মুম্বাই:বুধবাৰেমুম্বাইত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা । জে অ' চিৰ পৰা লাভ কৰা তথ্য অনুসৰি এলিফেণ্টালৈ যোৱা নীলকমল নামৰ এখন ফেৰী কৰ্ণজাৰ উৰানত ডুব গৈছে । এই সন্দৰ্ভত আৰক্ষীৰ পৰা লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি ফেৰীখনত শতাধিক যাত্ৰী আছিল ।
নৌসেনা, জে এন পি টি, উপকূলৰক্ষী বাহিনী, ইয়েলোগেট আৰক্ষী থানাৰ ৩খন নাও আৰু স্থানীয় মাছ ধৰা নাওৰ সহায়ত দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উদ্ধাৰ অভিযান অব্যাহত আছে । এই নাওখনৰ উদ্ধাৰ অভিযানৰ বাবে নৌসেনাৰ ১১ খন নাও, সামুদ্ৰিক আৰক্ষীৰ ৩ খন নাও আৰু উপকূলৰক্ষী বাহিনীৰ এখন নাও মোতায়েন কৰা হৈছে । তদুপৰি এই উদ্ধাৰ অভিযানত ৪ খন হেলিকপ্টাৰেও সহযোগিতা কৰিছে । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি এখন স্পীডব'টৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।
বুধবাৰে আবেলি ৪ বজাত ইঞ্জিনৰ পৰীক্ষণ চলি থকা নৌসেনাৰ এখন ক্ৰাফ্টে নিয়ন্ত্ৰণ হেৰুওৱাত মুম্বাইৰ কৰ্ণজাৰ উৰানত নীলকমল নামৰ এখন যাত্ৰীবাহী ফেৰীৰ সৈতে সংঘৰ্ষ হয় । ফেৰীখনে গেট ৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যাত্ৰী কঢ়িয়াই নিছিল ৷ উপকূলৰক্ষী বাহিনী আৰু সামুদ্ৰিক আৰক্ষীৰ যৌথ অভিযানত নৌসেনাই তাৎক্ষণিকভাৱে উদ্ধাৰৰ চেষ্টা চলায় ৷ চাৰিখন নৌ-হেলিকপ্টাৰ, ১১ খন নেভেল ক্ৰেফট, উপকূলৰক্ষী বাহিনীৰ নাও আৰু তিনিখন সামুদ্ৰিক আৰক্ষীৰ নাৱে উদ্ধাৰৰ চেষ্টা চলাই আছে ।