নতুন দিল্লী :১৯৮৪ চনৰ শিখ বিৰোধী অভিযানৰ সৈতে জড়িত হত্যাকাণ্ডৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক মঙলবাৰে দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে । ১৯৮৪ চনৰ ১ নৱেম্বৰত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুনদীপ সিঙৰ হত্যাকাণ্ডৰ অভিযোগত বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই ৰায়দান কৰে ।
উল্লেখ্য যে, এই গোচৰত CBI আৰু অভিযোগকাৰীয়ে সজ্জন কুমাৰক মৃত্যুদণ্ডৰ দাবী জনাইছিল । ঘটনা ১৯৮৪ চনৰ ১ নৱেম্বৰত পশ্চিম দিল্লীৰ ৰাজনগৰত চৰ্দাৰ যশৱন্ত সিং আৰু চৰ্দাৰ তৰুনদীপ সিঙক হত্যা কৰা হৈছিল ৷
তেতিয়া সন্ধিয়া প্ৰায় ৪/৪.৩০ বাজিছিল ৷ ৰাজনগৰ অঞ্চলত লোহাৰ ৰড আৰু লাঠিৰে ভুক্তভোগীৰ ঘৰত শিখবিৰোধী এটা দলে আক্ৰমণ কৰিছিল । অভিযোগকাৰীয়ে জনোৱা মতে, সেই সময়ত আউটাৰ দিল্লী লোকসভাৰ আসনৰ পৰা কংগ্ৰেছৰ সাংসদ সজ্জন কুমাৰৰ নেতৃত্বত আহিছিল এই দলটো ।
অভিযোগ অনুসৰি সজ্জন কুমাৰে দলটোক আক্ৰমণৰ বাবে উচটনি দিছিল, তাৰ পিছতে চৰ্দাৰ যশৱন্ত সিং আৰু চৰ্দাৰ তৰুণ দীপ সিঙক জীৱিত অৱস্থাত জ্বলাই দিয়া হৈছিল । লগতে ভুক্তভোগীৰ ঘৰ ভাঙি লুটপাত চলোৱাৰ লগতে জ্বলায়ো দিয়া হৈছিল ।