অসম

assam

ETV Bharat / bharat

জ্ঞানবাপী মছজিদ বিতৰ্ক; শিৱলিঙ্গমৰ জৰীপ বিচাৰি উচ্চতম ন্যায়ালয়ত হিন্দু পক্ষ - Gyanvapi mosque Shivalingam survey

Gyanvapi Mosque Row : আবেদনকাৰীসকলে খনন আৰু বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা বন্ধ অঞ্চলটোৰ জৰীপৰ বাবে এএছআইক নিৰ্দেশনা দিয়াৰ বাবে আবেদন জনাইছে ।

জ্ঞানবাপী মছজিদ বিতৰ্ক
জ্ঞানবাপী মছজিদ বিতৰ্ক

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:04 PM IST

নিউজ ডেস্ক, ২৯ জানুৱাৰী : জ্ঞানবাপী মছজিদৰ বন্ধ এলেকাৰ ভিতৰত শিৱলিঙ্গমৰ প্ৰকৃতি নিৰ্ধাৰণৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদানৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে হিন্দু পক্ষই ।

অধিবক্তা বিষ্ণু শংকৰ জৈনৰ জৰিয়তে শীৰ্ষ ন্যায়ালয়লৈ যোৱা আবেদনকাৰীসকলে এএছআইক খনন আৰু অন্যান্য বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি সমগ্ৰ ছীল কৰা এলেকাৰ জৰীপ কৰিবলৈ আৰু শীৰ্ষ ন্যায়ালয়ে প্ৰদান কৰা সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা বিচাৰে ।

আবেদনখনত কোৱা হৈছে যে শিৱলিঙ্গমৰ এলেকাটো কৃত্ৰিম দেৱাল নিৰ্মাণ কৰি আগুৰি আছে, যিবোৰ মূল ভৱনৰ সৈতে সম্পৰ্কিত নহয় । লগতে অঞ্চলটোৰ মুছলমানসকলৰ বাবে এই স্থানৰ কোনো ধৰ্মীয় গুৰুত্ব নাই, কিয়নো তেওঁলোকৰ অভিযোগ মতে তাত এটা ঝৰ্ণা আছে । "এইটো উল্লেখ কৰাটো প্ৰাসংগিক যে শিৱলিঙ্গমৰ সৈতে সম্পৰ্কিত মূল বৈশিষ্ট যেনে পীঠ, পিঠিকা আদি লুকুৱাবলৈ উক্ত আধুনিক নিৰ্মাণ উদ্দেশ্যপূৰ্ণভাৱে কৰা হৈছে ।" আবেদনখনত কোৱা হৈছে ।

হিন্দু পক্ষই লগতে কয় যে এএছআয়ে শিৱলিঙ্গমকে ধৰি সমগ্ৰ ছীলযুক্ত অঞ্চলটোৰ বৈজ্ঞানিক জৰীপ কৰিব পাৰে । আবেদনত কোৱা হৈছে যে ১৬ মে', ২০২২ তাৰিখে পোৱা শিৱলিঙ্গমটো হিন্দু আৰু ভগৱান শিৱৰ ভক্তসকলৰ বাবে উপাসনাৰ বস্তু । শিৱলিঙ্গমৰ দৰ্শন আৰু পূজা সম্পাদন কৰাৰ সকলো অধিকাৰ আছে । কিন্তু ২০২২ চনৰ মে' মাহত শীৰ্ষ ন্যায়ালয়ে শিৱলিঙ্গম পোৱা অঞ্চলটো ছীল কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

আবেদনকাৰীসকলে কৈছে যে এএছআইৰ দ্বাৰা মছজিদৰ সমগ্ৰ চৌহদৰ জৰীপ বন্ধ কৰা এলেকাৰ বাহিৰে কৰা হৈছে আৰু এতিয়া বন্ধ এলেকাটোত জৰীপ কৰাটো প্ৰয়োজনীয় । অন্যথা জৰীপৰ উদ্দেশ্য পূৰণ নহ'ব । কিয়নো অঞ্চলটো বন্ধ কৰা সন্দৰ্ভত এএছআইৰ কোনো প্ৰতিবেদন নাথাকিব ।

উল্লেখ্য যে ২৫ জানুৱাৰীত ৰাজহুৱা কৰা বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ এএছআই জৰীপ প্ৰতিবেদনে এক নতুন বিতৰ্কৰ আৰম্ভ কৰিছে । প্ৰতিবেদনখনে মছজিদ চৌহদৰ ভিতৰত হিন্দু দেৱতাসকলৰ মূৰ্তি আৰু অন্যান্য মূৰ্তিবিদ্যাৰ টুকুৰাবোৰৰ ফটো মুদ্ৰণ কৰিছে । এএছআই প্ৰতিবেদনত এইটো কোৱা হৈছে যে বৰ্তমানৰ আন্তঃগাঁথনি নিৰ্মাণৰ পূৰ্বে তাত এটা হিন্দু মন্দিৰ আছিল, তাতেই মছজিদটো আছে ।

লগতে পঢ়ক :নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details