নিউজ ডেস্ক, 1 মাৰ্চ : 8 ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ বনভূলপুৰা অঞ্চলত এখন অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে সংঘটিত হোৱা হালদ্বাণী হিংসাত্মক ঘটনাৰ সৈতে জড়িত কমেও পাঁচগৰাকী মহিলাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ ধৃত পাঁচোগৰাকী মহিলাই বনভূলপুৰা অঞ্চলৰ বাসিন্দা ৷
হালদ্বাণী হিংসাৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত মহিলা সকলৰ বিৰুদ্ধে ৷ ইফালে উত্তৰাখণ্ড আৰক্ষীয়ে এই গোচৰৰ মূল অভিযুক্ত আব্দুল মালিক আৰু তেওঁৰ পুত্ৰ আব্দুল ময়দকে ধৰি এতিয়ালৈকে 89 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ 24 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱা আব্দুল মালিক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
নাইনিতালৰ এছ এছ পি প্ৰহ্লাদ নাৰায়ণ মীনাই শুকুৰবাৰে 5 গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চিত কৰে ৷ তেওঁ কয়- "হালদ্বাণী হিংসাত একাংশ মহিলাৰ ভূমিকা পোহৰলৈ আহিছিল, তাৰ পিচত আৰক্ষীৰ দলে পাঁচগৰাকী মহিলাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীয়ে চিচিটিভি ফুটেজ আৰু ভিডিঅ'ৰ ভিত্তিত অভিযুক্তক বিচাৰি অভিযান চলাই আছে ৷ প্ৰায় 5000 অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ হিংসাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে ৷ এতিয়ালৈকে পাঁচগৰাকী মহিলাকে ধৰি 89 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷"
হালদ্বাণীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী জোৱান আৰু সাংবাদিককে ধৰি 100 ৰো অধিক লোক আহত হোৱা বুলি আৰক্ষীয়ে পূৰ্বে প্ৰকাশ কৰিছিল ৷ দুৰ্বৃত্তই শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগত লিপ্ত হৈছিল ৷ কেইবাখনো বাহন আৰু বনভূলপুৰা আৰক্ষী থানাত জুই অগ্নি সংযোগ কৰিছিল দুৰ্বৃত্তই ৷
লগতে পঢ়ক :জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা