বস্তৰ : আজি ১৪ ফেব্ৰুৱাৰী আৰু বিশ্বজুৰি এই দিনটো ভেলেণ্টাইন ডে' অৰ্থাৎ প্ৰেমৰ দিন বুলি জনা যায় । এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰেমৰ কাহিনীও স্মৰণ কৰা যায় । তাৰ ভিতৰত অন্যতম হৈছে ছত্তীশগড়ৰ ঝিটকু মিটকীৰ অমৰ প্ৰেম কাহিনী । বস্তৰৰ এই প্ৰেমিকযুগলে এদিন প্ৰেমৰ বাবেই প্ৰাণ দিছিল আৰু চিৰদিনৰ বাবে অমৰ হৈ ৰ’ল ।
ঝিটকু মিটকী কোন ?
বস্তৰৰ ইতিহাস সম্পৰ্কে অৱগত অবিনাশ প্ৰসাদে ঝিটকু মিটকীৰ কাহিনী বৰ্ণনা কৰিছে । তেওঁ উল্লেখ কৰে যে কোণ্ডাগাওঁৰ জিলা সদৰৰ পৰা প্ৰায় ৫০ ৰ পৰা ৬০ কিলোমিটাৰ দূৰত বিশ্ৰামপুৰলৈ যোৱাৰ পথত পেন্দ্ৰাৱান নামৰ এখন গাঁও আছে । মিটকী এই গাঁওখনৰে বাসিন্দা আছিল । মিটকীৰ ৭ জন ভাতৃ আছিল । ৭ জন ভাতৃৰ মাজত একমাত্ৰ ভগ্নী মিটকী । যাৰ বাবে ভাতৃকেজনে মিটকীক বহুত মৰম কৰিছিল । প্ৰতিদিনে পুৱা শুই উঠিয়ে আটাইকেইজন ভাতৃয়ে প্ৰথমে মিটকীৰ মুখ চাইহে দিনটো আৰম্ভ কৰিছিল । ভাতৃকেইজনৰ মৰম, আদৰৰ মাজত মিটকী ডাঙৰ-দীঘল হৈছিল । সময় এনেদৰেই গৈ আছিল । সেই সময়ছোৱাত গাঁওখনত এখন মেলাৰ আয়োজন কৰা হৈছিল । এই মেলাত মিটকীয়ে ঝিটকুক লগ পাইছিল । প্ৰথম দেখাতে তেওঁলোকৰ মাজত প্ৰেম হৈছিল ।
ভাতৃকেইজনে ঘৰ-জোঁৱাই হোৱাৰ চৰ্ত ৰাখিছিল
ঝিটকু চুবুৰীয়া গাঁওখনৰ বাসিন্দা আছিল । মিটকী আৰু ঝিটকুৱে পৰস্পৰক প্ৰায়ে লগ কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ প্ৰেম গভীৰ হৈ গৈ থাকিল । তেওঁলোকে আনকি একেলগে জীৱন মৰণৰো পণ ল'লে । তাৰ মাজতে এদিন ঝিটকুৱে মিটকীক বিয়াৰ প্ৰস্তাৱ দিলে আৰু তেওঁ ভাতৃকেইজনৰ সন্মুখত সেই প্ৰস্তাৱ ৰাখিলে । কিন্তু মিটকীৰ ভাতৃকেইজনে চৰ্ত ৰাখিলে যে ঝিটকু ঘৰ-জোঁৱাই হৈ থাকিব লাগিব । যিহেতু ঝিটকু অকলশৰীয়া আছিল আৰু তেওঁৰ পৰিয়ালত কোনোৱে নাছিল । তেওঁ মিটকীকো বহুত ভাল পাইছিল, সেয়ে ঝিটকুৱে লগে লগে সন্মত হৈছিল । এনেদৰে ঝিটকুৱে মিটকীক বিয়া কৰাইছিল । ঝিটকুৱে গাঁওখনতে মিটকীৰ বাবে এটা পৃথক মাটিৰ ঘৰ নিৰ্মাণ কৰিছিল । তেওঁলোকে একেলগে তাত সুখেৰে থাকিবলৈ আৰম্ভ কৰিলে । বিয়াৰ পিছত তেওঁলোকৰ জীৱন আনন্দময় আৰু উৎসাহেৰে ভৰি পৰিছিল । কিন্তু একেখন গাঁৱতে থাকি মিটকী আন এটা ঘৰত থকাটো তেওঁ ভাতৃকেইজনে ভালপোৱা নাছিল আৰু অস্বস্তি অনুভৱ কৰিছিল ।
তান্ত্ৰিকে দিলে নৰবলিৰ প্ৰস্তাৱ
ইফালে তেওঁলোকৰ গাঁওখনত খৰাং পৰিল । গাঁওখনৰ একমাত্ৰ পুখুৰীটোৰ পানীও শুকাই গৈছিল । গাঁওবাসীয়ে ইয়াৰ কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছিল । গাঁওখনলৈ এজন তান্ত্ৰিকক মাতি অনা হৈছিল । তান্ত্ৰিকজনে কৈছিল যে যদি নৰবলি দিয়া হয় তেন্তে পুখুৰীটো শুকাই নাযায় আৰু পুখুৰীটো সদায় পানীৰে ভৰি থাকিব । তান্ত্ৰিকজনে লগতে এইটোও ক'লে যে বলি দিয়া লোকজন গাঁওখনৰ বাহিৰৰ লোক হ'ব লাগিব । তাৰ পিছতে গাঁৱৰ একাংশ লোকে মিটকীৰ ভাতৃকেইজনক প্ৰলোভন দিবলৈ আৰম্ভ কৰিলে যে ঝিটকু গাঁওখনৰ নহয় আৰু তেওঁক বলি দিলে কেৱল গাঁৱৰ পুখুৰীলৈ পানী ঘূৰি অহাই নহয় তেওঁলোকৰ খ্যাতি গাঁও আৰু ইয়াৰ চাৰিওফালৰ অঞ্চললৈও বিয়পি পৰিব ।