নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী :শেহতীয়াকৈ দেশজুৰি অভাৱনীয় হাৰত বৃদ্ধি হৈছে নহৰুৰ মূল্য । পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰাম নহৰুৰ মূল্য ৪০০-৫০০ টকা পৰ্যন্ত হৈছে । তেনে পৰিস্থিতিত গ্ৰাহকসকল সমস্যাত পৰিছে । আনহাতে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে কৃষকসকলৰ মনত হাঁহি বিৰিঙিছে । কিন্তু বিভিন্ন কাৰণত কৃষকসকল চিন্তিত হোৱাও দেখা গৈছে । বিশেষকৈ খেতিপথাৰৰ পৰা নহৰু চুৰিৰ দৰে ঘটনা বৃদ্ধি পোৱাত কৃষকসকল শংকিত হৈছে ।
মধ্যপ্ৰদেশৰ ছিন্দৱাৰাতো নহৰুৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে নহৰুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । নহৰুৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বদনুৰৰ কৃষকসকলে তেওঁলোকৰ লাভজনক শস্য সুৰক্ষিত কৰাৰ বাবে অগতানুগতিক পদ্ধতিৰ আশ্ৰয় লৈছে । চুৰিৰ পৰা ৰক্ষা কৰিবলৈ কৃষকসকলে তেওঁলোকৰ খেতিপথাৰত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বাধ্য হৈছে ।
নহৰু খেতিয়ক আৰু বদনুৰ গাঁৱৰ বাসিন্দা ৰাহুল দেশমুখে চিচিটিভি কেমেৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে পূৰ্বে এটা চোৰে পথাৰৰ পৰা ৮ৰ পৰা ১০ কিলোগ্ৰাম নহৰু চুৰি কৰিছিল আৰু পিচত আৰক্ষীয়ে চোৰটোক আটক কৰিছিল । আনহাতে, এই ঘটনাৰ পিচতে তেওঁ চিচিটিভি কেমেৰা স্থাপন কৰি তেওঁৰ শস্যবোৰক সুৰক্ষা দিছে ।