অসম

assam

ETV Bharat / bharat

৪৩ বছৰীয়া যুগ্ম জীৱনৰ ইতি: পত্নীক ভৰণ-পোষণৰ বাবে স্বামীয়ে ৩.৭ কোটিত বেচিলে মাটি - HARYANA COUPLE DIVORCED IN CRORES

৬৯ বছৰীয়া স্বামী আৰু ৭৩ বছৰীয়া পত্নীৰ বিবাহ বিচ্ছেদৰ গোচৰ ৷ পত্নীৰ ভৰণ-পোষণৰ বাবে স্বামীয়ে মাটি বিক্ৰী কৰি দিলে ৩.৭ কোটি টকা ৷

Elderly Haryana Couple Divorces After 43 Years
৪৩ বছৰৰ পাচত বিবাহ বিচ্ছেদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 12:05 PM IST

পঞ্চকুলা (হাৰিয়ানা) :সাত জনম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাই বিবাহৰ দৰে পবিত্ৰ বান্ধোনত বান্ধ খাই পৰে ৷ বিবাহ কেৱল এক দায়িত্বই নহয়, ই হৈছে প্ৰেম, বিশ্বাস আৰু ইজনে সিজনৰ প্ৰতি ৰখা সহানুভূতি ৷ এই বন্ধনক আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় যদিও শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ দৰে ঘটনা সঘনে বাঢ়িবলৈ ধৰিছে । সৰু সৰু কথাতে স্বামী-স্ত্ৰী দুয়ো নিজৰ সংসাৰ ভাঙি পেলোৱা দেখা যায় ।

আজি আমি ক’বলৈ লৈছো, এটা দম্পতীৰ বিবাহ বিচ্ছেদৰ ঘটনা ৷ বিয়াৰ ২-৩ বছৰৰ পাছৰ এই কথা নহয় ৷ বিয়াৰ ৪৩ বছৰৰ পাছত এটা দম্পতীয়ে বেলেগ বেলেগ পথত খোজকঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আপোনালোকে জানি আচৰিত হ’ব যে বিবাহৰ ৪৩ বছৰৰ পাছত বিবাহ বিচ্ছেদৰ সময়ত স্বামীয়ে পত্নীক ৩.৭ কোটি টকা ভৰণ-পোষণৰ খৰচ দিবলৈ সন্মত হয় ।

এই পৰিমাণ দিবলৈ স্বামীয়ে আনকি নিজৰ কৃষিভূমিও বিক্ৰী কৰিব লগা পৰিস্থিতি আহি পৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে স্বামীৰ বয়স প্ৰায় ৬৯ বছৰ আৰু পত্নীৰ বয়স ৭৩ বছৰ ৷ দুয়োজনেই বিগত প্ৰায় ১৮ বছৰে সুকীয়া সুকীয়াকৈ বাস কৰিছিল । এই বিবাহ বিচ্ছেদৰ ঘটনাটো হাৰিয়ানাৰ কৰ্ণাল জিলাৰ ৷

১৯৮০ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো :

হিন্দু ৰীতি-নীতি অনুসৰি ১৯৮০ চনৰ ২৭ আগষ্টত দুয়োৰে বিবাহ হৈছিল । বিয়াৰ পিছত তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ জন্ম হয় । কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক কিছু ঠুনুকা হৈ পৰে ।

অৱশেষত ২০০৬ চনৰ ৮ মে’ত দম্পতীটোৱে ইজনে সিজনৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰে । স্বামীয়ে মানসিক অশান্তিৰ দোহাই দি কৰ্ণালৰ পৰিয়াল আদালতত (Family Court) বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে । কিন্তু ২০১৩ চনৰ জানুৱাৰী মাহত পৰিয়াল আদালতে এই আবেদন নাকচ কৰে ।

উচ্চ ন্যায়ালয়ৰ মধ্যস্থতাত সন্মতি :

এই গোচৰত উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰা হৈছিল । ২০২৪ চনৰ ৪ নৱেম্বৰত এই বিষয়ত নিষ্পত্তি কৰিবলৈ মধ্যস্থতা কৰা হয় । এই সময়ছোৱাত দুয়োপক্ষই ৩.৭ কোটি টকা দি বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হয় ।

কৃষিভূমি আৰু শস্য বিক্ৰী কৰি ধন প্ৰদান :

চুক্তি অনুসৰি স্বামীয়ে নিজৰ কৃষিভূমি বিক্ৰী কৰি পত্নীক ২.১৬ কোটি টকাৰ ডিমাণ্ড ড্ৰাফ্ট (Demand Draft) দিয়ে । ইয়াৰ উপৰিও স্বামীয়ে কুঁহিয়াৰ আৰু অন্যান্য বিভিন্ন শস্য বিক্ৰী কৰি লাভ কৰা ধনৰ পৰা জে-ফৰ্মৰ অধীনত ৫০ লাখ টকা নগদ ধন পৰিশোধ কৰে ।

চুক্তিখনত স্পষ্ট কৰি দিয়া হৈছিল যে ৩.৭ কোটি টকাৰ ধনৰাশি স্থায়ী জীৱিকা হিচাপে গণ্য কৰা হ’ব । কিন্তু ইয়াৰ পিছত পত্নী আৰু সন্তানে স্বামী বা তেওঁৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ সাব্যস্ত নকৰে ।

মৃত্যুৰ পিছতো সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই :

এইক্ষেত্ৰত মধ্যস্থতাকাৰীসকলৰ জৰিয়তে এই সিদ্ধান্ত লোৱা হৈছিল যে স্বামীৰ মৃত্যুৰ পিছতো পত্নী আৰু সন্তানে সম্পত্তিৰ ওপৰত কোনো দাবী কৰিব নোৱাৰিব । এই চুক্তি মানি লৈ ন্যায়াধীশ সুধীৰ সিং আৰু ন্যায়াধীশ যশজিৎ সিং বেদীৰ বিচাৰপীঠে বিবাহ বিচ্ছেদ সন্দৰ্ভত এই আদেশ জাৰি কৰে ।

লগতে পঢ়ক :বৰ্ধিত বিবাহ বিচ্ছেদৰ মুখ্য কাৰণসমূহ - Reasons Of Divorce

ABOUT THE AUTHOR

...view details