নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী :দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা কেন্দ্ৰীয় সংস্থা ইডিয়ে পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চমন জাৰি কৰিছে । ২৬ ফেব্ৰুৱাৰীত তেওঁক সোধা-পোছাৰ বাবে কাৰ্যালয়লৈ মাতি পঠিয়াইছে ।
ইয়াৰ পূৰ্বে, ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে ৬ বাৰকৈ চমন জাৰি কৰিছিল । ইডিয়ে ১৯ ফেব্ৰুৱাৰীত তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল । তাৰ পূৰ্বে ৩১ জানুৱাৰীত আৰু ২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীক সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল । কিন্তু তেতিয়া মুখ্যমন্ত্ৰী ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল । পিচত ইডিয়ে আদালতৰ হস্তক্ষেপ বিচাৰি ৰাউজ এভিনিউ আদালতত আবেদন দাখিল কৰিছিল ।
আদালতে ১৭ ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল । কেজৰিৱালে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰিছিল আৰু কৈছিল যে তেওঁ বৰ্তমান দিল্লী বিধানসভাৰ বাজেট অধিবেশনত ব্যস্ত আৰু তেওঁ নিশ্চিতভাৱে পৰৱৰ্তী শুনানিত উপস্থিত থাকিব ।
বৃহস্পতিবাৰে ইডিয়ে সুৰা নীতি সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে । অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে এই সুৰা নীতি সন্দৰ্ভত প্ৰস্তুত কৰা খচৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত কৰা হৈছিল আৰু গোটেই বিষয়টো তেওঁৰ জ্ঞাত । দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰথম চমন জাৰি কৰিছিল ।