নেশ্যনেল ডেস্ক, 6 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ছিৰছাগঞ্জত সংঘটিত হৈছে এক অঘটন ৷ সোমবাৰে জিলাখনৰ ছিৰছাগঞ্জৰ এটি দুবছৰীয়া শিশুৱে পানী বুলি বটলত ভৰাই থোৱা কীটনাশক দ্ৰব্য পান কৰে ৷ ফলত শিশুটিৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে গতি কৰে । লগে লগে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ।
শিশুটি দিল্লীৰ পৰা মোমায়েকৰ ঘৰলৈ আহিছিল :
ছিৰছাগঞ্জ থানা অন্তৰ্গত মহল্লা নাগলা তুৰ্কিয়াত সংঘটিত হৈছে এই ঘটনা । প্ৰকৃততে দিল্লীৰ সংগম বিহাৰত ঘৰ শিশুটিৰ ৷ মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ আহিছিল শিশুটিয়ে । সোমবাৰে দুপৰীয়া খেলি থাকোঁতে ঘৰত ৰখা বটল এটাৰ ওপৰত চকু পৰে । জানিব পৰা মতে, বটলটোত ৰখা হৈছিল কীটনাশক দ্ৰব্য ।
কিন্তু শিশুটিয়ে বটলটো পানী বুলি ভাবি তুলি লৈছিল । তাৰ পিচত ঢাকনিখন খুলি মুখত ভৰাই দিয়ে । কীটনাশক দ্ৰব্য সেৱন কৰাৰ পিচতেই শিশুটিৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পালে গতি কৰে । ইয়াৰ পিচত পৰিয়ালৰ লোকে শিশুটিক ফিৰোজাবাদৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ।