নেশ্যনেল ডেস্ক, ২৮ মে':ৰাজধানী দিল্লীৰ ৰাজীৱ চক মেট্ৰ' ষ্টেচনত অঘটন । ষ্টেচনত ৰৈ থকা এখন ৰে'লৰ ওপৰৰ অংশত জুইৰ সূত্ৰপাত । ৰে'লখনৰ ওপৰৰ চালিত হঠাতে জুইৰ সূত্ৰপাত হয় । বহু সময় ধৰি জ্বলি থাকিল ওপৰৰ অংশ । অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।
জানিব পৰা মতে মেট্ৰ' ষ্টেচনটোৰ পেণ্টোগ্ৰাফত এই জুই লাগিছিল । সম্প্ৰতি এই ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । ষ্টেচনত ৰৈ থকা যাত্ৰীসকলে তেওঁলোকৰ মোবাইলত এই দৃশ্য বন্দী কৰা দেখা গৈছে । সূত্ৰৰ মতে ৰে'লখন বৈশালী অভিমুখী আছিল । ইফালে জুই লগাৰ পিচতে ষ্টেচনত উপস্থিত লোকসকলৰ মাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মেট্ৰ' ষ্টেচন কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপণৰ চেষ্টা কৰে ।
দিল্লী মেট্ৰ' ৰে'ল নিগমৰ মতে ঘটনাটো ৰাজীৱ চক মেট্ৰ' ষ্টেচনত বৈশালী অভিমুখী ৰে'লত সংঘটিত হৈছিল । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টো নিশ্চিত কৰি দিল্লী মেট্ৰ' ৰে'ল নিগমে কয় যে ঘটনাটো সন্ধিয়া প্ৰায় ৬:২১ বজাত সংঘটিত হৈছিল । ৰে'লখন ৰাজীৱ চক মেট্ৰ' ষ্টেচনৰ পৰা বৈশালী অভিমুখে যাত্ৰা কৰি আছিল । সেই সময়ত যাত্ৰীসকলে ৰে'লখনৰ ওপৰত থকা চালিত সামান্য জুই প্ৰত্যক্ষ কৰিছিল ।