মেষ ৰাশি: এলাহৰ বাবে কামৰ গতি লেহেমীয়া হ’ব ৷ পেটৰ অস্বস্তিয়ে আমনি কৰিব ৷ শত্ৰুৱে কামত বাধা দিবলৈ চেষ্টা কৰিব ৷ কোনো কৰ্মত নিয়োজিত লোকসকলে বিষয়াসকলৰ পৰা কিছু দূৰত্ব বজাই ৰখাটো ভাল ৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ বাবে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ৷ ব্যৱসায়টো সম্প্ৰসাৰণৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ ফললৈ অপেক্ষা কৰিব লাগিব ৷
বৃষ ৰাশি: মনটো বহু ধৰণৰ সমস্যাই আগুৰি ধৰিব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব, বিশেষকৈ চকুৰ যত্ন লওক ৷ এই সময়চোৱাত আপুনি বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক ৷ ঘৰতে পৰিয়ালৰ সদস্য আৰু আপোনজনৰ পৰা বিৰোধিতাৰ পৰিৱেশ সৃষ্টি হ’ব ৷ মৌন হৈ বিবাদৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত ৷ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব ৷ লাহে লাহে বাহন চলাওক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷
মিথুন ৰাশি:দিনটো সকলো দিশৰ পৰা শুভ ৷ অবিবাহিত লোকে উপযুক্ত জীৱন সংগী বিচাৰি পাব পাৰে ৷ টকা উপাৰ্জনৰ বাবে শুভ দিন ৷ বন্ধু-বান্ধৱীৰ সৈতে সুখদায়ক সাক্ষাৎ হ’ব ৷ পত্নী আৰু পুত্ৰৰ পৰা লাভৱান হ’ব ৷ ল’ৰা-ছোৱালীৰ পৰা ভাল খবৰ পাব ৷ কিছু নতুন কাম বা প্ৰজেক্ট আৰম্ভ কৰিব পাৰে ৷ আয় বাঢ়িব ৷ যদি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে গৱেষণা কৰক আৰু আগবাঢ়ি যাওক ৷ বিবাহিত জীৱন সুখৰ হ'ব ৷
কৰ্কট ৰাশি: সকলো কাম কোনো বাধা নোহোৱাকৈ সহজে সম্পূৰ্ণ হ’ব ৷ কামত সামঞ্জস্যতা থাকিব ৷ চাকৰিৰ উচ্চ পদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ’ব ৷ কিছু নতুন কামো পাব পাৰে ৷ ব্যৱসায়তো লাভ পাব ৷ মুকলি মনেৰে পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা আলোচনা কৰিব ৷ ঘৰ সজ্জাৰ প্ৰতি গুৰুত্ব দিব ৷ চাকৰি বা ব্যৱসায়ৰ বাবে ক’ৰবাত ওলাই যোৱাৰ সম্ভাৱনা আছে ৷ মাতৃৰ লগত সম্পৰ্ক ভাল হ’ব ৷ চৰকাৰী কামত সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভাল হ’ব ৷ যোগ আৰু ধ্যান জীৱনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক ৷
সিংহ ৰাশি:মিঠা আৰু টেঙা অভিজ্ঞতা মিহলি হৈ থকা এটা দিন ৷ সময়মতে নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ আচৰণ নিৰপেক্ষ হৈ থাকিব ৷ আজি আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব ৷ ধৰ্মীয় আৰু শুভ কামত অংশগ্ৰহণৰ সুযোগ পাব ৷ বহিঃৰাজ্যৰ পৰা অহা বন্ধু বা আত্মীয়ৰ পৰা ভাল খবৰ পাব ৷ কোনোবা মন্দিৰ বা পবিত্ৰ স্থানলৈ যোৱাৰ সম্ভাৱনা থাকিব ৷ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
কন্যা ৰাশি: মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয় ৷ খঙৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ যোগাযোগ বাধাগ্ৰস্ত হৈ থাকিব ৷ বৈবাহিক জীৱনত ঘনিষ্ঠতা থাকিব ৷ কাৰোবাৰ লগত বিসংগতি হ’ব পাৰে ৷ বিৰোধীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সজাগ হওক ৷ নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয় ৷ খৰচ বাঢ়িব পাৰে ৷ আধ্যাত্মিক বিষয়ত অধিক আগ্ৰহী হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত ধৈৰ্যৰে কথা পাতক ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ’ব ৷