অসম

assam

ETV Bharat / bharat

জাৰ্মান চাঞ্চেলৰৰ ভ্ৰমণ : ভাৰতৰ বাবে অৰ্থনৈতিক গুৰুত্ব

চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ বাবে জাৰ্মানীয়ে ভাৰতৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক অধিক বৃদ্ধি কৰিব বিচাৰিছে । ই টিভি ভাৰতৰ অৰুণিম ভূঞাৰ বিশ্লেষণ ।

India German Ties
জাৰ্মান চাঞ্চেলৰ অ'লাফ শ্চোলজ (ETV Bharat)

By Aroonim Bhuyan

Published : Oct 25, 2024, 3:32 PM IST

বিশেষ প্ৰতিবেদন : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা জাৰ্মান চাঞ্চেলৰ অ'লাফ শ্চোলজৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত চীনৰ বজাৰনিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে বাৰ্লিনৰ প্ৰচেষ্টাত ভাৰত-জাৰ্মানীৰ অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰাটো এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ'ব ।

শ্চোলজ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত সপ্তম আন্তঃচৰকাৰী পৰামৰ্শৰ (Seventh Intergovernmental Consultations, IGC) সহ-সভাপতিত্ব কৰিব । আই জি চি হৈছে এক সম্পূৰ্ণ চৰকাৰী ব্যৱস্থা, যাৰ অধীনত দুয়োপক্ষৰ মন্ত্ৰীসকলে তেওঁলোকৰ নিজা নিজা দায়িত্বৰ ক্ষেত্ৰত আলোচনা কৰি আলোচনাৰ ফলাফলৰ বিষয়ে প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰক প্ৰতিবেদন দিব ।

ভাৰত আৰু জাৰ্মানীয়ে ২০০০ চনৰ পৰা এক কৌশলগত অংশীদাৰিত্বত আছে । দুয়োখন দেশে ২০১১ চনৰ পৰা আই জি চি অনুষ্ঠিত কৰি আছে । "দুয়োগৰাকী নেতাই বৰ্ধিত নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা, প্ৰতিভাৰ গতিশীলতাৰ বাবে অধিক সুযোগ, গভীৰ অৰ্থনৈতিক সহযোগিতা, সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্ব আৰু উদীয়মান আৰু কৌশলগত প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ দ্বিপাক্ষিক আলোচনা কৰিব ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে চলিত সপ্তাহৰ আৰম্ভণিতে শ্চোলজৰ ভ্ৰমণৰ কথা ঘোষণা কৰি কয় ।

"দুয়োগৰাকী নেতাই ২৫ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জাৰ্মান ব্যৱসায়ৰ ১৮ সংখ্যক এছিয়া পেচিফিক কনফাৰেন্সত (18th Asia Pacific Conference of German Business, APK 2024) বক্তৃতা প্ৰদান কৰিব ।" লগতে উল্লেখ কৰা হৈছে ।

"জাৰ্মানী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ দেশসমূহৰ ব্যৱসায়িক নেতা, কাৰ্যবাহী আৰু ৰাজনৈতিক প্ৰতিনিধিসকলৰ বাবে দ্বিবাৰ্ষিক অনুষ্ঠান এ পি কেয়ে আমাৰ দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে । জাৰ্মানী, ভাৰত আৰু অন্যান্য দেশৰ প্ৰায় ৬৫০ গৰাকী শীৰ্ষ ব্যৱসায়িক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।"

লগতে পঢ়ক :কানাডাৰ ওচৰত এতিয়াও পৰি ৰৈছে ভাৰতৰ 26টা প্ৰত্যাৰ্পণ অনুৰোধ; কোন 5 গৰাকী মোষ্ট ৱাণ্টেড

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ আকাৰ কিমান ?

