ETV Bharat / bharat

ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ; গ্ৰেপ্তাৰ ৭ - BANGLADESH VIOLENCE

ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় আক্ৰমণৰ ঘটনাৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ ৷ চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ ৷

Hindu community in Bangladesh
বাংলাদেশৰ হিংসা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 12:46 PM IST

আগৰতলা : সোমবাৰে আগৰতলাত সোঁপন্থী (right-wing activists) কৰ্মীৰ এটা দলে নিৰাপত্তা ভংগ কৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় ৷ লগতে চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই দলটোৱে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ পাচতে ত্ৰিপুৰা আৰক্ষীয়ে অধিক ক্ষিপ্ৰতাৰে এই ব্যৱস্থা গ্ৰহণ কৰে ।

উল্লেখ্য যে, সোঁপন্থী সংগঠন ‘‘হিন্দু সংঘৰ্ষ সমিতি’’(Hindu Sangharsh Samity)ৰ উদ্যোগত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই বৃহৎ প্ৰতিবাদৰ সময়ত উক্ত ঘটনাটো সংঘটিত হয় । বাংলাদেশত থকা হিন্দু সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ লগতে ইস্কনৰ সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক আটক কৰি ৰখাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

প্ৰথম অৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল, কিন্তু একাংশ প্ৰতিবাদকাৰীয়ে স্মাৰক পত্ৰ দাখিলৰ সময়ত জোৰ-জবৰদস্তি উচ্চ আয়োগৰ চৌহদত প্ৰৱেশ কৰাত উত্তেজনা বৃদ্ধি পায় । বাংলাদেশৰ জাতীয় পতাকাৰ অপমান কৰা কাৰ্যক নিন্দা কৰাৰ লগতে কাৰ্যালয়ৰ চাৰিওকাষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : চিন্ময় কৃষ্ণ প্ৰভুক আদালতত আইনী মেৰপাকৰ পৰা ৰক্ষা কৰাই দোষ হ’ল ৰমেন ৰয়ৰ : কলকাতা ইস্কনৰ মুখপাত্ৰ

পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে কয় যে নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে উক্ত ঘটনাটো সংঘটিত হ’ল ৷ যাৰ অপৰাধত কেবাজনো আৰক্ষী জোৱানৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় অনুশাসনমূলক ব্যৱস্থা । লগতে কুমাৰে কয় যে তিনিজন উপ-পৰিদৰ্শকক নিলম্বন কৰা হৈছে আৰু এজন উপ-আৰক্ষী অধীক্ষকক আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহাই প্ৰতিবাদৰ সময়ত শান্তি শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনায় ৷ লগতে তেওঁ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

‘‘শান্তিপূৰ্ণ বিক্ষোভ গণতান্ত্ৰিক অধিকাৰ হ’লেও এনে আচৰণ গ্ৰহণযোগ্য নহয় । এই কাৰ্যক তীব্ৰ গৰিহণা দিছো । আইন-শৃংখলা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।’’ মুখ্যমন্ত্ৰীয়ে এইদৰে কয় ।

লগতে পঢ়ক : আগৰতলাত বাংলাদেশ মিছনত প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰী, নমোৱা হ’ল পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.