মেঘৰাশি :আজি হয়তো আপোনাৰ খোজ কাঢ়িবলৈ মন নাযাব ৷ এলাহভাৱ আৰু মনৰ ভিতৰত চলি থকা বেবেৰিবাং চিন্তাই আপোনাক দুৰ্বল কৰি তুলিব ৷ কষ্ট অনুসাৰে ফল নাপালেও মন বেয়া নকৰিব ৷ ব্যস্ততাৰ বাবে সন্তান আৰু পৰিয়ালৰ লগত সময় কটাব নোৱাৰিব আপুনি ৷ আপোনাৰ সন্তানৰ ভৱিষ্যতে আপোনাক চিন্তাত পেলাব ৷ চৰকাৰী কামত সফলতা লাভৰ যোগ ৷
বৃষৰাশি : সঠিক লক্ষ্য আৰু আত্মবিশ্বাসৰ বলত আপুনি আপোনাৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ লাভৰ পৰিমাণ বৃদ্ধি হোৱাৰ যোগ ৷ পিতৃৰ ফালৰ পৰা লাভাম্বিত হোৱাৰ সম্ভাৱনা ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মন দি সফলতা লাভ কৰিব পাৰিব ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি পাব ৷ আজিৰ দিনটো সম্পূৰ্ণৰূপে এটা দায়িত্ববোধৰ দিন ৷ দিনটো যোগাত্মক দৃষ্টিভংগীৰে পাৰ হ’ব ৷
মিথুনৰাশি :আজিৰ দিনটো আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা লাভ ৷ বন্ধু আৰু প্ৰতিবেশীৰ সৈতে হোৱা ভুল বুজাবুজি আঁতৰ কৰক ৷ খৰচ আৰু শৰীৰৰ ওপৰত চকু ৰাখক ৷
ককৰ্ট ৰাশি : আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে আজি অলপ জিৰণি লওক ৷ অসন্তুষ্টি ভাব আৰু অমনোযোগিতাই আপোনাক অশান্তি দিব ৷ সাৱধানে থাকক ৷ মনৰ অশান্তিৰ ফলত পৰিয়ালৰ সদস্যৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে বিচৰা ফল পাবলৈ কষ্ট কৰিব লাগিব ৷
সিংহৰাশি : সংগীৰ সৈতে দিনটো ভালদৰে পাৰ হ’ব যদিহে আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ৷ আপোনাৰ আত্মবিশ্বাস আৰু স্পষ্টবাদীতাই আপোনাক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব ৷ সমাজত সন্মান বাঢ়িব ৷ পিতৃৰ পৰা লাভবান হোৱাৰ যোগ ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ শৰীৰৰ যত্ন লওক ৷
কন্যাৰাশি : অহংকাৰৰ বাবে আপোনাৰ ঘনিষ্ঠজনৰ লগত মতানৈক্য হ’ব পাৰে ৷ দিনটো নানান চিন্তাৰে ভৰি থাকিব ৷ আপোনাৰ বন্ধুত্বপূৰ্ণ সম্বন্ধৰ ওপৰত মন দিব ৷ শৰীৰৰ ওপৰত প্ৰভাব পেলাব পৰা যিকোনো কাম কৰাৰ পৰা বিৰত থাকক ৷ ধৰ্মীয় কামত খৰচ কৰিব লগা হ’ব পাৰে ৷ ধ্যান কৰি মনত শান্তি পাব ৷ শৰীৰৰ যত্ন লওক আৰু চিন্তামুক্ত হোৱা কাম কৰক ৷