অসম

assam

ETV Bharat / bharat

দিল্লীৰ অগ্নিকাণ্ডত নিহত শিশুৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাকৈ সাহাৰ্য ঘোষণা - Hospital fire tragedy - HOSPITAL FIRE TRAGEDY

FIRE INCIDENT IN DELHI : দিল্লীৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ৭ টাকৈ শিশুৰ মৃত্যু ৷ ইয়াৰ পিচতেই প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা সাহাৰ্য ঘোষণা ।

Prime Minister National Relief Fund
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)

By ANI

Published : May 26, 2024, 4:37 PM IST

নেশ্য়নেল ডেস্ক, ২৬ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিবেক বিহাৰ এলেকাত থকা এখন হাস্পতালত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহত প্ৰতিটো মৃত শিশুৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে । তদুপৰি আহত সকলৰ প্ৰতিজনক ৫০,০০০ টকাকৈ দিয়া হ'ব বুলিও ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে 'এক্স'ত পোষ্ট কৰি কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডৰ ঘটনাত দুখ প্ৰকাশ কৰিছে ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উক্ত ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি 'এক্স'ত পোষ্টত কয়," দিল্লীৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ দুৰ্ঘটনা হৃদয়স্পৰ্শী । এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো । আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হোৱাৰ বাবেও মই প্ৰাৰ্থনা জনাইছো ।"

উল্লেখ্য় যে ৰাজধানী চহৰ নতুন দিল্লীৰ বিবেক বিহাৰ এলেকাত থকা এখন শিশু হাস্পতালতহে শনিবাৰে নিশা প্ৰায় 11.32 বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ এই ঘটনাত মৃত্যুক সাৱটি লৈছে ৭ টি শিশুৱে ৷ এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এই চিকিৎসালয়খনত ভৰ্তি হৈ আছিল 12 টিকৈ শিশু ৷

ইফালে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ (National Commission for Protection of Child Rights) অধ্যক্ষ প্ৰিয়ংক কানুনগোৱে কয় যে আয়োগে অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। এনচিআৰপিচি এটা দলে ঘটনাটোৰ তদন্ত কৰিবলৈ আজি চিকিৎসালয়লৈ যাব বুলি কয় ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে । এই দলটোৰ ভ্ৰমণৰ পিছত উক্ত ঘটনা সন্দৰ্ভত তথ্য প্ৰকাশ কৰা হ'ব বুলি দেওবাৰে তেওঁ 'এক্স'ত পোষ্ট কৰিছে ।

আনহাতে, দিল্লী অগ্নিনিৰ্বাপক বিভাগৰ সঞ্চালক অতুল গাৰ্গে এই সন্দৰ্ভত মন্তব্য় কৰি কয় যে সম্ভৱতঃ উক্ত বেবী কেয়াৰ চেণ্টাৰৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নাছিল । এই কেন্দ্ৰটোৰ গৰাকী নবীন কিচি এতিয়াও পলাতক হৈ আছে বুলিও তেওঁ কয় । দিল্লী আৰক্ষীয়ে ইতিমধ্য়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 336 আৰু 304 (এ )ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে । দিল্লী অগ্নিনিৰ্বাপক বিভাগৰ সঞ্চালক অতুল গাৰ্গে কয়,"আমি প্ৰথমতে সাতখন অগ্নিনিৰ্বাপক গাড়ী প্ৰেৰণ কৰিছিলো । তাৰ পিছত আৰু পাঁচখন পঠিয়াইছিলো । আমি বহুত চেষ্টা কৰিছিলো ।"

তেওঁ লগতে কয়,"ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনাটোত নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে ।" 'এক্স' পোষ্টত ৰাষ্ট্ৰপতিৰাকীয়ে কয়,"দিল্লীৰ বিবেক বিহাৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ডৰ ফলত কেইবাটাও শিশুৰ মৃত্যু হোৱাৰ খবৰ হৃদয় বিদাৰক । ঈশ্বৰে শোকসন্তপ্ত পিতৃ-মাতৃ আৰু আত্মীয়সকলক এই বেদনা সহ্য কৰিবলৈ শক্তি দিয়ক । মই এই ঘটনাত আঘাতপ্ৰাপ্ত আন শিশুৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।"

ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়,"শিশু চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ এই ঘটনাটো হৃদয়বিদাৰক । আমি সকলোৱে তেওঁলোকৰ লগত আছো যিসকলে এই দুৰ্ঘটনাত তেওঁলোকৰ সন্তানক হেৰুৱাইছে । চৰকাৰ আৰু প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত আহতসকলক চিকিৎসা প্ৰদান কৰাত ব্যস্ত হৈ আছে ।" এই ঘটনাটোৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰা হৈছে আৰু ইয়াৰ গাফিলতিৰ বাবে যিয়েই দায়ী তেওঁৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

লগতে পঢ়ক:চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 7 শিশু - Fire In Delhi Baby Care Hospital

তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ১১ গৰাকী লোকৰ মৃত্যু - BUS ACCIDENT IN UP

ABOUT THE AUTHOR

...view details