২০২৩-২৪ বৰ্ষত জাৰ্মানী ভাৰতৰ বাবে দ্বাদশ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল । 2021-22 বৰ্ষত দেশখন আছিল ভাৰতৰ একাদশ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু 2020-21 বৰ্ষত সপ্তম সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ । ২০২৩ চনত জাৰ্মানীৰ মুঠ বৈদেশিক বাণিজ্যৰ প্ৰায় ১ শতাংশ হৈছে ভাৰতৰ আৰু ২০২৩-২৪ বৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্যৰ ২.৩৭ শতাংশতকৈও অধিক (২০২২-২৩ বৰ্ষত ২.২৪ শতাংশ আৰু ২০২১-২২ বৰ্ষত ২.৪ শতাংশ) জাৰ্মানীৰ অংশ । যদিও বাণিজ্যৰ ভাৰসাম্য জাৰ্মানীৰ পক্ষত আছে, দ্বিপাক্ষিক বাণিজ্যই বিগত কেইবছৰমানত নিৰন্তৰ বিকাশ লাভ কৰিছে ।

জাৰ্মানীৰ ফেডাৰেল পাৰিসাংখ্যিক কাৰ্যালয়ে প্ৰদান কৰা পৰিসংখ্যা (Statistisches Bundesamt) অনুসৰি, ভাৰতৰ সৈতে বাণিজ্য সৰ্বকালৰ সৰ্বাধিক 33.33 বিলিয়ন ডলাৰ (+5.84 শতাংশ) স্পৰ্শ কৰিছে আৰু ভাৰতৰ পৰা ৰপ্তানি 15.48 বিলিয়ন ডলাৰ (-2.3 শতাংশ) আৰু জাৰ্মানীৰ পৰা ভাৰতলৈ আমদানি 17.85 বিলিয়ন ডলাৰ (24 বছৰত 24 শতাংশ) । ২০২৩ চনত ভাৰত জাৰ্মানীৰ ২৩ সংখ্যক সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল ।

জাৰ্মানী হৈছে ভাৰতৰ নৱম সৰ্ববৃহৎ বিদেশী প্ৰত্যক্ষ বিনিয়োগকাৰী । দেশখনৰ ভাৰতত 14.5 বিলিয়ন ডলাৰৰ সামগ্ৰিক এফ ডি আই আছে । এপ্ৰিল, 2000-ৰ পৰা ডিচেম্বৰ, 2023 লৈ, ভাৰতত জাৰ্মান বিনিয়োগ 2023-2024 চনত মুঠ 507 নিযুত ডলাৰ । ভাৰত-জাৰ্মান চেম্বাৰ অব কমাৰ্চৰ মতে, ভাৰতত 2,000 তকৈও অধিক জাৰ্মান কোম্পানী সক্ৰিয় হৈ আছে ।

ভাৰতত জাৰ্মান বিনিয়োগ মুখ্যতঃ পৰিবহণ, বৈদ্যুতিক সঁজুলি, ধাতুবিদ্যা উদ্যোগ, সেৱা খণ্ড (বিশেষকৈ বীমা), ৰাসায়নিক পদাৰ্থ, নিৰ্মাণ কাৰ্যকলাপ, ব্যৱসায় আৰু অটোমোবাইলত হৈছে । অটোমোবাইল আৰু যন্ত্ৰাংশকে ধৰি বেছিভাগ মুখ্য জাৰ্মান কোম্পানী ভাৰতত ইতিমধ্যে আছে । জাৰ্মানীৰ সৈতে ভাৰতৰ সহযোগিতাৰ গুৰুত্বপূৰ্ণ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আছে আন্তঃগাঁথনি, শক্তি আৰু পাৰিপাৰ্শ্বিক আৰু উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰ ।

জাৰ্মানীত ভাৰতীয় বিনিয়োগে বিগত কেইবছৰমানত যথেষ্ট বৃদ্ধি প্ৰদৰ্শন কৰিছে । ব্যৱসায়ৰ উপৰি ভাৰতীয় কোম্পানীবোৰে মূল্য শৃংখলা কাৰ্যকলাপো স্থাপন কৰিছে ।

