নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী:শনিবাৰে ৰাঁচীৰ উপকণ্ঠ অঞ্চলত সৰস্বতীৰ মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা ৷ দুটা দলৰ মাজত শিলগুটি নিক্ষেপ কৰাৰ ফলত দুজন আৰক্ষীকে ধৰি কমেও 8 জন লোক আহত হয় । আৰক্ষীৰ গাড়ীকে ধৰি কেইবাখনো বাহনৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে ।
শুকুৰবাৰে নিশা নাগ্ৰী মেইন ৰোডত সৰস্বতী মূৰ্তি বিসৰ্জনৰ বাবে আহে এটা শোভাযাত্ৰাৰ দল ৷ উক্ত সময়ত এটা দলে শোভাযাত্ৰাত থকা একাংশ লোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । তাৰ পিছত দুয়োফালৰ পৰা শিলগুটি নিক্ষেপ কৰি বহু লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা একাংশ আৰক্ষীও শিলগুটি নিক্ষেপৰ ফলত আঘাত পোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
ৰাঁচীৰ মহকুমা বিষয়া উৎকৰ্ষ কুমাৰে পিটিআইক জনোৱা মতে, "ৰাঁচীৰ নাগ্ৰী চক্ৰত 144 ধাৰা জাৰি কৰা হৈছে । অঞ্চলটোত যিকোনো ধৰণৰ শোভাযাত্ৰা, বিক্ষোভ, অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে।"