অসম

assam

ETV Bharat / bharat

শম্ভু সীমান্তৰ পৰা পুনৰ কৃষকৰ দিল্লী যাত্ৰা - FARMERS DELHI MARCH

শনিবাৰে পঞ্জাবৰ পৰা 101 জনীয়া কৃষকৰ এটা দলে দিল্লীলৈ যাত্ৰা কৰে । ইয়াৰ পূৰ্বে তেওঁলোকক আৰক্ষীয়ে দুবাৰ বাধা প্ৰদান কৰিছিল ।

Farmers Delhi March
শম্ভু সীমান্তৰ পৰা পুনৰ কৃষকৰ দিল্লী যাত্ৰা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 1:42 PM IST

আম্বালা : শনিবাৰে পুনৰবাৰ পঞ্জাবৰ কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা কৰিবৰ বাবে সাজু হৈছে । বিয়লিৰ ভাগত 101 জনীয়া কৃষকৰ এটা দলে শম্ভু সীমান্তৰ পৰা দিল্লীলৈ পদযাত্ৰা আৰম্ভ কৰে । আনহাতে, শম্ভু সীমান্তত কৃষকসকলক বাধা দিবলৈ হাৰিয়ানা আৰক্ষীয়ে কাঁটাতাঁৰ আৰু কংক্ৰিটৰ কেইবা তৰপীয়া বেৰিকেড তৈয়াৰ কৰি সষ্টম হৈ আছে । অনুমান কৰা হৈছিল যে যোৱাবাৰৰ দৰে এইবাৰো কৃষক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে ।

ইতিমধ্যে শম্ভু সীমান্তত কৃষকসকলক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে ৷ প্ৰতিবাদী কৃষকৰ ওপৰত পানী ঢলাৰ লগতে কন্দোৱা গেছো নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে ৷ ফলত আৰু অধিক ক্ষোভিত হৈ পৰিছে প্ৰতিবাদী কৃষকসকল ৷

কৃষকৰ দিল্লী যাত্ৰা

উল্লেখ্য যে ইয়াৰ পূৰ্বে কৃষকসকলে দুবাৰকৈ দিল্লীলৈ যাত্ৰা কৰিবলৈ চেষ্টা কৰে যদিও দুয়োবাৰেই তেওঁলোক বিফল হয় । হাৰিয়ানা আৰক্ষীয়ে কৃষকসকলক শম্ভু সীমান্তৰ পৰা বাহিৰ ওলাবলৈ দিয়া নাই। ইফালে কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয়, "আমি চৰকাৰক আলোচনাৰ বাবে সময় দিছোঁ, কিন্তু চৰকাৰে আমাৰ দাবী ৰক্ষা কৰা নাই । সেয়েহে আমি দিল্লীলৈ পদযাত্ৰা কৰাৰ সিদ্ধান্ত লওঁ । আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছোঁ, কিন্তু চৰকাৰ আৰু প্ৰশাসনে আমাক দিল্লীলৈ যোৱাত বাধা দিছে ।"

তেওঁ লগতে কয়, "আমাৰ প্ৰতিবাদে ৩০৭ নম্বৰ দিনত প্ৰৱেশ কৰিছে আৰু আমাৰ ১০১ গৰাকী কৃষকৰ তৃতীয় দলটো দুপৰীয়াৰ ভিতৰত দিল্লীলৈ ৰাওনা হ'ব । সমগ্ৰ দেশে এই প্ৰতিবাদক সমৰ্থন কৰিছে । কিন্তু আমাৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে এই বিষয়ে একো কোৱা নাই আৰু দূৰত্ব বজাই চলিছে । চৰকাৰী সংস্থাসমূহে ইয়াৰ বাবে উঠ-পৰি লাগিছে যাতে এই পদযাত্ৰা সফল হ'ব নোৱাৰে । তাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে । মই সকলোকে এই প্ৰতিবাদক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো ।"

কৃষকক ভেঁটিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

হাৰিয়ানা, পঞ্জাব আৰু হাৰিয়ানা-দিল্লী সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । হাৰিয়ানা আৰক্ষীয়ে কাঁটাতাঁৰ আৰু কংক্ৰিটৰ দেৱাল তৈয়াৰ কৰি আম্বালা-শম্ভু সীমান্তৰ ৰাস্তাত কেইবা তৰপীয়া বেৰিকেড স্থাপন কৰিছে, যাতে কৃষকসকলক আগবাঢ়ি যোৱাত বাধা দিব পাৰে ।