স্থানীয়ভাৱে সামগ্ৰী নিৰ্মাণ আৰু সেৱাৰ লগতে গৱেষণা আৰু বিকাশ আৰু উদ্ভাৱন কাৰ্যকলাপত জাৰ্মানী জড়িত । জাৰ্মানীত ২১৫ তকৈও অধিক ভাৰতীয় কোম্পানীয়ে কাম কৰি আছে । তথ্য-প্ৰযুক্তি, অটোমটিভ, ফাৰ্মাচিউটিকেল, বায়'টেক আৰু উৎপাদনৰ দৰে খণ্ডই ভাৰতীয় বিনিয়োগৰ এক মুখ্য অংশ লাভ কৰিছে ।

অৱশ্যে চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে জাৰ্মানীয়ে ভাৰতৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক অধিক বৃদ্ধি কৰিব লাগিব ।

লগতে পঢ়ক :সীমান্ত টহলৰ ক্ষেত্ৰত ভাৰত-চীন চুক্তি; কিয় গুৰুত্বপূৰ্ণ ডেপচাং আৰু ডেমচোক

জাৰ্মানীয়ে চীনৰ ওপৰত ইয়াৰ অৰ্থনৈতিক নিৰ্ভৰশীলতা কিয় হ্ৰাস কৰিব বিচাৰে ?

ইউৰোপীয় ইউনিয়নৰ সৰ্ববৃহৎ অৰ্থনীতি জাৰ্মানীয়ে চীনৰ সৈতে ইয়াৰ শক্তিশালী বাণিজ্যিক সম্পৰ্কৰ পৰা দীৰ্ঘদিন ধৰি লাভান্বিত হৈছে । বিগত দুটা দশকত চীনে জাৰ্মানীৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ অটোমোবাইল, যন্ত্ৰপাতি আৰু ৰাসায়নিক পদাৰ্থৰ দৰে উদ্যোগত । অৱশ্যে বজাৰৰ প্ৰৱেশাধিকাৰ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, ৰাজসাহায্য আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ দৰে বিষয়ৰ দ্বাৰা ইন্ধন যোগোৱা ইউৰোপীয় ইউনিয়ন আৰু চীনৰ মাজত বাণিজ্যিক বিবাদ বৃদ্ধিয়ে জাৰ্মানীৰ অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাইছে ।

জাৰ্মান প্ৰতিষ্ঠানকে ধৰি ইউৰোপীয় কোম্পানীবোৰে নিয়ামক বাধা, বিদেশী বিনিয়োগৰ ওপৰত প্ৰতিবন্ধকতা, আৰু চীনা কোম্পানীবোৰৰ প্ৰতি দেশৰ পক্ষপাতিত্বৰ বাবে চীনা বজাৰত প্ৰৱেশ কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।

চীনে ৰাষ্ট্ৰৰ মালিকানাধীন উদ্যোগসমূহৰ বাবে ৰাজসাহায্যৰ ব্যাপক ব্যৱহাৰে প্ৰতিযোগিতাত প্ৰভাৱ পেলাইছে, যাৰ ফলত ইউৰোপীয় উদ্যোগসমূহ প্ৰভাৱিত হয় । এইটো জাৰ্মানীৰ উৎপাদন আৰু অটোমটিভ খণ্ডৰ বাবে বিশেষভাৱে সমস্যাজনক, য'ত চীনা প্ৰতিষ্ঠানসমূহ ৰাষ্ট্ৰীয় সমৰ্থনৰ দ্বাৰা উৎসাহিত হৈ ক্ৰমান্বয়ে প্ৰতিদ্বন্দ্বী হৈ পৰিছে ।

