অসম

assam

ETV Bharat / bharat

বিহাৰত গুৱাহাটীৰ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যু

বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ৫ টাকৈ মৃতদেহ উদ্ধাৰ । চাঞ্চল্য অব্যাহত আছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Muzaffarpur
বিহাৰত গুৱাহাটীৰ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যু (ETV Bharat)

By ETV Bharat Assamese Team

Published : 10 hours ago

Updated : 7 hours ago

মুজাফ্ফৰপুৰ:বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে ৫ টাকৈ মৃতদেহ । জিলাখনৰ বেলেগ বেলেগ স্থানত উদ্ধাৰ হৈছে মৃতদেহকেইটা । জানিব পৰা মতে তাৰ ভিতৰত অসমৰ এগৰাকী ব্যৱসায়ীও আছে ।

অসমৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ

জিলাখনৰ মুছাহাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজৱাড়াৰ বুঢ়ী গন্দক নদীৰ পাৰত উদ্ধাৰ হৈছে অসমৰ লোকজনৰ মৃতদেহ । স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে অনুসন্ধানত জানিব পৰা মতে মৃত লোকজন অসমৰ গুৱাহাটীৰ বাসিন্দা কৃষ্ণ কমল মহন্ত । ব্যৱসায়সূত্ৰে তেওঁ মুজাফ্ফৰপুৰত আছিল ।

ইফালে মুজাফ্ফৰপুৰ আৰক্ষীয়ে কৃষ্ণ কমল মহন্তৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে । লোকজনৰ পুত্ৰই কৈছে যে ব্যৱসায়ত পিতৃয়ে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । যাৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছিল । মাজে সময়ে তেওঁ অদ্ভুত আচৰণ কৰিছিল বুলি পুত্ৰই জনাইছে । সেয়েহে সন্দেহ কৰা হৈছে যে সম্ভৱত ব্যৱসায়িক লোকচান আৰু হতাশাৰ বাবে তেওঁ আত্মহত্যা কৰিছে ! অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব । মুছাহাৰী আৰক্ষীয়ে জনোৱা মতে কৃষ্ণ কমল মহন্ত গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল ।

মুজাফ্ফৰপুৰৰ মহানগৰ আৰক্ষী অধীক্ষক বিক্ৰম চিহাগে জনোৱা মতে ৰাজৱাড়াত পানীত ওপঙি থকা অৱস্থাত গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ হৈছে । প্ৰথম অৱস্থাত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

পথৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ

ইফালে বৃহস্পতিবাৰে পুৱাই মুজাফ্ফৰপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘৰাত পথৰ কাষতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । গাওঁবাসীয়ে আশংকা কৰিছে যে যুৱকজনক গুলীয়াই হত্যা কৰা হৈছে । অৱশ্যে, আৰক্ষীয়ে এয়া পথ দুৰ্ঘটনা বুলি সন্দেহ কৰিছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মতিপুৰত উদ্ধাৰ মৃতদেহ

মতিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মোৰ্চাণ্ডি গাঁৱত নদীৰ পাৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

চাহেবগঞ্জত মৃতদেহ উদ্ধাৰ

চাহেবগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বাসুদেৱপুৰ চৰাই পঞ্চায়তৰ ১২ নম্বৰ দেৱচাৰ আছলি ৱাৰ্ডৰ তিৰহুত বান্ধৰ তলত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ কে এম চি এইচ মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰা হয় ।

ট্ৰাকৰ পৰা দলিয়ালে মৃতদেহ

চাক্ৰা আৰক্ষী থানাৰ অন্তৰ্গত সিংগো মিশ্ৰুলিয়া গাঁৱৰ সমীপত উদ্ধাৰ পঞ্চমটো মৃতদেহ । মৃতদেহটো চলন্ত ট্ৰাকৰ পৰা দলিয়াই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । চাক্ৰা আৰক্ষী থানাৰ এছ আই অবিনাশ কুমাৰে কয় যে স্থানীয় লোকে মৃতদেহটো ট্ৰাকৰ পৰা দলিয়াই দিয়া দেখিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :জনজাতীয় মহিলাক আক্ৰমণ: মুখত ভৰাই দিলে মানুহৰ বিষ্ঠা

Last Updated : 7 hours ago

ABOUT THE AUTHOR

...view details