াব বুলি কেচিআৰে কয় । লগতে, শোকসন্তপ্ত পৰিয়াললৈ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বিধায়ক হৰিশ ৰাও, প্ৰাক্তন মন্ত্ৰী ভেমুলা প্ৰশান্ত ৰেড্ডী, প্ৰাক্তন মন্ত্ৰী থালাছানি শ্ৰীনিবাস যাদৱে নন্দিতাৰ মৃত্যুত গভাৰ শোক প্ৰকাশ কৰে ৷
উল্লেখ কৰা প্ৰয়োজন যে, বিধায়িকা লাস্য নন্দিতাৰ পিতৃ প্ৰাক্তন বিধায়ক সায়ন্নাৰ ঠিক এবছৰ পূৰ্বে মৃত্যু ঘটিছিল । হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত 19 ফেব্ৰুৱাৰীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত তেওঁৰ মৃত্যু হয় । শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বি আৰ এছৰ নেতৃত্বই সায়ন্নাৰ ঠাইত তেওঁৰ কন্যা লাস্য নন্দিতাক টিকট প্ৰদান কৰিছিল ৷
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বিধায়িকা নন্দিতাৰ অকাল মৃত্যুত স্তম্ভিত হৈ পৰা বুলি কয় । পৰিয়ালৰ লোকলৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নন্দিতাৰ পিতৃ প্ৰয়াত সয়ন্নাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক:বিয়া খাবলৈ গৈ শোকাৱহ পথ দুৰ্ঘটনা, নিহত 6