ইউৰোপীয় ব্যৱসায়সমূহেও প্ৰায়ে চীনত ব্যৱসায় কৰোঁতে বৌদ্ধিক সম্পত্তি চুৰি আৰু বলপূৰ্বক প্ৰযুক্তি স্থানান্তৰৰ বিষয়ে উদ্বেগৰ কথা উল্লেখ কৰে । ইয়াৰ উপৰি ইউৰোপীয় ইউনিয়নে অৰ্থনৈতিক বল প্ৰয়োগৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আহিছে, বিশেষকৈ বেইজিঙৰ নীতিক সমালোচনা কৰা দেশ বা কোম্পানীবোৰৰ বিৰুদ্ধে চীনৰ প্ৰতিশোধমূলক পদক্ষেপৰ সন্দৰ্ভত । এনে ধৰণৰ বলপূৰ্বক ব্যৱস্থাই ইউৰোপীয় ইউনিয়নৰ মুক্ত বজাৰৰ নীতিবোৰ কলুষিত কৰে আৰু ব্যৱসায়ৰ বাবে অনিশ্চয়তাৰ এটা উপাদান যোগ কৰে ।

‘Tipping Point? Germany and China in an Era of Zero-Sum Competition’ শীৰ্ষক গৱেষণা প্ৰদানকাৰী ৰোডিয়াম গ্ৰুপৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, একবিংশ শতিকাৰ প্ৰথম দুটা দশকত জাৰ্মান আৰু চীনা অৰ্থনীতি দুটা মুখ্য অৰ্থনীতিৰ দৰে পৰিপূৰক আছিল ।

"কিন্তু শেহতীয়া বছৰবোৰত এই গতিশীলতা গুৰুত্বপূৰ্ণভাৱে সলনি হ'বলৈ আৰম্ভ কৰিছে । চীনে এসময়ত আধিপত্য বিস্তাৰ কৰা উদ্যোগবোৰত জাৰ্মানীয়ে এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে ।" ৰোডিয়াম গ্ৰুপৰ নোহ বাৰ্কিন আৰু গ্ৰেগৰ চেবাষ্টিয়ানৰ দ্বাৰা লিখা আৰু এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰকাশিত প্ৰবন্ধটোত কোৱা হৈছে ।

প্ৰবন্ধটো অনুসৰি, স্থবিৰ জাৰ্মান অৰ্থনীতি আৰু অধিক অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ পটভূমিত, মুখ্য জাৰ্মান উদ্যোগবোৰত চাকৰি হেৰুওৱাটোৱে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, যিটো এতিয়ালৈকে বিশেষভাৱে নাই, আনকি চীনৰ ওপৰত চৰকাৰী ব্যৱস্থাত কঠিন হৈ পৰিছে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীয়ে সলনি কৰিছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট

জাৰ্মানীয়ে ভাৰতক চীনৰ বাবে এক ভাল বিকল্প হিচাপে কিয় লক্ষ্য কৰে ?

ৰেডিঅ' ফ্ৰান্স ইণ্টাৰনেচনেলে (আৰ এফ আই) বুধবাৰে শ্চোলজৰ ভাৰত ভ্ৰমণৰ পূৰ্বে জাৰ্মান বিত্ত মন্ত্ৰী ৰবাৰ্ট হাবেকৰ উদ্ধৃতি দি কয়, "বিশ্বৰ আটাইতকৈ জনবহুল দেশ ভাৰত ভাৰত-প্ৰশান্ত মহাসাগৰত জাৰ্মান অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু জাৰ্মান অৰ্থনীতিৰ বিচিত্ৰকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।"

"আমি গুৰুত্বপূৰ্ণ নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব (চীনৰ ওপৰত) আৰু জাৰ্মান কোম্পানী আৰু এছিয়ালৈ অহা-যোৱা কৰা সেইবোৰৰ যোগান শৃংখলাৰ স্থিতিস্থাপকতা শক্তিশালী কৰিব লাগিব ।" হাবেকে কয় ।

