নেশ্যনেল ডেস্ক, ২৯ জুলাই : দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰত কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী প্ৰৱেশ কৰাৰ ফলত তিনিগৰাকী ছাত্ৰৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ বাবে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰে ৷ এই কমিটীখনক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা, দায়বদ্ধ পক্ষক চিনাক্ত কৰা আৰু ভৱিষ্যতে এনে কাণ্ড ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াবলৈ দায়িত্ব দিয়া হৈছে ।"
গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই 'X' ত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয়, "নতুন দিল্লীৰ পুৰণি ৰাজিন্দৰ নগৰৰ এটা কোচিং চেণ্টাৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ তদন্তৰ বাবে এম এইচ এই এখন কমিটী গঠন কৰিছে । কমিটীয়ে কাৰণসমূহৰ তদন্ত কৰি দায়িত্ব নিৰ্ধাৰণ কৰিব, ব্যৱস্থাৰ পৰামৰ্শ দিব আৰু নীতি পৰিৱৰ্তনৰ পৰামৰ্শ দিব ।"
লগতে পঢ়ক:পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ - Rau’s IAS Study circle in Delhi