মেষ ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, সেইবাবে আপুনি আজি বৰ উৎসাহ-উদ্দীপনাৰে সৈতে নিজৰ কামবোৰ শেষ কৰিব ৷ ধনৰ ক্ষেত্ৰত আজি শুভ ৷ আজি আপুনি নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে দিন কটাব ৷ মাতৃৰ পৰা কোনো লাভ পোৱাৰ সম্ভাৱনা আছে ৷ আজি আপোনাৰ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷
বৃষ ৰাশি:আজি আপোনাৰ মূলমন্ত্ৰ হওক সাৱধানতা ৷ সকলো প্ৰকাৰৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব ৷ আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ আজি যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ ভবাতকৈ অধিক ব্যয় হ’ব পাৰে৷ আপুনি সফল হ’ব বিচাৰিলে আপোনাক কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আপোনাৰ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷
মিথুন ৰাশি:প্ৰচুৰ লাভৰ যোগ ৷ বিবাহ কৰাৰ কথা ভাবি আছে যিসকলে তেওঁলোকে আদৰ্শ জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব ৷ তেওঁলোকৰ পৰা আপুনি উপকৃতও হ’ব পাৰে ৷ তদুপৰি আপুনি নিজৰ ভাই-ভনী, পত্নী আৰু পুত্ৰৰ পৰাও উপকৃত হ’ব ৷ বন্ধুৰ বাবে কিবা কাম কৰিব পাৰে ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে৷ নিজৰ বৃত্তিৰ জগতত লাভৱান হ’ব ৷ মহিলাসকলৰ মাজত থকাৰ বিলাসীতাই দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷
কৰ্কট ৰাশি:আজিৰ দিনটো আপোনাৰ মনৰ বাবে অনুকূল ৷ আজি আপুনি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত আনন্দ পাব ৷ আপোনাৰ পদোন্নতিৰ যোগ আছে ৷ আপুনি আজি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব পাৰে ৷ খোলা মনেৰে আপুনি হয়তো আজি নিজৰ পৰিয়ালৰ লোকৰ সৈতেও আলাপ-আলোচনা কৰিব পাৰে ৷ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে আজি ৷ আজি গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷
সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আগতে আপুনি যি লক্ষ্যস্থিৰ কৰি থৈছে, সেয়া আজি পূৰণ হ’ব পাৰে ৷ আজি আপোনাৰ মনোভাৱ বাস্তৱবোধ সম্পন্ন হ’ব পাৰে ৷ ধৰ্মীয় কাৰ্যকলাপে আপোনাক ব্যস্ত ৰাখিব পাৰে ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ বিদেশত বসবাস কৰা আত্মীয়-স্বজনৰ খা-খবৰ পাব পাৰে ৷ আপুনি খুব সম্ভৱ মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত আপুনি ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷
কন্যা ৰাশি:আজি নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগিব আপুনি ৷ জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱা-লোৱা বিশেষকৈ এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক কিয়নো আজি আপোনাৰ মূৰ হঠাতে গৰম হৈ যাব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো ডাঙৰ কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বে-আইনী বা চৰকাৰ-বিৰোধী কাম-কাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদৰ পৰা আঁতৰি থাকক৷