আৰ এফ আই প্ৰতিবেদনত জাৰ্মান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ (German Chamber of Commerce and Industry, DIHK) বৈদেশিক বাণিজ্যৰ মুৰব্বী ভলকাৰ ট্ৰেয়েৰৰ উদ্ধৃতি দি কোৱা হৈছে যে ভাৰতত জাৰ্মান প্ৰত্যক্ষ বিনিয়োগৰ মূল্য ২০২২ চনত প্ৰায় ২৫ বিলিয়ন ইউৰো, যিটো হৈছে চীনত বিনিয়োগ কৰা পৰিমাণৰ প্ৰায় ২০ শতাংশ ।

ট্ৰেয়াৰৰ মতে, দশকটোৰ শেষলৈ উক্ত অংশ ৪০ শতাংশলৈ বৃদ্ধি হ'ব পাৰে । "চীন নাইকিয়া নহ'ব, কিন্তু জাৰ্মান কোম্পানীবোৰৰ বাবে ভাৰত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব ।" তেওঁ কয় । "ভাৰত হৈছে লিটমাছ পৰীক্ষা, ক'বলৈ গ'লে । যদি চীনৰ বিপদাশংকা মুক্ত কৰাটোৱে কাম কৰিব লাগে, ভাৰত হৈছে মূল চাবিকাঠি... বজাৰৰ আকাৰ আৰু দেশৰ অৰ্থনৈতিক গতিশীলতাৰ বাবে ।"

বিগত সপ্তাহত, জাৰ্মান কেবিনেটে 'ভাৰতৰ ওপৰত গুৰুত্ব' নামৰ এক গুৰুত্বপূৰ্ণ কৌশলগত নথি গ্ৰহণ কৰিছিল, যিয়ে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ভৱিষ্যতৰ দিশৰ ওপৰত আলোকপাত কৰে । জাৰ্মান চৰকাৰে কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰিব বিচাৰে, যিয়ে ২০০০ চনৰ পৰা ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন স্তৰলৈ উন্নীত কৰিছে । নথিখনত 'অৰ্থনীতি, বাণিজ্য আৰু কৃষি' শীৰ্ষক অধ্যায়টোত কোৱা হৈছে যে "ভাৰতৰ অৰ্থনীতি উদ্ভাৱনীমূলক আৰু গতিশীল গতিত বিকশিত হৈছে" ।

"মাত্ৰ কেইবছৰমানৰ ভিতৰতে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব বুলি আশা কৰা হৈছে ।" ইয়াত উল্লেখ কৰা হৈছে । "এই উন্নয়নে এছিয়াৰ সৈতে আমাৰ অৰ্থনৈতিক আৰু বৈদেশিক বাণিজ্যিক সম্পৰ্কৰ বিচিত্ৰতা আনিবলৈ বৃহৎ সুযোগ প্ৰদান কৰে । ভাৰতৰ সৈতে ঘনিষ্ঠ অৰ্থনৈতিক সম্পৰ্কৰ দ্বাৰা জাৰ্মান কোম্পানীৰ যোগান শৃংখলাৰ স্থিতিস্থাপকতা বৃদ্ধি পাব । সেয়েহে আমি বাণিজ্য আৰু বিনিয়োগৰ প্ৰতিবন্ধকতা হ্ৰাস কৰিবলৈ আৰু আমাৰ অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ ভাৰতৰ সৈতে কাম কৰিব বিচাৰোঁ । বিশেষকৈ, ইয়াৰ ভিতৰত আছে বিশ্ব বাণিজ্য সংস্থাৰ কেন্দ্ৰত থকা মুক্ত, নিয়ম-ভিত্তিক বহুপাক্ষিক বাণিজ্য ব্যৱস্থা শক্তিশালী কৰা ।"

সহজ ভাষাত ক'বলৈ গ'লে, যদি সকলোবোৰ জাৰ্মানীৰ পৰিকল্পনা অনুসৰি হয়, চীনৰ লোকচান হ'ব ভাৰতৰ বাবে লাভ ।

লগতে পঢ়ক :আত্মসন্মান আন্দোলন : সামাজিক ন্যায়ৰ এটা শতিকা আৰু বৰ্তমানো ইয়াৰ প্ৰাসংগিকতা

ABOUT THE AUTHOR

...view details