ইণ্টাৰনেট সেৱা বন্ধ

আনহাতে, কৃষকসকলৰ দিল্লী যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আম্বালাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । আম্বালাত শুকুৰবাৰে নিশা ১২ বজাৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে । ইণ্টাৰনেট সেৱা ১৭ ডিচেম্বৰলৈকে বন্ধ কৰা হৈছে । তাৰ মাজতে কৃষকসকলে তৃতীয়বাৰৰ বাবে শম্ভু সীমান্তৰ পৰা দিল্লীলৈ যাত্ৰা কৰিবলৈ চেষ্টা কচলাব ।

দাতাসিং সীমান্ততো কটকটীয়া সুৰক্ষা ব্যৱস্থা

ইফালে জিন্দ আৰু পঞ্জাবৰ দাতাসিং সীমান্ততো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । দাতাসিঙৰ সীমান্ত বৰ্তমান বন্ধ হৈ আছে । কৃষকসকলৰ দিল্লী যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীৰ নিয়োজন বৃদ্ধি কৰা হৈছে । আনহাতে, কৃষকৰ দিল্লী যাত্ৰাৰ আহ্বানৰ বাবে উঝানা আৰু নৰৱানা চিৰচাতো নাকা তালাচী চকী স্থাপন কৰা হৈছে ।

আমৰণ অনশনত কৃষক নেতা

ইফালে কৃষক নেতা জগজিৎ সিং দালেৱালে কৃষকসকলৰ দাবীক অধিক তীব্ৰ কৰিবৰ বাবে ২৬ নৱেম্বৰৰ পৰা অনশনত বহি আছে । কৃষকসকলৰ মতে, তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । তেওঁৰ এই অনশনে ১৯ দিনত ভৰি দিছে । আনহাতে, দালেৱালৰ আমৰণ অনশনৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় কিষাণ ইউনিয়নেও তেওঁৰ আন্দোলনক সমৰ্থন আগবঢ়াইছে । তাৰ মাজতে কৃষক নেতা ৰাকেশ টিকাইটে শনিবাৰে খানাউৰী সীমান্তত জগজিৎ সিং দালেৱালক সাক্ষাৎ কৰাৰ কথা আছে ।

কৃষক সংগঠনবোৰৰ দাবী কি ?

কৃষকসকলৰ মুখ্য দাবীটো হৈছে এম এছ পিত সকলো শস্য ক্ৰয়ৰ নিশ্চয়তা দিবলৈ এখন আইন প্ৰস্তুত কৰা । ডঃ স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি, শস্যৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে । ডি এ পি সাৰৰ অভাৱ দূৰ কৰিব লাগে । কৃষক আৰু খেতিয়কসকলৰ ঋণ মাফ কৰিব লাগে আৰু পেঞ্চন প্ৰদান কৰিব লাগে । ভূমি অধিগ্ৰহণ আইন, 2013 পুনৰ প্ৰণয়ন কৰিব লাগে । লখিমপুৰ খেৰী ঘটনাৰ অপৰাধীসকলক শাস্তি প্ৰদান কৰিব লাগে আৰু মুক্ত বাণিজ্য চুক্তি বন্ধ কৰিব লাগে ।

ইয়াৰ উপৰিও কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰো দাবী জনোৱা হৈছে । লগতে বিদ্যুৎ সংশোধনী বিধেয়ক, ২০২০ বাতিল, এমএনৰেগাৰ অধীনত প্ৰতিবছৰে ২০০ দিনৰ কাম আৰু প্ৰতিদিনে ৭০০ টকা প্ৰদান, নকল বীজ, কীটনাশক আৰু সাৰ বিক্ৰী কৰা কোম্পানীবোৰৰ ওপৰত কঠোৰ আইন প্ৰস্তুত, জলকীয়া, হালধি আৰু অন্যান্য মচলাৰ বাবে এক ৰাষ্ট্ৰীয় আয়োগ গঠন আৰু সংবিধানৰ পঞ্চম অনুসূচা কাৰ্যকৰী কৰি জনজাতীয় ভূমি লুণ্ঠন বন্ধ কৰাৰো দাবী জনোৱা হৈছে ।

লগতে পঢ়ক :কৃষকৰ দিল্লী চলো পদযাত্ৰা আৰম্ভ; শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা - FARMERS PROTEST
লগতে পঢ়ক :দিনটোৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা; কন্দুৱা গেছ নিক্ষেপত আহত কেইবাজনো কৃষক - FARMERS SUSPEND MARCH

ABOUT THE AUTHOR

...view details