নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী :আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । দেশজুৰি ব্যাপকভাৱে গণতন্ত্ৰৰ এই মুহূৰ্ত উদযাপন কৰা দেখা গৈছে । ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে বিশ্বৰ সৰ্ববৃহৎ চাৰ্ছ ইঞ্জিন গুগলেও বিশেষ পদক্ষেপ লৈছে । গুগলে ভাৰতৰ ৭৫ সংখ্য়ক গণৰাজ্য দিৱস উপলক্ষে এক বিশেষ ডুডল মুকলি কৰিছে, য'ত এনালগ টেলিভিছনৰ পৰা স্মাৰ্টফোনলৈ দেশৰ যাত্ৰা দেখুওৱা হৈছে ।
ডুডল হৈছে এক প্ৰকাৰৰ স্কেচ যিয়ে আটাইতকৈ ডাঙৰ ঘটনা বা বিষয়বোৰ সৰল ধৰণে উপস্থাপন কৰে । আজিৰ গুগল ডুডলত বিগত কেইটামান দশকত ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ কুচকাৱাজ কেনেদৰে পৰ্দাত দেখুওৱা হৈছে তাক আলোকপাত কৰিব বিচাৰিছে ।
১৯৪৭ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিচত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত হৈছিল । বিগত বছৰবোৰত, আমি কেথ'ড ৰে টিউবৰ ডাঙৰ টেলিভিছন ছেটৰ পৰা সৰু টিভিলৈ আৰু তাৰ পিচত স্মাৰ্টফোনৰ পৰিৱৰ্তন দেখিছো । ডুডলত দুটা টিভি ছেট আৰু এটা মোবাইল ফোন দেখুওৱা হৈছে য'ত গুগলৰ 'G' আখৰটো বাওঁফালে প্ৰথম এনালগ টেলিভিছন ছেটৰ ওপৰত লিখা আছে আৰু দুটা টিভি স্ক্ৰীণ দুটা 'O' আখৰ হিচাপে দেখুওৱা হৈছে ।