নিউজ ডেস্ক, ১৫ জুন :বিপদত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল । দিল্লী উচ্চ ন্যায়ালয়ে সুনীতাৰ উপৰি কেইবাটাও সামাজিক মাধ্যম প্লেটফৰ্মলৈ জাননী জাৰি কৰিছে । ফেচবুক, ইউটিউব আৰু অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মকে ধৰি সকলো পক্ষকে জাননী জাৰি কৰা হৈছে । আদালতৰ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত ভিডিঅ' কনফাৰেন্সত নিয়ম উলংঘনৰ বাবে এই জাননী জাৰি কৰা হৈছে ।
দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত অভিযোগ কৰা হৈছিল যে ২৮ মাৰ্চত ভিডিঅ' কনফাৰেন্সৰ পৰা আদালতত অৰবিন্দ কেজৰিৱালৰ হাজিৰ হোৱাৰ কিছু অংশ ৰেকৰ্ড কৰা হৈছিল আৰু সামাজিক মাধ্যমত পোষ্ট কৰা হৈছিল ।
আনহাতে, উচ্চ ন্যায়ালয়ে সুনীতা কেজৰিৱাল আৰু গোচৰটোৰ আন পাঁচ ব্যক্তিগত আৰোপীক পোষ্টবোৰ বিলোপ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে সেইদিনা ৰেকৰ্ড কৰা ভিডিঅ'টোৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়া কোম্পানীসমূহক আন যিকোনো পোষ্ট বা ৰি-পোষ্ট বিলোপ কৰিবলৈও নিৰ্দেশ দিয়ে । আদালতে এই গোচৰটোত ৯ জুলাইত শুনানি ল'ব ।
ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণা আৰু অমিত শৰ্মাৰ এক খণ্ড বিচাৰপীঠে ভিডিঅ' কনফাৰেন্সিং নিয়ম উলংঘা কৰাৰ অভিযোগত সুনীতা কেজৰিৱাল আৰু আন পক্ষৰ বিৰুদ্ধে এখন পি আই এলৰ ওপৰত জাননী জাৰি কৰে । এই পি আই এল দিল্লীস্থিত অধিবক্তা বৈভৱ সিঙে দাখিল কৰে । তেওঁ অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ পত্নী আৰু অন্যান্যসকলে ইচ্ছাকৃতভাৱে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাননী দিয়া ভিডিঅ' কনফাৰেন্সিং নিয়ম উলংঘা কৰিছে ।
আবেদনখনত লগতে অভিযোগ কৰা হৈছে যে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলৰ সদস্যসকলে আদালতৰ কাৰ্যক্ৰমৰ অডিঅ' বা ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বাবে এক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ কৰিছিল । ইয়াৰ উপৰি এই আবেদনত এনে অনুমোদনবিহীন ৰেকৰ্ডিঙৰ পুনৰাবৃত্তি আৰু পৰৱৰ্তী প্ৰচাৰ প্ৰতিহত কৰিবলৈ আৰু নিৰ্দেশনা পালন নকৰাৰ বাবে যিকোনো ব্যক্তি বা সংস্থাৰ ওপৰত জৰিমনা আৰোপ কৰিবলৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিৰ্দেশনা জাৰি কৰিবলৈও অনুৰোধ কৰা হৈছে ।
উল্লেখ্য় যে, অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত এটা ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।