ETV Bharat / bharat

বাংলাদেশ চলো অভিযান: আখৌৰা চেকপোষ্টত ত্ৰিপুৰা আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি - BANGLADESH CHALO ABHIYAN

বাংলাদেশত সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰ আৰু ইস্কন সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী ৷

Tripura Police Tightens Security at Akhaura ICP Amid 'Bangladesh Chalo Abhiyan' protest
বাংলাদেশ চলো অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 2:46 PM IST

আগৰতলা : পৰিকল্পিত ‘‘বাংলাদেশ চালো অভিযান’’ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাৰ আখৌৰা সংহত চেকপোষ্টৰ [Akhaura Integrated Check Post (ICP)] আশে-পাশে নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলে ৷

ত্ৰিপুৰা বাংলাদেশৰ সৈতে ৮৫৬ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে ৷ সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰ আৰু ইস্কন সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে দেশ তথা ৰাজ্যজুৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

বাংলাদেশ চলো অভিযান (ETV Bharat)

প্ৰথমে আজি (মঙলবাৰে) বিয়লি ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনৰ সন্মুখৰ পৰা আগৰতলাৰ আখৌৰা চেকপোষ্টলৈ এক বিক্ষোভ প্ৰতিবাদী সমদল ৰূপায়ণ কৰাৰ কথা আছিল । কিন্তু প্ৰতিবাদী সমাৱেশ ৰূপায়ণ কৰিব বিচৰা গোটটোক অনুমতি দিয়া হোৱা নাই ৷ এই কথা নিশ্চিত কৰিছে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ; গ্ৰেপ্তাৰ ৭

‘‘আজি বাংলাদেশ চলো অভিযানৰ প্ৰতিবাদী সমাৱেশৰ পৰিকল্পনা কৰা হৈছিল । তেওঁলোকে আমাৰ অনুমতি বিচাৰিছিল, কিন্তু সেই অনুমতি অস্বীকাৰ কৰা হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে আমি অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছো আৰু আগৰতলা-আখৌৰা সংহত চেকপোষ্টৰ চাৰিওফালে বেৰিকেড স্থাপন কৰিছো, যাতে অঞ্চলটো সুৰক্ষিত হৈ থাকে ।’’ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে এইদৰে কয় ।

ICP ৰ জৰিয়তে আগৰতলা আৰু বাংলাদেশৰ মাজত যাত্ৰীৰ চলাচল নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে ভাৰত চৰকাৰে স্থাপন কৰা ইন্টিগ্ৰেটেড চেকপোষ্টৰ লক্ষ্য হৈছে সীমা অতিক্ৰম কৰি বাণিজ্য সু-শৃংখলিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় স্থল সীমাত যাত্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰা ।

বৰ্তমান ত্ৰিপুৰাত দুটা কাৰ্যকৰী ICP আছে- পশ্চিম জিলাৰ আগৰতলা-আখৌৰা ICP আৰু সীপাহিজালা জিলাৰ শ্ৰীমন্তপুৰ ICP ।

লগতে পঢ়ক : চিন্ময় কৃষ্ণ প্ৰভুক আদালতত আইনী মেৰপাকৰ পৰা ৰক্ষা কৰাই দোষ হ’ল ৰমেন ৰয়ৰ : কলকাতা ইস্কনৰ মুখপাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.