নিউজ ডেস্ক, 11 জুন:লোকসভা নিৰ্বাচন অন্ত পৰাৰ পিচতেই বৃদ্ধি পাইছিল টোল টেক্স ৷ ৰাজপথেৰে যাত্ৰা কৰাৰ সময়ত টোল টেক্স প্ৰদানৰ অভিজ্ঞতা আপোনাৰো নিশ্চয় হৈছে ৷ বহু সময়ত টোল প্লাজাত গুণ্ডাগিৰি চলাৰ গোচৰো পোহৰলৈ আহে । টোল প্লাজাত টোল টেক্সক লৈ সঘনাই টোল কৰ্মী আৰু চালকৰ মাজত কাজিয়াৰ ঘটনা সংঘটিত হয় ।
শেহতীয়াকৈ এটা টোল প্লাজাত একেধৰণৰ ঘটনা পোহৰলৈ আহিছে, য’ত টোল টেক্সক লৈ হোৱা বিবাদৰ ফলত এখন এক্সকেভেটৰৰ চালকে সংঘটিত কৰিলে এক আচৰিত কাণ্ড ৷ খঙত হিতাহিত জ্ঞান হেৰুৱাই চালকজনে এক্সকেভেটৰেৰে টোল প্লাজাটোৰ কিছু অংশ ভাঙি পেলায় ।
লগতে পঢ়ক:যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway
এক্সকেভেটৰেৰে টোল প্লাজাটো ভাঙি পেলোৱা দেখি টোল কৰ্মীসকলে সেই স্থানৰ পৰা পলাই গৈ দূৰৈত অৱস্থান কৰে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক্সকেভেটৰৰ চালকে টোল প্লাজা ভাঙি পেলোৱাৰ ভিডিঅ’ ।
ঘটনাটো উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ পিলখুৱা কোটৱালি অঞ্চলৰ । মঙলবাৰে পুৱা পিলখুৱা কোটৱালি অঞ্চলৰ ছিজৰ্চী টোল প্লাজাত টোল টেক্স নিদিয়াকৈ পাৰ হ’বলৈ চেষ্টা চলাইছিল এজন এক্সকেভেটৰৰ চালকে । টোল কৰ্মীসকলে টোল টেক্স দিবলৈ কোৱাত চালক আৰু টোল কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ।