তেজপুৰ: ‘‘সুদীৰ্ঘ ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এখন হেলিকপ্টাৰ অৱতৰণৰ সাক্ষী হৈ পৰিল অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ ছিয়ম চক্ৰৰ ৰাইজ । মোৰ সমষ্টিৰ উন্নয়নৰ বাবে নিৰন্তৰ সহায় আগবঢ়োৱাৰ বাবে মই ছিয়ম চক্ৰৰ ৰাইজৰ হৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । নতুন হেলিকপ্টাৰ সেৱাৰ জৰিয়তে ৰাইজৰ যাতায়ত অধিক সহজ হৈ পৰিব ।’’ এই মন্তব্য অৰুণাচলৰ ২২ নং নাচো বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন পৰ্যটন মন্ত্ৰী নাকাপ নালোৰ ।
ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোন বার্তাত নালোৱে কয়, ‘‘গ্ল’বেল ভেক্ট্ৰা'ৰ এখন নতুন হেলিকপ্টাৰ নাচো সমষ্টিৰ ক'ডকাত অৰুণাচল প্ৰদেশৰ চৰকাৰে নতুনকৈ নিৰ্মাণ কৰা হেলিপেডত সফলতাৰে পৰীক্ষামূলকভাৱে অৱতৰণ কৰে ।’’ মুঠ ১২ জন যাত্ৰী কঢ়িয়াই নিব পৰা এই হেলিকপ্টাৰে দুয়োখন ঠাই নাচো আৰু ক’ডকাৰ মাজৰ প্ৰায় ৩৮ কিলোমিটাৰ পাহাৰীয়া দূৰত্ব অতিক্ৰম কৰিব ৷ হেলিকপ্টাৰ অৱতৰণৰ দ্বাৰা যোগাযোগ ব্যৱস্থাৰ নতুন সংযোজন ঘটোৱাত আনন্দিত হৈ পৰে অঞ্চলটোৰ লোকসকল ।
নালোৱে কয়, ‘‘২০২২ চনৰ আৰম্ভণিৰ পৰা নাহৰলগুন আৰু নাচোৰ মাজত MI 17 হেলিকপ্টাৰ সেৱা চলি আছে ৷ কিন্তু সামৰিক বাহিনীৰ বাবে নিৰ্ধাৰিত পুৰণি হেলিপেডৰ পৰাহে এই সেৱা চলি আছিল । আনহাতে ক’ডকাত অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৪০ বছৰ পূৰ্বে আছাম ৰাইফলছৰ বাবে এখন সেনাৰ হেলিকপ্টাৰৰ হেলিপেড আছিল । এতিয়াৰ পৰা এই নতুনকৈ নিৰ্মাণ হোৱা হেলিপেডৰ পৰাই নতুনকৈ জনসাধাৰণৰ বাবে সাপ্তাহিক সেৱা চলিব লগতে পৰ্যটনৰ দিশটো পূৰ্বতকৈ অধিক লাভজনক হ’ব ।’’
নাচো সমষ্টিৰ অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অৱস্থিত । জিলাৰ সদৰৰ পৰা চীন সীমান্তলৈ ৩৪ কিলোমিটাৰ আৰু শেষৰখন গাঁৱৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ । নালোৱে কয়, ‘‘বিগত ২০১৪ চনৰ পিছৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ তত্বাৱধানত ভাৰতৰ তথা অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন সাধন হৈছে । ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত সীমান্তৰ বাট-পথ আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰা নাছিল ৷ কাৰণ যোগাযোগ ব্যৱস্থা উন্নত হ’লে চীনে আহি আগ্ৰাসন কৰিব ।’’