নতুন দিল্লী : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান । বৃহস্পতিবাৰে নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ চমুকৈ এইমছত মৃত্যুবৰণ কৰে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰজনৰ । ড৹ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিছিল মনমোহন সিঙে ।
আনহাতে, প্ৰায় ৩৩ বছৰ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল । অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল । তেওঁ ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হৈছিল আৰু ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তদানীন্তন নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
প্ৰথমবাৰ দক্ষিণ দিল্লী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু সংসদত উপনীত হ'ব পৰা নাছিল
অৱশ্যে তেওঁ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল । প্ৰথমবাৰৰ বাবে তেওঁ দক্ষিণ দিল্লী আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁ সংসদৰ নিম্ন সদনৰ বাবে যোগ্যতা অৰ্জন কৰা নাছিল । মনমোহন সিঙে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰথম লোকসভা নিৰ্বাচনত দেশৰ ৰাজধানী দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
অৱশ্যে তেওঁ এই নিৰ্বাচনত সফল হ'ব নোৱাৰিলে । তেওঁ বিজেপি প্ৰাৰ্থী অধ্যাপক বিজয় কুমাৰ মালহোত্ৰাৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগা হৈছিল । দেশৰ চতুৰ্থ লোকসভা নিৰ্বাচনৰ সময়ত ১৯৬৬ চনত দক্ষিণ দিল্লী লোকসভা সমষ্টিটো সৃষ্টি কৰা হৈছিল ।
১৯৯১ চনত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰথম নিৰ্বাচনত
১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু তেওঁ তদানীন্তন বিজেপি নেতা বিজয় কুমাৰ মালহোত্ৰাৰ হাতত ৩০,০০০ ভোটত পৰাজিত হৈছিল ।