নেশ্যনেল ডেস্ক, 21 মে’ : সোমবাৰে ছত্তীশগড়ৰ কৱৰ্ধাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা 19 জন লোকৰ মঙলবাৰে অন্তিম সংস্কাৰ কৰা হ’ব ৷ চৰকাৰ আৰু প্ৰশাসনৰ সহায়ত, গাঁওবাসীয়ে অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । আজি পুৱা প্ৰায় 10 বজাত গাঁওখনৰ বাহিৰৰ মুক্তি ধামত এক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত হ'ব ।
দুৰ্ঘটনাটো কেতিয়া আৰু কেনেকৈ সংঘটিত হৈছিল: সোমবাৰে, চেমৰাহা গাঁৱত বাস কৰা 36 জন গাঁওবাসীয়ে এখন পিকআপ বাহনত প্ৰতিদিনৰ দৰে টেণ্ডু পাত চিঙিবলৈ ৰুখমিদাদাৰৰ অৰণ্যলৈ গৈছিল । তেওঁলোকে অৰণ্যৰ পৰা টেণ্ডু পাত ছিঙি দুপৰীয়া প্ৰায় ২ বজাত উভতি আহিছিল । তাৰ পাচতে বাহাপানী গাঁৱৰ সমীপৰ ঘাটত গাড়ীখনৰ ব্ৰেক বিকল হয় । ফলত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পৰা দেখি চালকজনে গাড়ীৰ পৰা জঁপিয়াই দিয়ে ৷
চালকজনক গাড়ীৰ পৰা জঁপিয়াই পৰা দেখি গাড়ীখনত বহি থকা প্ৰায় 15 জন লোকেও চলন্ত বাহনখনৰ পৰা জঁপিয়াই দিয়ে ৷ সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 30 ফুট দ খাৱৈত বাগৰি পৰে । ফলত বাহনখন দুৰ্ঘটনাত পতিত হৈ 19 গৰাকী লোকৰ মৃত্যু হয় । নিহতসকল বৈগা জনজাতীয় লোক আছিল বুলি জানিব পৰা গৈছে । নিহতসকলৰ 19 গৰাকীৰ ভিতৰত 18 গৰাকী মহিলা ৷