নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী :'দিল্লী চলো'ৰ অংশ হিচাপে ৰাজধানী চহৰলৈ পাঞ্জাব, হাৰিয়ানা আদি ৰাজ্যৰ পৰা কৃষকসকলৰ যাত্ৰা অব্যাহত আছে । যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে যাত্ৰা আৰম্ভ কৰিছে । শম্ভু সীমান্তৰ মাজেৰে কৃষকসকলে দিল্লীলৈ যাত্ৰা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু প্ৰশাসনে সীমান্তক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কৃষকসকল আগবাঢ়িব পৰা নাই । ইফালে, প্ৰতিবাদকাৰী কৃষকসকলক ছত্ৰভঙ্গ দিবলৈ আৰক্ষীয়ে কেইবাবাৰো কন্দুৱা গেছ নিক্ষেপ কৰিছে । তাৰ পিচতো কৃষকসকলে সীমান্ত এৰি যোৱা নাই ।
শুকুৰবাৰে শম্ভু সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ চতুৰ্থ দিন । ইফালে বৃহস্পতিবাৰে চৰকাৰ আৰু কৃষকসকলৰ মাজত তৃতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । কিন্তু এই বৈঠকো অমীমাংসিত হয় । অৱশ্যে, কৃষক আৰু চৰকাৰে এই বৈঠক ইতিবাচক আছিল বুলি উল্লেখ কৰিছে । অহা ১৮ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ।
হাৰিয়ানাৰ কৃষকসকলেও পাঞ্জাবৰ পৰা দিল্লীলৈ কৃষকসকলৰ প্ৰস্তাৱিত পদযাত্ৰাৰ সমৰ্থনত ওলাই আহিবলৈ আৰম্ভ কৰিছে । কৃষকসকলে ৰোহতক-জিন্দ পথৰ তিতোলী গাঁৱৰ সমীপত প্ৰতিবাদ আৰম্ভ কৰিছে । কৃষকসকলৰ দিল্লীলৈ যাত্ৰাৰ সমৰ্থনত হাৰিয়ানাৰ বিভিন্ন স্থানত প্ৰতিবাদ কৰিছে । কৃষক সংগঠনবোৰে হুংকাৰ দিছে যে প্ৰয়োজন হ'লে বেৰিকেডবোৰ ভাঙি দিয়া হ'ব আৰু পাঞ্জাবৰ কৃষকসকলৰ সৈতে তেওঁলোক দিল্লীলৈ যাব । একে সময়তে, আৰক্ষীয়ে ৰোহতক-জিন্দ ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে অৱৰোধ কৰিছে । কৃষকসকলক বাধা দিবলৈ সীমান্তত ৫ তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে ।